ETV Bharat / bharat

COVID-19 : ভাৰতত অ'মিক্ৰণত আক্ৰান্তৰ সংখ্যা ১,৪৩১ লৈ বৃদ্ধি

author img

By

Published : Jan 1, 2022, 12:48 PM IST

ভাৰতত ক'ভিড 19 ৰ সংক্ৰমণ অব্যাহত আছে । নতুনকৈ আক্ৰান্ত হৈছে ২২,৭৭৫ গৰাকী লোক (India reported 22,775 new COVID-19 cases) । মহাৰাষ্ট্ৰত সৰ্বাধিক ৪৫৪ গৰাকী লোক অ'মিক্ৰণত আক্ৰান্ত হৈছে । দেশত বৰ্তমান আৰোগ্যৰ হাৰ ৯৮.৩২ শতাংশ ।

COVID19
ভাৰতত অ'মিক্ৰণত আক্ৰান্তৰ সংখ্যা ১৪৩১ লৈ বৃদ্ধি

নেশ্যনেল ডেস্ক, ১ জানুৱাৰী : ভাৰতত ক'ভিডৰ সংক্ৰমণ অব্যাহত আছে । অ'মিক্ৰণেও ভয়ংকৰ ৰূপ লৈছে দেশত । স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ২২,৭৭৫ গৰাকী লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে (India reported 22,775 new COVID-19 cases)। ইফালে এটা দিনত দেশত ৪০৬ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ।

স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ২৩ খন ৰাজ্যত ইতিমধ্যে অ'মিক্ৰণৰ ঘটনা পোহৰলৈ আহিছে । দেশত অ'মিক্ৰণৰ ঘটনা ১,৪৩১ গৰাকীলৈ বৃদ্ধি হৈছে (Omicron infections increases to 1,431 in India)। ৰাজ্যসমূহৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ৪৫৪ গৰাকী লোক অ'মিক্ৰণত আক্ৰান্ত হৈছে । ইয়াৰ পাছতে দিল্লীত এতিয়ালৈ ৩৫১ গৰাকী লোকৰ দেহত অ'মিক্ৰণৰ অৱস্থিতি ধৰা পৰিছে ।

দেশত যোৱা ২৪ ঘণ্টাত ৮,৯৪৯ গৰাকী লোকে আৰোগ্য লাভ কৰিছে ইয়াৰ লগে লগে ভাৰতৰ মুঠ আৰোগ্যৰ সংখ্যা হৈছে ৩,৪২,৭৫,৩১২ টা । দেশত বৰ্তমান আৰোগ্যৰ হাৰ ৯৮.৩২ শতাংশ । দেশত এতিয়াও ১,০৪,৭৮১ টা ক'ভিড 19 ৰ সক্ৰিয় ঘটনা আছে ।

ক'ভিডৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে দেশজুৰি প্ৰতিষেধক প্ৰদান অভিযানো অব্যাহত ৰাখিছে চৰকাৰে । যোৱা ২৪ ঘণ্টাত ৫৮,১১,৪৮৭ টা ক'ভিড প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে । ইয়াৰ লগে লগে ভাৰতৰ ক'ভিড-১৯ টীকাকৰণে অস্থায়ী প্ৰতিবেদন অনুসৰি ১৪৫.১৬ কোটি (১,৪৫,১৬,২৪,১৫০) অতিক্ৰম কৰিছে ।

স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে সমগ্ৰ দেশতে ক'ভিড পৰীক্ষাৰ ক্ষমতাও বৃদ্ধি কৰা হৈছে । যোৱা ২৪ ঘণ্টাত মুঠ ১১,১০,৮৫৫ টা নমুনা পৰীক্ষা কৰা হৈছে । ভাৰতত এতিয়ালৈকে ৬৭.৮৯ কোটিতকৈও অধিক নমুনা পৰীক্ষা কৰা হৈছে । দেশত সাপ্তাহিক আক্ৰান্তৰ হাৰ বৰ্তমান ১.১০ শতাংশ আৰু দৈনিক আক্ৰান্তৰ হাৰ ২.০৫ শতাংশ ।

লগতে পঢ়ক : আজি প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব "Pradhan Mantri Kisan Samman Nidhi" ৰ দশম কিস্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.