ETV Bharat / bharat

Indian origin Sikh woman in California Assembly: কেলিফৰ্ণিয়া বিধানসভালৈ নিৰ্বাচিত প্ৰথমগৰাকী ভাৰতীয়

author img

By

Published : Nov 11, 2022, 10:00 AM IST

জছমিত কৌৰ বেইন্স হৈছে প্ৰথমগৰাকী ভাৰতীয়মূলৰ ব্যক্তি যিয়ে কেলিফৰ্ণিয়া বিধানসভালৈ নিৰ্বাচিত হ'বলৈ সক্ষম হৈছে (First Indian origin Sikh in California Assembly)। বেইন্সৰ পিতৃ-মাতৃ ভাৰতৰ পৰা প্ৰব্ৰজন কৰি গৈ কেলিফৰ্ণিয়াত ব্যৱসায় আৰম্ভ কৰিছিল । বেইন্স এগৰাকী চিকিৎসক ।

California Assembly
কেলিফৰ্ণিয়া বিধানসভালৈ নিৰ্বাচিত প্ৰথমগৰাকী ভাৰতীয়

নেশ্যনেল ডেস্ক,১১ নৱেম্বৰ : ভাৰতীয়মূলৰ এগৰাকী মহিলা এইবাৰ নিৰ্বাচিত হৈছে কেলিফৰ্ণিয়া বিধানসভালৈ । বেকাৰচফিল্ডৰ চিকিৎসক জছমিত কৌৰ বেইন্সে কেলিফৰ্ণিয়া বিধানসভালৈ নিৰ্বাচিত হোৱা প্ৰথম ভাৰতীয়মূলৰ শিখ মহিলা হিচাপে ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে (First Indian origin Sikh in California Assembly)। কাৰ্ণ কাউণ্টিৰ ৩৫ সংখ্যক এচেম্বলী জিলাৰ নিৰ্বাচনত বেইন্সে তেওঁৰ প্ৰতিদ্বন্দী লেটিচিয়া পেৰেজৰ বিৰুদ্ধে প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই অগ্ৰগতি লাভ কৰে ।

বুধবাৰে প্ৰকাশ পোৱা কাৰ্ণ কাউণ্টি নিৰ্বাচনৰ ফলাফল অনুসৰি, বেইন্সে ১০,৮২৭ টা ভোট অৰ্থাৎ ৫৮.৯ শতাংশ ভোট লাভ কৰি নিৰ্বাচনৰ দৌৰত জয়ী হয় (Jasmeet Kaur Bains elected to California Assembly)। যিটো সময়ত তেওঁৰ প্ৰতিদ্বন্দী পেৰেজে ৭,৫৫৫ টা ভোট অৰ্থাৎ ৪১.১ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হয় ।

বেইন্স হৈছে বেকাৰচফিল্ড ৰিকভাৰী চাৰ্ভিচেছৰ এগৰাকী চিকিৎসা সঞ্চালক (Bains is a medical director at Bakersfield)। তেওঁ বিভিন্ন আসক্তিত থকা প্ৰাপ্তবয়স্কসকলৰ চিকিৎসা কৰে । নিৰ্বাচনী প্ৰচাৰ অভিযানত তেওঁ কৈছিল যে তেওঁ স্বাস্থ্যসেৱা, গৃহহীন লোক, পানীৰ সমস্যা আৰু বায়ু প্ৰদূষণ আদি বিষয়ক প্ৰাথমিকতা দিব । বেইন্সে ডাঙৰ দীঘল হোৱা উত্তৰ কাৰ্ণ কাউণ্টি চহৰ ডেলানোৰ টনিছ ফায়াৰহাউচ গ্ৰিল এণ্ড পিজ্জা নামৰ এখন ৰেষ্টুৰেণ্টত প্ৰায় ১০০ গৰাকী পৰিয়ালৰ সদস্য, বন্ধু আৰু সমৰ্থকৰ সৈতে নিৰ্বাচনৰ বিজয় উদযাপন কৰিছে ।

নিৰ্বাচনৰ ফলাফলৰ পাছতে ভাৰতীয়মূলৰ জছমিত কৌৰ বেইন্সে আনন্দ প্ৰকাশ কৰি কয় যে নিশাটো অতি উত্তেজনাপূৰ্ণ আছিল । এই ফলাফলক লৈ তেওঁ যথেষ্ট উৎসাহিত আৰু কাৰ্ণ কাউণ্টিত লাভ কৰা সমৰ্থনৰ বাবে আনন্দিত । তেওঁ লগতে কয় যে তেওঁ এগৰাকী চিকিৎসক, বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সিদ্ধান্ত তেওঁৰ বাবে সহজ নাছিল ।

৩৫ সংখ্যক বিধানসভা জিলাখন আৰ্ভিনৰ পৰা ডেলানোলৈকে বিস্তৃত আৰু ইয়াত ইষ্ট বেকাৰচফিল্ডৰ বেছিভাগ অংশ অন্তৰ্ভুক্ত আছে । বেইন্সৰ পিতৃ-মাতৃ ভাৰতৰ পৰা প্ৰব্ৰজন কৰি কেলিফৰ্ণিয়ালৈ গৈছিল । তাত প্ৰথমে তেওঁৰ পিতৃয়ে অটো মেকানিক হিচাপে কাম আৰম্ভ কৰি অৱশেষত গাড়ীৰ ডিলাৰশ্বিপৰ গৰাকী হৈছিল । কলেজীয়া শিক্ষা শেষ কৰি জছমিত কৌৰে চিকিৎসা ক্ষেত্ৰলৈ যোৱাৰ পূৰ্বে পিতৃৰ সৈতে কাম কৰিছিল ।

মহামাৰীৰ সময়ত বেইন্সে ক'ভিড ৰোগীৰ চিকিৎসাৰ বাবে ফিল্ড হাস্পতাল চাইট স্থাপন কৰিছিল । মানসিক স্বাস্থ্য আৰু আসক্তি চিকিৎসা কাৰ্যসূচীৰো নেতৃত্ব দি আহিছে বেইন্সে । তেওঁক কেলিফৰ্ণিয়া একাডেমী অফ ফেমিলি ফিজিচিয়ানৰ দ্বাৰা ২০১৯ চনৰ হিৰো অফ ফেমিলি মেডিচিন আৰু গ্ৰেটাৰ বেকাৰচফিল্ড চেম্বাৰ অফ কমাৰ্চৰ তৰফৰ পৰা ২০২১ চনৰ বিউটিফুল বেকাৰচফিল্ড বঁটা প্ৰদান কৰা হৈছিল ।

লগতে পঢ়ক :Aruna Miller: আমেৰিকাৰ মেৰিলেণ্ডৰ প্ৰথম ভাৰতীয় মূলৰ লেফটেনেণ্ট গৱৰ্ণৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.