ETV Bharat / state

3 বজাৰ সংবাদ শীৰ্ষ

author img

By

Published : Jan 1, 2022, 3:03 PM IST

3 বজাৰ সংবাদ শীৰ্ষ
3 বজাৰ সংবাদ শীৰ্ষ

3 বজাৰ সংবাদ শীৰ্ষ

Fireworks factory Blast : শিৱকাশীৰ আতজবাজী কাৰখানাৰ বিস্ফোৰণত ৩ শ্ৰমিক নিহত

তামিলনাডুৰ শিৱকাশীৰ আতচবাজী কাৰখানাত ভয়ংকৰ বিস্ফোৰণ (Explosion at Vadivel Fireworks factory in Sivkasi)। বিস্ফোৰণত নিহত তিনিগৰাকী শ্ৰমিক । ঘটনা সন্দৰ্ভত পুডুপট্টি আৰক্ষী থানাত গোচৰ ৰুজু ।

Operation against traffic rules violation : নিশা গুৱাহাটীৰ ৰাজপথত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

নৱবৰ্ষৰ প্ৰাকক্ষণত ৰাজ্যৰ মুখ্য়মন্ত্ৰীক দেখা গ'ল অন্য এটা নতুন ৰূপত ৷ কেৱল কথাৰে নহয়, কামেৰেও এগৰাকী দায়িত্বশীল মুখ্যমন্ত্ৰীৰ পৰিচয় দিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ শুকুৰবাৰে নিশা মহানগৰীৰ বিভিন্ন ঠাইত যান-বাহন নিয়ম ভংগকাৰীৰ বিৰুদ্ধে অভিযান চলোৱা দেখা গ’ল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক (Himanta Biswa Sarma take action of drive against Drunken Driving Driving) ৷

Hill slipped in Bhiwani : ভিৱানীত পাহাৰ খহি এজনৰ মৃত্যু, আৱদ্ধ ১০ গৰাকী

নৱবৰ্ষৰ প্ৰথম দিনটোত সংঘটিত হৈছে এটাৰ পাচত আনটো শোকাৱহ ঘটনা । বৈষ্ণো দেৱী মন্দিৰৰ শোকাৱহ ঘটনাৰ পাচত এইবাৰ হাৰিয়ানাৰ ভিৱানীত সংঘটিত হ'ল আন এক অঘটন । ভিৱানীৰ খননস্থলীত হঠাতে খহি পৰিল পাহাৰ । ধ্বসংস্তুপৰ মাজত প্ৰায় ১০ জন লোক আৱদ্ধ হৈ আছে (Accident occurred due to hill slipping in Bhiwani) ।

COVID-19 : ভাৰতত অ'মিক্ৰণত আক্ৰান্তৰ সংখ্যা ১,৪৩১ লৈ বৃদ্ধি

ভাৰতত ক'ভিড 19 ৰ সংক্ৰমণ অব্যাহত আছে । নতুনকৈ আক্ৰান্ত হৈছে ২২,৭৭৫ গৰাকী লোক (India reported 22,775 new COVID-19 cases) । মহাৰাষ্ট্ৰত সৰ্বাধিক ৪৫৪ গৰাকী লোক অ'মিক্ৰণত আক্ৰান্ত হৈছে । দেশত বৰ্তমান আৰোগ্যৰ হাৰ ৯৮.৩২ শতাংশ ।

SI Sanjib Kumar Died : বাটলা হাউচ এনকাউণ্টাৰৰ চৰ্চিত আৰক্ষী জোৱান সঞ্জীৱ কুমাৰ লোচনৰ মৃত্যু

দিল্লী আৰক্ষীৰ সাহসী জোৱান তথা বাটলা হাউচ এনকাউণ্টাৰত জড়িত থকা উপ-পৰিদৰ্শক সঞ্জীৱ কুমাৰ লোচনৰ মৃত্যু (Delhi police SI Sanjib Kumar Lochan dies) । দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈ আছিল আৰক্ষী জোৱানগৰাকী । ৩০ ডিচেম্বৰত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় আৰক্ষী জোৱানগৰাকীৰ ।

গুৱাহাটীত চিটীবাছৰ নতুন ভাড়া নিৰ্দ্ধাৰণ হ'ব

পুনৰ মহানগৰীত ভাড়া বৃদ্ধি ( City bus fares increased in Guwahati) ৷ শীঘ্ৰে চিটীবাছৰ নতুনকৈ ভাৰসাম্য ভাড়া নিৰিখ নিৰ্ধাৰণ কৰা হ'ব আৰু চিটীবাছৰ ভাড়ালৈ ক্ষেত্ৰত এক ভাৰসাম্য অনাৰ ক্ষেত্ৰত চেষ্টা কৰা হ'ব (Revised fare for city bus in Guwahati mooted) । মহানগৰৰ উপায়ুক্তৰ ঘোষণা ৷

Nagaon Police against drink and drive : নগাঁৱত সুৰাসক্ত চালকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

নৱবৰ্ষৰ প্ৰাকক্ষণত ৰাজ্যৰ ভিন্ন প্ৰান্তত সক্ৰিয় ৰূপত দেখা গৈছে জিলা প্ৰশাসন তথা আৰক্ষীক ৷ যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে পৰিবহণ বিভাগৰ লগতে আৰক্ষী (Assam police become strict against law breakers) ৷ বাদ পৰি ৰোৱা নাই নগাঁও আৰক্ষী ৷

Tong Il Moo do Martial Arts Competition : স্বৰ্ণ-ব্ৰঞ্জ কঢ়িয়ালে বৰপেটাৰ তিনি খেলুৱৈয়ে

বিগত 24, 25 আৰু 26 ডিচেম্বৰত তেলেংগানাৰ হায়দৰাবাদত তেলেংগানা টং-ইল-মুডো সন্থা (Tong-Il-Moo-do Martial Arts federation of hyderabad) ৰ উদ্যোগত আৰু ভাৰতীয় টং-ইল-মুডো সন্থাৰ অধীনত অনুষ্ঠিত হৈছিল সপ্তম ৰাষ্ট্ৰীয় মাৰ্চিয়েল আৰ্টছ প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল অসমৰ প্ৰায় 52 জনীয়া এটা দলে ৷ এ

Man Elephant Conflict : গোলাঘাটত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant-Man conflict in assam) ৷ বন্যহস্তীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী পাৰ কৰিছে সাধাৰণ ৰাইজে ৷ শনিবাৰে গোলাঘাট জিলাৰ নুমলীগড়ৰ পাঁচ নং ৰংবঙত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ'ল এজন ব্যক্তিৰ (One person killed by wild elephant attack) ৷

আজি প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব "Pradhan Mantri Kisan Samman Nidhi" ৰ দশম কিস্তি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে "প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি" ৰ দশম কিস্তি মুকলি কৰিব (PM to release instalment of PM-KISAN scheme) । দেশৰ ১০ কোটিতকৈও অধিক হিতাধিকাৰী কৃষক পৰিয়ালৰ একাউণ্টলৈ ২০,০০০ কোটি টকাতকৈও অধিক ধনৰাশি স্থানান্তৰ কৰা হ'ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.