ETV Bharat / state

Assam Bangladesh Border seal: অসম-বাংলাদেশৰ সীমান্ত ছীল কৰাৰ নামত পুনৰ চৰকাৰৰ ললিপপ

author img

By

Published : Nov 11, 2022, 11:09 AM IST

অসমৰ ৰাজনীতিৰ যোৱা কেইবাটাও দশকৰ ইছ্যু হৈ আছে অসম-বাংলাদেশৰ সীমান্ত ছীল কৰাৰ বিষয়টো (Assam Bangladesh Border seal)৷ কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰৰ 8 বছৰ উকলি যোৱাৰ পিছতো সীমান্ত ছীল কৰাৰ বাবে ন্যূনতম পদক্ষেপো গ্ৰহণ নকৰিলে কেন্দ্ৰীয় চৰকাৰে (Central govt neglect on Assam Bangladesh Border) ৷

In the name of sealing the Assam Bangladesh border governments lollipop again
অসম-বাংলাদেশৰ সীমান্ত ছীল কৰাৰ নামত পুনৰ চৰকাৰৰ ললিপপ

নিউজ ডেস্ক, 11 নৱেম্বৰ: চৰকাৰ সলনি হৈয়েই আছে কিন্তু আজিকোপতি সমাধান নহ’ল অসম-বাংলাদেশ সীমান্তৰ সীমা সমস্যা ৷ অসমৰ ৰাজনীতিৰ যোৱা কেইবাটাও দশকৰ ইছ্যু অসম-বাংলাদেশৰ সীমান্ত ছীল কৰা বিষয়টো (Assam Bangladesh Border seal)৷ কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰৰ 8 বছৰ উকলি যোৱাৰ পিছতো সীমান্ত ছীল কৰাৰ বাবে ন্যূনতম পদক্ষেপো গ্ৰহণ নকৰিলে কেন্দ্ৰীয় চৰকাৰে (Central govt neglect on Assam Bangladesh Border) ৷ বিভিন্ন সময়ত এই বিষয়ক লৈ চৰ্চা চলি আহিছে যদিও এতিয়ালৈ সমাধান নহ’ল সীমান্ত ছীলৰ সমস্যা ৷ প্ৰাক্তন গৃহমন্ত্ৰী ৰাজনাথ সিঙে অসম-বাংলাদেশ সীমান্ত সুৰক্ষিত কৰি বাংলাদেশীৰ প্ৰব্ৰজন ৰোধ কৰাৰ বাবে সীমান্তৰ নিৰাপত্তা কটকটীয়া কৰাৰ লগত সেনা বাহিনীৰ হাতত অর্পণ কৰাৰ কথাও ঘোষণা কৰিছিল ৷

শেহতীয়াকৈ সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দাখিল কৰা তথ্য অনুসৰি অসমকে ধৰি উত্তৰ-পূবৰ কেবাখনো ৰাজ্যৰ সৈতে বাংলাদেশৰ সীমা সংলগ্ন হৈ আছে মুঠ 4,096 কিঃমিঃ ৷ ইয়াৰে কাইঁটীয়া তাঁৰ অবিহনে এতিয়াও উন্মুক্ত হৈ আছে 957 কিঃমিঃ সীমা ৷ ইয়াৰে অসম-বাংলাদেশ সীমান্তৰ দৈৰ্ঘ্য হ’ল মুঠ ২৬৩ কিলোমিটাৰ ৷ ইয়াৰ ভিতৰত এতিয়ালৈকে প্রায় ১৯০ কিলোমিটাৰ এলেকাতহে প্ৰকৃতাৰ্থত সম্পূৰ্ণৰূপে কাঁইটীয়া তাঁৰৰ বেৰা দিয়া হৈছে । উন্মুক্ত এলেকাৰ আধা অংশ নদী হোৱাৰ বাবেই সেই অংশত কাঁইটীয়া তাঁৰৰ বেৰ দিব পৰা হোৱা নাই ৷

উন্মুক্ত এলেকাসমূহৰ ভিতৰত ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ ছেক্টৰৰ ৮.৩৫৬ কিলোমিটাৰ এলেকাত ভৌগোলিক কাৰণত কাঁইটীয়া তাঁৰৰ বেৰা দিয়া সম্ভৱ নোহোৱাৰ বাবে উক্ত অঞ্চল উন্মুক্ত হৈয়ে আছে । আনহাতে কৰিমগঞ্জ জিলাৰো ৪.৩৫ কিলোমিটাৰ এলেকাত বাংলাদেশৰ বিৰোধিতাৰ বাবে আজিলৈকে কাঁইটীয়া তাঁৰৰ বেৰা দিয়া সম্ভৱ হৈ উঠা নাই । তদুপৰি নদী এলেকাত থকা ৬০.৫৬৪ কিল'মিটাৰ অঞ্চল এতিয়াও সম্পূৰ্ণৰূপে উন্মুক্ত হৈ আছে ।

উল্লেখ্য যে তথ্য অনুসৰি অসম-বাংলাদেশ সীমান্তত এতিয়ালৈ মুঠ 1078 টা বৰ্ডাৰ আউটপোষ্ট আছে ৷ যদিও শেহতীয়াকৈ সীমান্তৰ সুৰক্ষা কটকটীয়া কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে 2023 ৰ ভিতৰত আৰৰু 326 টা বৰ্ডাৰ আউটপোষ্ট বহুৱাব বুলি ঘোষণা কৰিছে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ২০১৮-১৯ বিত্তীয় বৰ্ষ আৰু ২০১৯-২০ বিত্তীয় বৰ্ষত অসমক সীমান্ত এলেকা উন্নয়নৰ বাবে মুঠ ১১২.৮০ কোটি প্ৰদান কৰা হৈছিল যদিও উক্ত ধনৰ ভিতৰত ব্যয় হ’ল মাত্র ৭৭.৪৫ কোটি টকাহে । ফলত শেহতীয়া দুটা বৰ্ষ ধন লাভৰ পৰা বঞ্চিত হৈ আছে অসম । ইফালে কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈ অসম বাংলাদেশ সীমান্তৰ 3750 কিঃমিঃ পথহে নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে ৷

বিভিন্ন সময়ত কেন্দ্ৰীয় চৰকাৰে নদী এলেকা সুৰক্ষাৰ বাবে উন্নত প্ৰযুক্তিৰ আধুনিক কেমেৰা স্থাপনকে ধৰি কেতবোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰিছিল যদিও প্ৰকৃতাৰ্থত আজিলৈকে নদী এলেকা সুৰক্ষিত হৈ নুঠিল । মন কৰিবলগীয়া কথা যে 2014 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ প্ৰধান এটা নির্বাচনী ইছ্যু আছিল অসম-বাংলাদেশ সীমান্ত ছীল কৰা । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Narendra Modi) নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহোতে 2019 চনৰ ভিতৰত অসম-বাংলাদেশ সীমান্ত সম্পূৰ্ণ ছীল কৰাৰ কথা ঘোষণা কৰিছিল ৷ কিন্তু আজিকোপতি সেয়া হৈ নুঠিল ৷

এইবাৰ পুনৰ অসমৰ লোকক আভুৱা ভাৰিবলৈ 2024 চনৰ মাৰ্চ মাহৰ ভিতৰত অসম-বাংলাদেশ সীমান্ত ছীল কৰাৰ সিদ্ধান্ত লৈছে ৷ কিন্তু এই ঘোষণাও যে প্ৰতিবাৰৰ দৰে অসমৰ লোকক ললিপপ দি মিছা আশ্বাস দিয়াৰ দৰে ব্যতিক্ৰম নহ'ব সেয়া নিশ্চিত ৷

লগতে পঢ়ক: Indian breed dogs in CAPF: ভাৰতীয় অৰ্ধসামৰিক বাহিনীত অন্তৰ্ভুক্ত হ’ব দেশীয় প্ৰজাতিৰ কুকুৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.