ETV Bharat / bharat

GDP ৰ পুনৰুদ্ধাৰৰ কোনো লক্ষণ নাইঃ চিদাম্বৰম

author img

By

Published : Jun 1, 2022, 7:59 PM IST

"দেশত ক্ৰমাৎ বিকাশৰ হাৰ দুৰ্বল হৈ আহিছে ৷ GDP ৰ পুনৰুদ্ধাৰৰ কোনো লক্ষণ নাই (There is no sign of the promised recovery) ।" জ্যেষ্ঠ কংগ্ৰেছী নেতা পি চিদাম্বৰমে বুধবাৰে এইদৰে টুইটাৰত প্ৰতিক্ৰিয়া (P Chidambaram on GDP growth rate) প্ৰকাশ কৰে ৷

No 'recovery': Chidambaram on GDP growth rate
"GDP ৰ পুনৰুদ্ধাৰৰ কোনো লক্ষণ নাই "- পি চিডাম্বৰম

নেশ্যনেল ডেস্ক, 1 জুন : দেশত পুনৰ হ্ৰাস পালে মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ (GDP growth rate)। ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২০-২১ বৰ্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন ৮.৭ শতাংশ হোৱাৰ পিছত এই হাৰ যোৱা তিনিমাহত ৪.১ শতাংশলৈ হ্ৰাস পায় ৷

জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমে বুধবাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া (P Chidambaram on GDP growth rate) টুইটাৰত উল্লেখ কৰে -"দেশত ক্ৰমাৎ বিকাশৰ হাৰ দুৰ্বল হৈ আহিছে ৷ GDP ৰ পুনৰুদ্ধাৰৰ কোনো লক্ষণ নাই (There is no sign of the promised recovery) । ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ তথ্য অনুসৰি 2021-22 বৰ্ষত তিনিমহীয়া বিকাশৰ গ্ৰাফ অতিকৈ আকৰ্ষণীয় ৷ এই গ্ৰাফ অনুসৰি প্ৰতি তিনিমাহৰ লগে লগে বিকাশৰ হাৰ দুৰ্বল হৈ আহিছে আৰু পুনৰুদ্ধাৰৰ কোনো লক্ষণ নাই ৷"

ইয়াৰ লগতে প্ৰাক্তন বিত্ত মন্ত্ৰীগৰাকীয়ে ক'লে, ২০২১-২২ বৰ্ষৰ জিডিপি হাৰ ২০১৯-২০ চনতকৈ যেনেতেনেহে অধিক ৷ অনাগত দুবছৰৰ পিছত ভাৰতৰ অৰ্থনীতি ৩১-৩-২০২০ ৰ দৰে প্ৰায় একে স্তৰতে থাকিব ৷

লগতে পঢ়ক: সদনত দাখিল অৰ্থনৈতিক সমীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.