Tong Il Moo do Martial Arts Competition : স্বৰ্ণ-ব্ৰঞ্জ কঢ়িয়ালে বৰপেটাৰ তিনি খেলুৱৈয়ে

By

Published : Jan 1, 2022, 1:23 PM IST

thumbnail

বিগত 24, 25 আৰু 26 ডিচেম্বৰত তেলেংগানাৰ হায়দৰাবাদত তেলেংগানা টং-ইল-মুডো সন্থা (Tong-Il-Moo-do Martial Arts federation of hyderabad) ৰ উদ্যোগত আৰু ভাৰতীয় টং-ইল-মুডো সন্থাৰ অধীনত অনুষ্ঠিত হৈছিল সপ্তম ৰাষ্ট্ৰীয় মাৰ্চিয়েল আৰ্টছ প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল অসমৰ প্ৰায় 52 জনীয়া এটা দলে ৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সাফল্য কঢ়িয়াই আনিছে বৰপেটাৰ তিনি খেলুৱৈয়ে ৷ খেলুৱৈ তিনিগৰাকীয়ে এই প্ৰতিযোগিতাৰ জৰিয়তে কঢ়িয়াবলৈ সক্ষম হৈছে সোণ আৰু ব্ৰঞ্জৰ পদক (Barpeta Kungfu school students won gold bronze medal) ৷ উল্লেখ্য যে, বৰপেটা কুংফু বিদ্যালয়ৰ 5 গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল উক্ত প্ৰতিযোগিতাখনত ৷ তাৰ ভিতৰত সোণৰ পদক লাভ কৰে মধুস্মিতা বায়নে আৰু ব্ৰঞ্জৰ পদক লাভ কৰে ক্ৰমে ৰাহুল মেধি আৰু নয়ন মেধি নামৰ খেলুৱৈ দুগৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.