ETV Bharat / bharat

Fireworks factory Blast : শিৱকাশীৰ আতজবাজী কাৰখানাৰ বিস্ফোৰণত ৩ শ্ৰমিক নিহত

author img

By

Published : Jan 1, 2022, 1:59 PM IST

তামিলনাডুৰ শিৱকাশীৰ আতচবাজী কাৰখানাত ভয়ংকৰ বিস্ফোৰণ (Explosion at Vadivel Fireworks factory in Sivkasi)। বিস্ফোৰণত নিহত তিনিগৰাকী শ্ৰমিক । ঘটনা সন্দৰ্ভত পুডুপট্টি আৰক্ষী থানাত গোচৰ ৰুজু ।

Fireworks factory blast
শিৱকাশীৰ আতজবাজী কাৰখানাৰ বিস্ফোৰণত ৩ শ্ৰমিক নিহত

নেশ্যনেল ডেস্ক, ১ জানুৱাৰী : তামিলনাডুৰ শিৱকাশীৰ আতচবাজী কাৰখানাত বিস্ফোৰণ । এইবাৰ এম পুডুপট্টি গাঁৱৰ ভাদিভেল আতচবাজী কাৰখানাত ভয়ংকৰ বিস্ফোৰণ (Explosion at Vadivel Fireworks factory in Sivkasi)। এই বিস্ফোৰণত তিনিগৰাকী শ্ৰমিক নিহত হোৱাৰ লগতে চাৰিগৰাকী শ্ৰমিক আহত হোৱাৰ খবৰ পোৱা গৈছে । বিস্ফোৰণৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় ।

অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপণ কৰে । ঘটনাত আহতসকলক ততালিকে শিৱকাশী চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । অৱশ্যে এতিয়ালৈ বিস্ফোৰণৰ কাৰণ জানিব পৰা হোৱা নাই । পুডুপট্টি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।

উল্লেখ্য যে, শিৱকাশীৰ আতচবাজী কাৰখানাত বিস্ফোৰণৰ ঘটনা এয়া প্ৰথম নহয় । ইয়াৰ পূৰ্বেও বহু বিস্ফোৰণত শ্ৰমিকৰ মৃত্যু হৈছে । কিন্তু এতিয়াও শ্ৰমিকৰ বাবে সুৰক্ষিত নহয় কাৰখানাসমূহ । কাৰখানাসমূহে শ্ৰমিকৰ জীৱনৰ সুৰক্ষাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন হৈ আহিছে ।

লগতে পঢ়ক : Hill slipped in Bhiwani : ভিৱানীত পাহাৰ খহি এজনৰ মৃত্যু, আৱদ্ধ ১০ গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.