Nagaon Police against drink and drive : নগাঁৱত সুৰাসক্ত চালকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

By

Published : Jan 1, 2022, 2:11 PM IST

thumbnail

নৱবৰ্ষৰ প্ৰাকক্ষণত ৰাজ্যৰ ভিন্ন প্ৰান্তত সক্ৰিয় ৰূপত দেখা গৈছে জিলা প্ৰশাসন তথা আৰক্ষীক ৷ যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে পৰিবহণ বিভাগৰ লগতে আৰক্ষী (Assam police become strict against law breakers) ৷ বাদ পৰি ৰোৱা নাই নগাঁও আৰক্ষী ৷ 2021 চনৰ শেষৰ দিনটোত নগাঁও জিলাৰ কঠিয়াতলীত আৰক্ষীয়ে যান-বাহন আইন ভংগকাৰীসকলৰ লগতে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলায় (Nagaon Police strict action against drink and drive) ৷ এই অভিযানৰ জৰিয়তে বহুকেইজন আইন ভংগকাৰী চালকৰ উপৰিও সুৰাপায়ী চালকৰ পৰা জৰিমনা আদায় কৰিবলৈ সক্ষম হৈছে আৰক্ষী (Fine for traffic rule offenders in Nagaon) । আনকি অভিযানৰ সময়চোৱাত কেইবাখনো দ্ৰুতবেগী বাহন ৰখাই সতৰ্ক কৰি দিয়ে নগাঁও আৰক্ষীয়ে ৷ লগতে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ লগতে যান-বাহন আইন কেনেদৰে মানি চলিব লাগে, সেই বিষয়েও ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰে আৰক্ষীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.