ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 11, 2022, 12:59 PM IST

top-10-at-1-pm
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

Great Economic Depression: বিশ্বব্যাপী মন্দাৱস্থাৰ লগত মোকাবিলা কৰিবলৈ আৰ্থিকভাৱে সাজু হওক

বিশ্বব্যাপী মন্দাৱস্থা পৰিলে ইয়াৰ প্ৰভাৱ সকলো দেশ, কোম্পানী আৰু ব্যক্তিৰ ওপৰত পৰাৰ সম্ভাৱনা আছে(Financial crisis in world ) । ইয়াৰ ফলত হ’বলগীয়া অৰ্থনৈতিক মন্দাৱস্থাৰ ফলত বেছিভাগ দেশতে বহুলোকে চাকৰি হেৰুৱাবও পাৰে(Global recession) ৷ ভাৰতো এই আসন্ন সংকটৰ পৰা মুক্ত নহয় । অপ্ৰত্যাশিত নিবনুৱা সমস্যাৰ লগত মোকাবিলা কৰিবলৈ তথা আৰ্থিকভাৱে সাজু হ'বলৈ আমি কি কৰা উচিত ?

Ashirbad Hazarika arrested: গ্ৰেপ্তাৰ হ’ল দৰঙৰ পলাতক অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকা

ঢেকীয়াজুলিৰ বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ লগত জড়িত থকা দৰঙৰ পলাতক আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ৰ পাছত বৃহস্পতিবাৰে আত্মসমৰ্পণ কৰে পলাতক অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাই(Dhula Rape and Murder Case) ৷ আজি দুয়োকে হাজিৰ কৰা হ’ব গুৱাহাটীৰ বিশেষ ন্যায়িক আদালতত ।

Assam Bangladesh Border seal: অসম-বাংলাদেশৰ সীমান্ত ছীল কৰাৰ নামত পুনৰ চৰকাৰৰ ললিপপ

অসমৰ ৰাজনীতিৰ যোৱা কেইবাটাও দশকৰ ইছ্যু হৈ আছে অসম-বাংলাদেশৰ সীমান্ত ছীল কৰাৰ বিষয়টো (Assam Bangladesh Border seal)৷ কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰৰ 8 বছৰ উকলি যোৱাৰ পিছতো সীমান্ত ছীল কৰাৰ বাবে ন্যূনতম পদক্ষেপো গ্ৰহণ নকৰিলে কেন্দ্ৰীয় চৰকাৰে (Central govt neglect on Assam Bangladesh Border) ৷

Robin Banikya passes away: প্ৰাক্তন বিধায়ক ৰবীন বণিক্যৰ দেহাৱসান

অগপৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক ৰবীন বণিক্যই শুকুৰবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে (Former MLA Robin Banikya passes away) ৷

Winter diseases and precautions: শীতকালৰ ৰোগ তথা ল’বলগীয়া সতৰ্কতাসমূহৰ বিষয়ে জানো আহক

শীতকালৰ আগমনৰ লগে লগে বিভিন্ন ৰোগে আমাক আমনি কৰে ৷ আজি আমি জাৰকালি দেখা যোৱা সাধাৰণ ৰোগসমূহ, ইয়াৰ প্ৰতিকাৰ আৰু ল’বলগীয়া কিছু সাৱধানতাৰ বিষয়ে চৰ্চা কৰিম ৷ অধিক জানিবলৈ সম্পূৰ্ণকৈ পঢ়ক এই প্ৰতিবেদন...

Indian breed dogs in CAPF: ভাৰতীয় অৰ্ধসামৰিক বাহিনীত অন্তৰ্ভুক্ত হ’ব দেশীয় প্ৰজাতিৰ কুকুৰ !

দেশৰ অৰ্ধসামৰিক বাহিনীৰ কে-৯ দলত অন্তৰ্ভুক্তিৰ বাবে ভাৰতীয় প্ৰজাতিৰ কুকুৰৰ বৰ্তমান প্ৰশিক্ষণ অব্যাহত আছে(Trial of Indian dog breeds) ৷ কেন্দ্ৰীয় বাহিনীৰ বিভিন্ন শাখাত ঘৰুৱা 'মুধোল হাউণ্ড' আৰু 'কোম্বাই'ৰ দৰে প্ৰজাতিৰ কুকুৰৰ অন্তৰ্ভূক্তিৰ সম্ভাৱনা ৷

Nitin Gadkari meet Governor: ৰাজ্যপালক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ৰাজভৱনত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক সাক্ষাৎ কৰে (Nitin Gadkari meeting Jagdish Mukhi) ৷ সাক্ষাৎকালত সমগ্ৰ ৰাজ্যতে গ্ৰহণ কৰা প্ৰকল্পৰ আন্তঃগাঁথনিৰ বিষয়ে আলোচনা কৰে । মন্ত্ৰীগৰাকীয়ে ৰাজ্যপালক পৰিবহণ আৰু বিকাশৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ নিহিত শক্তি ব্যৱহাৰ কৰাৰ লগতে বাণিজ্যিক কাৰ্যকলাপ আৰু শক্তি উৎপাদনৰ বাবে ব্যৱহাৰ কৰাৰ বাবে তেওঁৰ অধীনস্থ বিভাগৰ কৰ্ম আৰু সম্ভাৱনাৰ বিষয়ে অৱগত কৰে ।

Asian Boxing Championships 2022: শিৱ থাপা আৰু লাভলীনাৰ জয় যাত্ৰা অব্যাহত

৬ বাৰৰ এছিয়ান মেডেলিষ্ট অসমৰ শিৱ থাপা আৰু অলিম্পিক বিজয়ী লাভলীনা বৰগোঁহাই ফাইনেলত প্ৰৱেশ কৰিছে (Shiva and Lovlina in Asian Boxing Championship)। শুকুৰবাৰে মহিলা শাখাৰ ফাইনেল আৰু শনিবাৰে পুৰুষ শাখাৰ ফাইনেল অনুষ্ঠিত হ'ব । লাভলীনাসহ ৫ গৰাকী ভাৰতীয় মহিলা বক্সাৰ ফাইনেলত অৱতীৰ্ণ হ'ব ।

Indian origin Sikh woman in California Assembly: কেলিফৰ্ণিয়া বিধানসভালৈ নিৰ্বাচিত প্ৰথমগৰাকী ভাৰতীয়

জছমিত কৌৰ বেইন্স হৈছে প্ৰথমগৰাকী ভাৰতীয়মূলৰ ব্যক্তি যিয়ে কেলিফৰ্ণিয়া বিধানসভালৈ নিৰ্বাচিত হ'বলৈ সক্ষম হৈছে (First Indian origin Sikh in California Assembly)। বেইন্সৰ পিতৃ-মাতৃ ভাৰতৰ পৰা প্ৰব্ৰজন কৰি গৈ কেলিফৰ্ণিয়াত ব্যৱসায় আৰম্ভ কৰিছিল । বেইন্স এগৰাকী চিকিৎসক ।

কাৰ বাবে ছানিয়া মিৰ্জাৰ পৰা মন আঁতৰি আহিছে ছোৱেইব মালিক ?

ছানিয়া মিৰ্জা আৰু ছোৱেইব মালিকৰ বিবাহ বিচ্ছেদৰ খবৰৰ মাজতে এই গৰাকী মডেলৰ সৈতে প্ৰকাশ পোৱা ছোৱেইবৰ এই ৰোমান্টিক ফটো সমূহে সামাজিক মাধ্য়ম উত্তপ্ত কৰি তুলিছে । জানো আহক মডেল গৰাকীৰ বিষয়ে-

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.