ETV Bharat / state

ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত মুকলি 11 টাকৈ বহিঃবিভাগ‌ সেৱা

author img

By

Published : Jun 2, 2022, 7:54 AM IST

ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত মুকলি 11 টাকৈ বহিঃবিভাগ‌ সেৱা
ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত মুকলি 11 টাকৈ বহিঃবিভাগ‌ সেৱা

ধুবুৰী অসামৰিক চিকিৎসালয়ৰ এতিয়াৰে পৰা পৰিচিত হ’ব ধুবুৰী ধুবুৰী মেডিকেল কলেজ‌ নামেৰে । বুধবাৰৰ পৰা আৰম্ভ হ’ল ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ বহিঃবিভাগ সেৱা । 11 টা বিভাগৰ বহিঃবিভাগ সেৱা উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (11 outpatient services inaugurate at Dhubri Medical College) ।

ধুবুৰী, 2 জুন : বুধবাৰে এক দিগন্তৰ সূচনা হ’ল ধুবুৰী মেডিকেল কলেজত । বহু জল্পনা কল্পনাৰ অন্তত বুধবাৰৰ পৰা আৰম্ভ হ’ল ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত 11 টাকৈ বহিঃবিভাগ‌ সেৱা (11 outpatient services inaugurate at Dhubri Medical College) ৷ এই সেৱাৰ শুভ উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

ন কৈ উদ্বোধন কৰা বহিঃবিভাগত গৈ চিকিৎসকৰ ওচৰত প্ৰথমেই নিজৰ স্বাস্থ্য পৰীক্ষা কৰাই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (Health Minister visited at Dhubri Medical College)। মন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ কোঠাৰ পৰা আৰম্ভ কৰি ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণীকোঠালৈকে সকলো নিজ চকুৰে প্ৰত্যক্ষ কৰি সকলো কাম কাজৰ বুজ লয় ।

ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত মুকলি 11 টাকৈ বহিঃবিভাগ‌ সেৱা

তাৰ পিছতেই মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু চিকিৎসকসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকতো মিলিত হয় মন্ত্ৰীগৰাকী ।

আগন্তুক ছেপ্টেম্বৰ, অক্টোবৰৰ পৰা ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত পাঠদান প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি আশ্বাস প্ৰদান কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । ইতিমধ্যে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰায়ভাগ কাম সম্পন্ন হৈছে । সকলো প্ৰকাৰৰ চিকিৎসাৰ অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতি ক্ৰয় কৰা হৈছে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ।

আনহাতে, সকলোকে এটা টীম হিচাপে আগুৱাই যাবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে । তেওঁ কয়, এতিয়াৰে পৰা ধুবুৰী মেডিকেল কলেজত নচলে দালালৰাজ । দালালৰ প্ৰশ্ৰয় দিয়া নহয় আৰু চিকিৎসালয়খন পৰিস্কাৰ কৰি ৰাখিবলৈ সকলোকে আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে । অন্যথা এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ কঠোৰ হ’ব বুলিও এক প্ৰকাৰে সকিয়নী দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

লগতে পঢ়ক : অসমত খিলঞ্জীয়া মুছলমানৰ সংজ্ঞা নিৰূপণ কৰা‌ হ’ব: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.