ETV Bharat / state

মোদীৰ শাসনকালৰ ইতিবাচক খবৰ লৈ ৰাইজৰ কাষলৈ যাব বিজেপি কৰ্মী

author img

By

Published : Jun 1, 2022, 10:49 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 8 বছৰীয়া শাসনৰ ইতিবাচক দিশসমূহ ৰাইজক জনাবলৈ বুধবাৰে সংবাদমেল সম্বোধন কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷ যোৱা ৮ টা বছৰ প্ৰাপ্তিৰ বছৰ আছিল আছিল বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে (Eight years of Modi govt)৷

Eight years of Modi govt
মোদীৰ শাসনকালৰ ইতিবাচক বাতৰি লৈ ৰাইজৰ কাষলৈ যাব দলীয় কৰ্মী

গুৱাহাটী, 1 জুন: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 8 বছৰীয়া শাসনত উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰপন্থীৰ হিংসাত্মক ঘটনা ৭৪ শতাংশ কমি আহিছে (Terrorist problem in North East)। উগ্ৰপন্থীৰ আক্ৰমণত সেনা জোৱান আৰু নাগৰিকৰ মৃত্যুৰ সংখ্যা ৬০ শতাংশ কমি আহিছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ হেঙেৰাবাৰীত থকা ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বুধবাৰে অনুষ্ঠিত সংবাদমেলত এই মন্তব্য কৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শাসনত বিজেপিৰ সেৱা, সুশাসন আৰু গৰীৱৰ উন্নয়ণৰ মন্ত্ৰৰে দেশ আগবাঢ়িছে । আঠটা বছৰত বিজেপিৰ শাসনত দেশত সম অধিকাৰ, সম উন্নয়ন হৈছে । বহু অভিলাষী আঁচনিৰ দ্বাৰা জনসাধাৰণ উপকৃত হৈছে । আন্তঃগাথঁনিত নতুন ৰূপ দিয়া হৈছে । দেশত দৈনিক ৩৭ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হৈ আছে । ৰেল সেৱাৰ উন্নয়ন হৈছে । বিশ্ব ব্যৱস্থাত চাপ পেলাবলৈ সক্ষম হৈছে । যোৱা ৮ টা বছৰ প্ৰাপ্তিৰ বছৰ আছিল (Eight years of Modi govt) ।

বিগত আঠটা বছৰ পৰিয়ালতন্ত্ৰৰ পৰা মুক্ত কৰা বছৰ আছিল বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে । লগতে তেওঁ কয়, বিজেপিৰ কৰ্মকৰ্তাসকল বিজেপিৰ আঠ বছৰৰ সুশাসনৰ প্ৰচাৰৰ বাবে অহা ৩০ দিনত অসমত ৰাইজৰ ওচৰলৈ যাব । লগতে তেওঁ কয় যে, যোৱা ৮ টা বছৰত দেশত অনুষ্ঠিত ৫০ টা বিধানসভা নিৰ্বাচনত ৪২ টা নিৰ্বাচনত বিজেপিয়ে কংগ্ৰেছক পৰাস্ত কৰিছে । উত্তৰ-পূৰ্বাঞ্চলৰ নিৰ্বাচনতো বিজেপি অভূতপূৰ্বভাৱে সফল হৈছে । কাৰ্বি আংলঙৰ নিৰ্বাচনতো ইয়াৰ পুনৰাবৃত্তি হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । বিজেপিক সাম্প্ৰদায়িক বুলি কয় যদিও উত্তৰ-পূৰ্বাঞ্চলত বিজেপিৰ খ্ৰীষ্টান প্ৰাৰ্থী নিৰ্বাচনত জয়ী হৈছিল বুলিও তেওঁ মন্তব্য কৰে ।

সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আঠ বছৰীয়া শাসনে সাফল্য অৰ্জন কৰিছে । সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিছে । উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন হৈছে । উগ্ৰপন্থীৰ সমস্যা সমাধান হৈছে ।

লগতে পঢ়ক: GDP ৰ পুনৰুদ্ধাৰৰ কোনো লক্ষণ নাইঃ চিদাম্বৰম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.