ETV Bharat / business

Great Economic Depression: বিশ্বব্যাপী মন্দাৱস্থাৰ লগত মোকাবিলা কৰিবলৈ আৰ্থিকভাৱে সাজু হওক

author img

By

Published : Nov 11, 2022, 12:01 PM IST

বিশ্বব্যাপী মন্দাৱস্থা পৰিলে ইয়াৰ প্ৰভাৱ সকলো দেশ, কোম্পানী আৰু ব্যক্তিৰ ওপৰত পৰাৰ সম্ভাৱনা আছে(Financial crisis in world ) । ইয়াৰ ফলত হ’বলগীয়া অৰ্থনৈতিক মন্দাৱস্থাৰ ফলত বেছিভাগ দেশতে বহুলোকে চাকৰি হেৰুৱাবও পাৰে(Global recession) ৷ ভাৰতো এই আসন্ন সংকটৰ পৰা মুক্ত নহয় । অপ্ৰত্যাশিত নিবনুৱা সমস্যাৰ লগত মোকাবিলা কৰিবলৈ তথা আৰ্থিকভাৱে সাজু হ'বলৈ আমি কি কৰা উচিত ?

Great Economic Depression
মন্দাৱস্থা, মুদ্ৰাস্ফীতি আৰু চাকৰি হেৰুওৱাৰ সময়ৰ লগত মোকাবিলা কৰিবলৈ আৰ্থিকভাৱে সাজু হওক

নিউজ ডেস্ক, 11 নৱেম্বৰ: ভাৰতে অৰ্থনৈতিক সংকটৰ লগত মোকাবিলা কৰিবলৈ সাজু হৈছে । তথাপিও, যেতিয়া বিশ্বজুৰি বিত্তীয় অস্থিৰতাৰ সৃষ্টি হয়, তেতিয়া আমাৰ দেশো ইয়াৰ সম্পূৰ্ণ প্ৰভাৱৰ পৰা পৰিত্ৰাণ পাব নোৱাৰে(India not exempt from impact of depression) । যোৱা কেইটামান ত্ৰিমাহত, মুদ্ৰাস্ফীতি যথেষ্ট বৃদ্ধি পাইছে । শ্বেয়াৰ বজাৰত উত্থান আৰু পতনো দেখা গৈছে । প্ৰতিবেদন অনুসৰি, বহুতে চাকৰি হেৰুৱাইছিল । যেতিয়া এজনে হঠাতে চাকৰি হেৰুৱায় তেতিয়া বিভ্ৰান্তিৰ সৃষ্টি হয় । উদ্বিগ্ন হোৱাটো স্বাভাৱিক । এনে এক অনিবাৰ্য দুৰ্দশাৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে, আমি সম্পূৰ্ণৰূপে পৰিকল্পনা কৰা উচিত আৰু ভৱিষ্যতৰ এনে পৰিস্থিতিৰ সন্মুখীন হ'বলৈ বহু আগতে সাজু হোৱা উচিত(Great Economic Depression ) ।

প্ৰথমতে, সকলোৱে তেওঁলোকৰ উপাৰ্জনৰ আৰম্ভণিৰ পৰাই সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়া আৰম্ভ কৰিব লাগে । আমাৰ ওচৰত তিনিৰ পৰা ছয় মাহৰ ব্যয় আৰু ইএমআই (সমান মাহিলী কিস্তি) পূৰণ কৰাৰ বাবে পৰ্যাপ্ত ধন থাকিব লাগিব । ইয়াৰ বাবে, আমাৰ দৰমহাৰ 25 শতাংশ ৰেকাৰিং জমা আঁচনিত ৰাখিব লাগে । ইয়াৰ দ্বাৰা, আমি 12 মাহত আমাৰ দৰমহাৰ তিনিগুণ ৰাহি কৰিব পাৰোঁ(How to overcome financial difficulties ) ।

যিকোনো আকস্মিক পুঁজিক স্থিৰ জমালৈ সলনি কৰিব লাগে কিন্তু সঞ্চয় একাউণ্টলৈ নহয়(Savings and contingency funds) । চাকৰিৰ পৰা বাহিৰ হোৱাৰ পিছত, প্ৰতি মাহে কিছু ধন উলিয়াই ইয়াক দৰমহা হিচাপে বিবেচনা কৰিব লাগে । ইয়াক কেৱল অত্যাৱশ্যকীয় সামগ্ৰী, ঘৰভাড়া আৰু ইএমআইৰ বাবে ব্যৱহাৰ কৰিব লাগে ।

মাহিলী উপাৰ্জন নাথাকিলে ঋণ ল'বলগীয়া হয় । যিমান দূৰ সম্ভৱ, তেওঁলোকে উপলব্ধ পুঁজিৰ ভিতৰত খৰচ কৰিব লাগে । যদি আপোনাৰ কাৰ্যালয়ত ছাটাই আৰম্ভ হৈছে তেনেহ’লে ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰা বন্ধ কৰাটোৱেই ভাল । অপ্ৰয়োজনীয় ব্যয়ৰ পৰা আঁতৰি থাকিব । চাকৰি হেৰুওৱাৰ পিছত, যিমানদূৰ সম্ভৱ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ নকৰাটোৱেই ভাল ৷ কাৰণ সময়মতে বিল পৰিশোধ কৰাত অসুবিধা হ'ব পাৰে । অনিয়মীয়া পৰিশোধে ঋণ লোৱাৰ ক্ষেত্ৰত প্ৰভাৱাম্বিত কৰিব ।

অৰ্থনৈতিক মন্দাৱস্থাৰ সময়ত ব্যয় সীমিত কৰিবলৈ বহু ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ প্ৰয়োজন । বাজেটত অপ্ৰয়োজনীয় ব্যয়ে কিমান প্ৰভাৱ পেলাইছে জানি লওক । ইয়াৰ বিকল্পও থাকিব । ব্যয়বহুল সামগ্ৰী ক্ৰয় তথা ব্যয়বহুল হোটেললৈ যোৱাৰ পৰা আঁতৰি থকাটো ভাল । আমি আমাৰ কিছুমান আকাংক্ষা ত্যাগ কৰিব লাগিব । এনে ধৰণৰ কাৰ্যই আমাক কিছু ধন ৰাহি কৰাত সহায় কৰিব ৷

কোম্পানীৰ বীমা আঁচনিৰ লগতে নিজে পৃথক স্বাস্থ্য আঁচনি লোৱাটো অতি গুৰুত্বপূৰ্ণ । যদি চাকৰি হেৰুৱায়, তেতিয়াহ’লে কোম্পানীৰ সুবিধাবোৰ লোৱাত বন্ধ হৈ যাব ৷ চাকৰি হেৰুওৱাৰ সময়ত যিকোনো ৰোগৰ ফলত গুৰুতৰ আৰ্থিক সমস্যাও হ'ব পাৰে । ফলত সকলো সঞ্চয় চিকিৎসা ব্যয়ত খৰছ হ’ব । চাকৰি হেৰুৱাৰ ফলত ভৱিষ্যত নিধি (পিএফ) আৰু ইকুইটি প্ৰত্যাহাৰ কৰা উচিত নহয় । প্ৰথমতে, আমি আমাৰ আকস্মিক পুঁজি ব্যৱহাৰ কৰা উচিত(Eenadu Siri story on financial crisis) ।

লগতে পঢ়ক : Jio and Airtel broadband plans: কম মূল্যতে পাওক High-speed ইন্টাৰনেটৰ সৈতে Unlimited data

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.