ETV Bharat / state

পুৱাই মাজুলীত উপস্থিত SI জোনমণি ৰাভা

author img

By

Published : Jun 2, 2022, 8:36 AM IST

Updated : Jun 2, 2022, 8:59 AM IST

মাজুলীৰ গড়মূৰ থানাত বৃহস্পতিবাৰে পুৱা মাতৃৰ সৈতে প্ৰত্যক্ষ কৰা হয় SI জোনমণি ৰাভা । গড়মূৰ থানাই আজি সোধাপোচাৰ বাবে তলব কৰিছিল জোনমণি ৰাভাক । ৰাভাৰ বিৰুদ্ধে হ’বলগীয়া স্বামী ৰাণা পগাগ সৈতে মিলি প্ৰৱঞ্ছনা কৰাৰ অভিযোগ তুলিছিল কেইবাগৰাকীও ভুক্তভোগীকেইগৰাকীয়ে ।

SI Junmoni Rabha in Majuli
পুৱাই মাজুলীত উপস্থিত SI জোনমণি ৰাভা

মাজুলী, 2 জুন : বৃহস্পতিবাৰে পুৱাই মাজুলীত উপস্থিত হয় SI জোনমণি ৰাভা (SI Junmoni Rabha at Nagaon police station) । মাজুলীত উপস্থিত হৈয়ে মাতৃ সৈতে গড়মূৰ থানাত হাজিৰ হয় জোনমণি ৰাভা । গড়মূৰ থানাই আজি সোধাপোচাৰ বাবে তলব কৰিছিল জোনমণি ৰাভাক ।

অজিত বৰা, ৰাম অৱতাৰ শৰ্মা আৰু ৰঞ্জন কুটুমে দিয়া গোচৰসমূহত নাম সাঙোৰ খাই আছিল SI ৰাভা নাম । মাজুলীত কৰ্মৰত হৈ থকা অৱস্থা ৰাভাই ৰাণা পগাগ সৈতে মিলি প্ৰৱঞ্ছনা কৰাৰ অভিযোগ তুলিছিল ভুক্তভোগীকেইগৰাকীয়ে । ভুক্তভোগী অজিত বৰাই দিয়া এজাহাৰৰ ১নং পাদকীয়া আছিল SI জোনমণি ৰাভা(SI Junmoni Rabha controversy) ।

পুৱাই মাজুলীত উপস্থিত SI জোনমণি ৰাভা

মাজুলীত ৰুজু হোৱা তিনিটা গোচৰৰ সংক্ৰান্তত গড়মূৰ আৰক্ষীয়ে তলব কৰিছে জোনমণি ৰাভাক । আজি গড়মূৰ আৰক্ষীৰ তদন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে । ইফালে ৰাণা পগাগক ১৪ দিনৰ ন্যায়িক জিম্মাত দিয়া হৈছিল যদিও বুধবাৰে মাজুলী জিলা কাৰাগাৰৰ পৰা নগাঁও আৰক্ষী লৈ যায়(Rana Pogag on police custody) ।

লগতে পঢ়ক : মোক গাঁত খান্দি পুতি থওক : এছ আই জোনমণি ৰাভা

Last Updated :Jun 2, 2022, 8:59 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.