ETV Bharat / bharat

Indian breed dogs in CAPF: ভাৰতীয় অৰ্ধসামৰিক বাহিনীত অন্তৰ্ভুক্ত হ’ব দেশীয় প্ৰজাতিৰ কুকুৰ !

author img

By

Published : Nov 11, 2022, 9:58 AM IST

দেশৰ অৰ্ধসামৰিক বাহিনীৰ কে-৯ দলত অন্তৰ্ভুক্তিৰ বাবে ভাৰতীয় প্ৰজাতিৰ কুকুৰৰ বৰ্তমান প্ৰশিক্ষণ অব্যাহত আছে(Trial of Indian dog breeds) ৷ কেন্দ্ৰীয় বাহিনীৰ বিভিন্ন শাখাত ঘৰুৱা 'মুধোল হাউণ্ড' আৰু 'কোম্বাই'ৰ দৰে প্ৰজাতিৰ কুকুৰৰ অন্তৰ্ভূক্তিৰ সম্ভাৱনা ৷

Indian paramilitary forces all set to induct indigenous dog breeds amid their ranks
ভাৰতীয় অৰ্ধসামৰিক বাহিনীত অন্তৰ্ভুক্ত হ’ব দেশীয় প্ৰজাতিৰ কুকুৰ

নিউজ ডেস্ক, 11 নৱেম্বৰ: ভাৰতীয় অৰ্ধসামৰিক বাহিনীয়ে কে-৯ দলত অন্তৰ্ভুক্ত কৰিবলৈ সাজু হৈছে দেশীয় প্ৰজাতিৰ কুকুৰ(Indigenous dog breeds to be taken in paramilitary ) ৷ সশস্ত্ৰ সীমা বল (এছএছবি) আৰু ভাৰত তিব্বত সীমান্ত আৰক্ষীয়ে (আইটিবিপি) ইতিমধ্যে ঘৰুৱা 'মুধোল হাউণ্ড' প্ৰজাতিৰ প্ৰশিক্ষণ সম্পন্ন কৰিছে( Trial of Indian dog breeds) ৷ গৃহ মন্ত্ৰালয়ৰ সূত্ৰই ই টিভি ভাৰতক জানিবলৈ দিয়া অনুসৰি, ইতিমধ্যে আন কেইটামান ভাৰতীয় প্ৰজাতিৰ কুকুৰৰ প্ৰশিক্ষণ চলি আছে(Indian dog breeds in CRPF SSB K9 squad) ৷ বিএছএফে 'ৰামপুৰ হাউণ্ড' (উত্তৰ ভাৰতৰ স্থানীয়) আৰু চিআৰপিএফে 'কোম্বাই' (তামিলনাডুৰ স্থানীয়) কুকুৰৰ প্ৰশিক্ষণ অব্যাহত ৰাখিছে ।

Indian paramilitary forces all set to induct indigenous dog breeds amid their ranks
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়

গৃহ মন্ত্ৰালয়ে বিএছএফ, আইটিবিপি আৰু এছএছবিক একেলগে হিমালয় মাউণ্টেইন ডগ (যেনে হিমালয় চেফৰ্ড, গাড্ডি, বাখৰৱাল, তিব্বতীয় মাষ্টিফ)ৰ প্ৰশিক্ষণ দিয়াৰ বাবে নিৰ্দেশ দিছে । ভাৰতীয় অৰ্ধসামৰিক বাহিনীয়ে এতিয়ালৈকে জাৰ্মান শ্বেফৰ্ড, লেব্ৰেডৰ আৰু বেলজিয়াম মালিনোইছৰ দৰে বিদেশী কুকুৰৰ প্ৰজাতি ব্যৱহাৰ কৰি আছে ৷ গৃহ মন্ত্ৰালয়ৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মন্ত্ৰালয়ে বৰ্তমানলৈ বছৰত প্ৰায় 300 টা কুকুৰৰ পোৱালী অধিগ্ৰহণ কৰে ৷ প্ৰায় 4,000 কুকুৰৰ সৈতে, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF) হৈছে দেশৰ সৰ্ববৃহৎ কুকুৰ ব্যৱহাৰকাৰী নিৰাপত্তাৰক্ষী (Home Ministry Indian breeds being trained for CAPF) ।

এই কুকুৰবোৰক গাৰ্ড ডিউটি, টহলদাৰী, আইইডিসহ বিস্ফোৰক সামগ্ৰী বিচাৰি উলিওৱা, খনি চিনাক্তকৰণ আৰু ড্ৰাগছৰ দৰে নিষিদ্ধ সামগ্ৰী ধৰিবলৈ প্ৰশিক্ষণ দিয়া হয় । কুকুৰবোৰকো আক্ৰমণ কৰাৰ উদ্দেশ্যেও প্ৰশিক্ষণ দিয়া হয় । অৰ্ধসামৰিক বাহিনীৰ দ্বাৰা ব্যৱহৃত সকলো কুকুৰ 'পুলিচ কে9 চেল'ৰ সদস্য যিটো 2019 চনত আৰক্ষী আধুনিকীকৰণ ব্যৱস্থাৰ অধীনত সিদ্ধান্ত লোৱা হৈছিল ৷

লগতে পঢ়ক: President Draupadi Murmu visited Odisha: 2 কিলোমিটাৰ পদযাত্ৰাৰে পুৰীৰ জগন্নাথ দৰ্শন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.