ETV Bharat / state

Ashirbad Hazarika arrested: গ্ৰেপ্তাৰ হ’ল দৰঙৰ পলাতক অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকা

author img

By

Published : Nov 11, 2022, 10:54 AM IST

ঢেকীয়াজুলিৰ বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ লগত জড়িত থকা দৰঙৰ পলাতক আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ৰ পাছত বৃহস্পতিবাৰে আত্মসমৰ্পণ কৰে পলাতক অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাই(Dhula Rape and Murder Case) ৷ আজি দুয়োকে হাজিৰ কৰা হ’ব গুৱাহাটীৰ বিশেষ ন্যায়িক আদালতত ।

Dhula Rape and Murder Case
গ্ৰেপ্তাৰ হ’ল দৰঙৰ পলাতক অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকা

গুৱাহাটী, 11 নৱেম্বৰ: দৰঙৰ পলাতক অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাই অৱশেষত বৃহস্পতিবাৰে গুৱাহাটীৰ চি আই ডিৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে । দৰঙৰ ধূলাৰ ধৰ্ষণ-হত্যাকাণ্ড(Dhula Rape and Murder Case) প্ৰসংগত গ্ৰেপ্তাৰৰ ভয়ত পলাতক হৈ আছিল আশীৰ্বাদ হাজৰিকা । বুধবাৰে চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ বাবে চিআইডিয়ে আশীৰ্বাদ হাজৰিকাক তলব কৰিছিল(CID Summons Executive Magistrate Ashirbad Hazarika) । চিআইডিয়ে গ্ৰেপ্তাৰ কৰি আশীৰ্বাদ হাজৰিকাৰ লগতে ধৃত ৰাজমোহন ৰায়ক অজি গুৱাহাটীৰ বিশেষ ন্যায়িক আদালতত হাজিৰ কৰিব ।

উল্লেখ্য যে, দৰঙৰ পলাতক আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ে বৃহস্পতিবাৰে সন্ধিয়া চিআইডিৰ ওচৰত আত্মসমৰ্পণ কৰিছিল । আত্মসমৰ্পণৰ পিছতে চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছিল ৰাজমোহন ৰায়ক । দৰঙৰ ধূলাৰ ধৰ্ষণ-হত্যাকাণ্ড প্ৰসংগত গ্ৰেপ্তাৰ হোৱাৰ ভয়ত পলাতক হৈ আছিল ৰাজমোহন । যোৱা বুধবাৰে চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ বাবে চিআইডিয়ে ৰাজমোহন ৰায় আৰু আশীৰ্বাদ হাজৰিকাক তলব কৰিছিল । তেওঁলোকে ঘটনাস্থলীত উপস্থিত নোহোৱাকৈয়ে ঢেকীয়াজুলিৰ বনকৰা কিশোৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি প্ৰতিবেদনত উল্লেখ কৰিছিল ৷

ইতিমধ্যে অৰক্ষীয়ে অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাৰ মঙলদৈত থকা ভাড়াঘৰ যোৱা বুধবাৰে ছীল কৰিছে । দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাক বুধবাৰে দিনৰ ১১ বজাত চিআইডিৰ গুৱাহাটীৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ বাবে তেওঁৰ মঙলদৈ আৰু গুৱাহাটীৰ লংকেশ্বৰত থকা ঘৰলৈ জাননী দিয়া হৈছিল । কিন্তু আশীৰ্বাদ হাজৰিকাই জাননীৰ কোনো উত্তৰ নিদিয়াৰ বাবে চিআইডিয়ে অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাৰ মঙলদৈত থকা ভাৰাঘৰ ছীল কৰিছিল ।

উল্লেখ্য যে, ঢেকীয়াজুলিৰ বনকৰা কিশোৰীগৰাকীৰ মৃত্যুৰ ঘটনাক লৈ ইতিমধ্যে দৰঙৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে । লগতে এই ঘটনাৰ অভিযোগত ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰা আৰু তিনিগৰাকী চিকিৎসকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে আদালতত কেচ ডায়েৰী প্ৰদান কৰিবলৈ চিআইডিক নিৰ্দেশ দিছে ।

দৰঙৰ নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন ন্যায়িক জিম্মাত আছে । ৰূপম ফুকনে ডেৰ লাখ টকা উৎকোচ লৈ ঢেকীয়াজুলিৰ বনকৰা কিশোৰীৰ মৃত্যুৰ ঘটনাক বিপথে পৰিচালিত কৰাৰ চি আইডিয়ে অভিযোগ লাভ কৰিছিল । আনহাতে চিআইডিয়ে গ্ৰেপ্তাৰ কৰা ৩ চিকিৎসক ১৪ দিনৰ ন্যায়িক জিম্মাত আছে ।

লগতে পঢ়ক : Dhula teenager murder case: গ্ৰেপ্তাৰ হ’ল পলাতক এছ পি ৰাজমোহন ৰায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.