ETV Bharat / state

পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি কোকৰাঝাৰত উত্তেজনা

author img

By

Published : Jun 1, 2022, 10:45 PM IST

এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি কোকৰাঝাৰৰ গৌৰনগৰত উদণ্ড যুৱকৰ তাণ্ডৱ ৷ উদণ্ড যুৱকৰ আক্ৰমণত আহত দুই যুৱক ৷ কোকৰাঝাৰ সদৰ থানাত এজাহাৰ দাখিল ৷ বিভিন্ন দল-সংগঠনৰ গৰিহনা ৷ দোষীক আটক কৰি কঠোৰ শাস্তি বিহাৰ দাবী ৷

পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি কোকৰাঝাৰত উত্তেজনা
পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি কোকৰাঝাৰত উত্তেজনা

কোকৰাঝাৰ, 1 জুনঃ উদণ্ড যুৱকৰ আক্ৰমণত মঙলবাৰে কোকৰাঝাৰত দুজন যুৱক গুৰুতৰভাবে আহত হয় ৷ বুধবাৰে বিয়লি কোকৰাঝাৰ চহৰৰ গৌৰনগৰত সংঘটিত হয় এই ঘটনা৷ আহত যুৱক দুজন ক্ৰমে ছালাকাটিৰ নুৰউদ্দিন সেখ আৰু আনোৱাৰ আনছাৰী৷ এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰিয়ে উক্ত আক্ৰমণৰ ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷

পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি কোকৰাঝাৰত উত্তেজনা
পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি কোকৰাঝাৰত উত্তেজনা

জানিব পৰা মতে ছালাকাটিৰ নুৰউদ্দিন সেখ, আনোৱাৰ আনছাৰী আৰু আশ্ৰাফ আলী এই তিনিওজনে দুখন মটৰ চাইকেলেৰে বুধবাৰে বিয়লি জিলাখনৰ ফকিৰাগ্ৰামৰ পৰা কোকৰাঝাৰ লৈ আহি আছিল৷ আহি থকাৰ পথতে কোকৰাঝাৰৰ গৌৰনগৰত এখন অটোৱে ইয়াৰে আশ্ৰাফ আলীৰ মটৰ চাইকেলক খুন্দা মৰাত মটৰচাইকেল বাগৰি পৰে ৷ যাৰ ফলত আশ্ৰাফ আলী আহত হবলগীয়া হয় ৷

পিছত আশ্ৰাফ আলীৰ দুই সহযোগী ক্ৰমে নুৰউদ্দিন সেখ আৰু আনোৱাৰ আনছাৰীয়ে অটো চালকজনক এটা চোৰ শোধায় ৷ ইয়াকে লৈ উত্তেজিত হৈ পৰা একাংশ স্থানীয় উদণ্ড যুৱকে নুৰউদ্দিন সেখ আৰু আনোৱাৰ আনছাৰীক ঘেৰি ধৰি গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে । ইয়াৰ ফলত যুৱকদ্বয় বেয়াকৈ আঘাতপ্ৰাপ্ত হয় ৷ ইফালে ঘটনা সন্দৰ্ভত আঘাতপ্ৰাপ্ত যুৱক দ্বয়ে উদণ্ড যুৱক কেইজনৰ বিৰুদ্ধে কোকৰাঝাৰ সদৰ থানাত এক এজাহাৰ দাখিল ৷

পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি কোকৰাঝাৰত উত্তেজনা
পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি কোকৰাঝাৰত উত্তেজনা

ইপিনে কোকৰাঝাৰ গৌৰনগৰত আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে গঢ়িহনা দিছে আৰএম ছি, এবিএমছু, নেমছু আৰু আমছুৰ কোকৰাঝাৰ জিলা সমিতিয়ে ৷ ১২ ঘন্টাৰ ভিতৰত উদণ্ড যুৱকৰ দলটোৰ নেতৃত্ব দিয়া শ্যামল দে' আৰু সুৰজ বৰ্মনসহ উদণ্ড যুৱকৰ দলটোক আটক কৰাৰ দাবী জনাইছে সংগঠন কেইটাই ৷ ১২ ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ত নকৰিলে আন্দোলনৰ হুংকাৰ দিছে ৷

ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰ এম ছি ,আমছু , এবিএমছু আৰু নেমছুৰ এটি প্ৰতিনিধি দলে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি ঘটনাৰে জড়িত দোষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ দাবী জনায় ৷ ইফালে নিশা আৰক্ষীয়ে উদণ্ড যুৱকৰ দলটোক নেতৃত্ব দিয়া শ্যামল দে'ক আটক কৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: ধানৰ খোলাৰ পৰা বায়'ইথানল নিষ্কাশন কৰাৰ কথাও ভাবি আছোঃ তেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.