ETV Bharat / state

9 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : Jun 2, 2022, 9:03 AM IST

9 বজাৰ শীৰ্ষ 10টা বাতৰি
9 বজাৰ শীৰ্ষ 10টা বাতৰি

9 বজাৰ শীৰ্ষ 10টা বাতৰি

পুৱাই মাজুলীত উপস্থিত SI জোনমণি ৰাভা

মাজুলীৰ গড়মূৰ থানাত বৃহস্পতিবাৰে পুৱা মাতৃৰ সৈতে প্ৰত্যক্ষ কৰা হয় SI জোনমণি ৰাভা । গড়মূৰ থানাই আজি সোধাপোচাৰ বাবে তলব কৰিছিল জোনমণি ৰাভাক । ৰাভাৰ বিৰুদ্ধে হ’বলগীয়া স্বামী ৰাণা পগাগ সৈতে মিলি প্ৰৱঞ্ছনা কৰাৰ অভিযোগ তুলিছিল কেইবাগৰাকীও ভুক্তভোগীকেইগৰাকীয়ে ।

ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত মুকলি 11 টাকৈ বহিঃবিভাগ‌ সেৱা

ধুবুৰী অসামৰিক চিকিৎসালয়ৰ এতিয়াৰে পৰা পৰিচিত হ’ব ধুবুৰী ধুবুৰী মেডিকেল কলেজ‌ নামেৰে । বুধবাৰৰ পৰা আৰম্ভ হ’ল ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ বহিঃবিভাগ সেৱা । 11 টা বিভাগৰ বহিঃবিভাগ সেৱা উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (11 outpatient services inaugurate at Dhubri Medical College) ।

ত্ৰিপুৰাত BJP সমৰ্থিত প্ৰাৰ্থীয়ে CPI(M)ৰ প্ৰাৰ্থীক প্ৰহাৰ কৰাৰ অভিযোগ

বুধবাৰে হঠাৎ উত্তপ্ত হৈ পৰিল ত্ৰিপুৰা (Tense situation in Tripura) ৷ বিজেপি সমৰ্থিত একাংশ প্ৰাৰ্থীয়ে চিপিআই(এম)ৰ প্ৰাৰ্থীক প্ৰহাৰ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হোৱাৰ পাচতে ত্ৰিপুৰাৰ কমলপুৰত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি ৷

অসমত খিলঞ্জীয়া মুছলমানৰ সংজ্ঞা নিৰূপণ কৰা‌ হ’ব: মুখ্যমন্ত্ৰী

খিলঞ্জীয়া মুছলমান আৰু প্ৰব্ৰজিত মুছলমান এই দুই সংজ্ঞাৰে মুছলমানৰ দুই ধৰণৰ সংজ্ঞা নিৰূপণ কৰা হ'ব (Definition of Muslim people in Assam)। ৰাজ্যত মাদ্ৰাছা সম্পূৰ্ণ বিলুপ্ত কৰা হ'ব আৰু কোনোবাই কোৰাণৰ চৰ্চা কৰিব বিচাৰিলে ঘৰত গৈ কৰিব পাৰিব ৷ বুধবাৰে এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

ৰাহুল গান্ধীক মহাত্মা গান্ধী নহয় বুলি কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ

ৰাহুল গান্ধীয়ে ক’ৰ পৰা টুইট(Rahul Gandhi tweet) কৰে সেয়া ৰাইজক অৱগত কৰাবলৈ আহ্বান জনালে হিমন্ত বিশ্ব শৰ্মাই ৷ যিহেতু ৰাহুল গান্ধী মহাত্মা গান্ধী নহয়, সেয়ে টুইটাৰত বাণী বিলাবলৈও মানা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma criticises Rahul Gandhi৷) ৷ কেৱল ইমানেই নহয়, উত্তৰ-পূৱক দিল্লীয়ে মাহী আইৰ দৃষ্টিৰে চোৱাৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য ৷

মোদীৰ শাসনকালৰ ইতিবাচক খবৰ লৈ ৰাইজৰ কাষলৈ যাব বিজেপি কৰ্মী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 8 বছৰীয়া শাসনৰ ইতিবাচক দিশসমূহ ৰাইজক জনাবলৈ বুধবাৰে সংবাদমেল সম্বোধন কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷ যোৱা ৮ টা বছৰ প্ৰাপ্তিৰ বছৰ আছিল আছিল বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে (Eight years of Modi govt)৷

নগাঁৱত ৰহস্যজনকভাৱে অট্টালিকাৰ পৰি ছাত্ৰীৰ মৃত্যু

নগাঁৱত নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকাৰ পৰা পৰি ছাত্ৰীৰ ৰহস্যজনক মৃত্যু (School girl dead in Nagaon)৷ ধিং জৱাহৰ নৱোদয় বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে একাংশই ৷

পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি কোকৰাঝাৰত উত্তেজনা

এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি কোকৰাঝাৰৰ গৌৰনগৰত উদণ্ড যুৱকৰ তাণ্ডৱ ৷ উদণ্ড যুৱকৰ আক্ৰমণত আহত দুই যুৱক ৷ কোকৰাঝাৰ সদৰ থানাত এজাহাৰ দাখিল ৷ বিভিন্ন দল-সংগঠনৰ গৰিহনা ৷ দোষীক আটক কৰি কঠোৰ শাস্তি বিহাৰ দাবী ৷

ধানৰ খোলাৰ পৰা বায়'ইথানল নিষ্কাশন কৰাৰ কথাও ভাবি আছো : তেলী

দৰং জিলাৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ৷ 'আমি নিপীড়িতৰ উত্থানৰ বাবে কাম কৰি আছো । আমি দৰঙত মিনি ফুড প্ৰচেছিং পাৰ্ক স্থাপন কৰিছো য’ত বহুলোকে কৰ্মসংস্থাপন পাব । তদুপৰি ধানৰ খোলাৰ পৰা বায়’ইথানল নিষ্কাশন কৰাৰ কথাও ভাবি আছো ।' মন্ত্ৰী তেলীৰ মন্তব্য ৷

GDP ৰ পুনৰুদ্ধাৰৰ কোনো লক্ষণ নাই : চিদাম্বৰম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.