ETV Bharat / state

9 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : Aug 4, 2022, 9:22 AM IST

Etv BharatTOP 10 AT 9 AM
Etv Bharat9 বজাৰ শীৰ্ষ 10টা বাতৰি

9 বজাৰ শীৰ্ষ 10টা বাতৰি

Haryana gas leak incident: কাৰখানাত মিথেন গেছ নিৰ্গত হৈ ৪ শ্ৰমিকৰ মৃত্যু, ২ জনৰ অৱস্থা সংকটজনক

হাৰিয়ানাৰ বাহাদুৰগড়ৰ এৰোফ্লেছ চিলিং মেটেৰিয়েল মেনুফেক্সাৰিং নামৰ এটা কাৰখানাত শ্ৰমিকসকলে টেংক পৰিস্কাৰ কৰি থকা অৱস্থাত বিষাক্ত মিথেন গেছ নিৰ্গত হয় (Methane gas leak in Bahadurgarh’s factory)৷ এই ঘটনাত চিকিৎসালয়তে 4 জন শ্ৰমিক থিতাতে নিহত হোৱাৰ বিপৰীতে দুজন শ্ৰমিক গুৰুতৰভাৱে আহত হয় (4 laborers death and 2 in critical condition)৷

Monkeypox Outbreak: ভাৰতত মাংকিপক্সত আক্ৰান্তৰ সংখ্যা 9 গৰাকীলৈ বৃদ্ধি

বুধবাৰে দিল্লীত এগৰাকী 31 বছৰীয়া মহিলাৰ শৰীৰত মাংকিপক্সৰ অৱস্থিতি ধৰা পৰে (A woman tested positive for Monkeypox)৷ মাংকিপক্সত আক্ৰান্ত হোৱা এইগৰাকী ভাৰতৰ প্ৰথম মহিলা ৰোগী ৷ ইয়াৰ পিছতে দেশখনত মাংকিপক্সত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ 9 গৰাকী (India has reported 9 monkeypox cases)।

CID team from West Bengal: বৰঝাৰ বিমানবন্দৰত পশ্চিমবংগৰ চি আই ডি দলক আটক

গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আটক পশ্চিমবংগ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ(চি আই ডি) চাৰিজনীয়া এটা দল ৷ অসম আৰক্ষীয়ে আটক কৰে চি আই ডিৰ দলটোক । বিমান বন্দৰত চি চি টি ভি ফুটেজৰ কপি সংগ্ৰহ কৰিবলৈ আহিছিল দলটো ৷

Jharkhand Politics in Assam: ঝাৰখণ্ডৰ চৰকাৰ ভঙা-পতাৰ খেলখনো অসমতে হ’ব নেকি ?

ঝাৰখণ্ডৰ বিধায়কে দাখিল কৰা এজাহাৰক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়া । মন্ত্ৰী পীযূষ হাজৰিকাই সমস্ত ঘটনাটো নসাৎ কৰিলেও বিৰোধী দলসমূহ শান্ত হোৱা নাই । ঘটনাটোক লৈ বিৰোধী শিবিৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যদিও সেইধৰণে ইছ্যু কৰিব পৰা নাই ।

NESO advisor Samujjal Kumar Bhattacharjya: মৌলবাদী সংগঠনে অসমৰ বাবে ভাবুকি কঢ়িয়াই আনিছে

উত্তৰ পূৰ্বাঞ্চলৰ পৰা 'কা' বাতিলৰ দাবীত 17 আগষ্টত উত্তৰ পূৰ্বাঞ্চলত আন্দোলন ঘোষণা নেছ'ৰ(Neso to hold protest against CAA on August 17) । অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা অবৈধ বাংলাদেশী নাগৰিক, বাংলাদেশী মৌলবাদীক শিপাৰ সৈতে নিচিহ্ন কৰা আৰু অসম-বাংলাদেশ সীমান্ত সম্পূৰ্ণ চীল কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক দাবী নেছ'ৰ উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ । ইয়াৰ লগতে ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকক সাংবিধানিক ৰক্ষাকৱচ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনায় নেছ'ৰ উপদেষ্টাগৰাকীয়ে ।

CWG 2022: কমনৱেলথত স্বৰ্ণ জয়েৰে ইতিহাস ৰচা নয়নমণিৰ কৰ্মস্থলীত আনন্দৰ বন্যা

ৰ্মিংহামত অনুষ্ঠিত হৈ থকা কমনৱেল্থ গেমছত অসমৰ প্ৰথমটো পদক নিশ্চিত কৰি 2 আগষ্টত ইতিহাস ৰঁচিলে অসম কন্যা নয়নমণি শইকীয়াই (Commonwealth Games 2022) ৷সেয়েহে কলিয়াবৰৰ চিকনিত থকা দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ চাউনীত বন সুৰক্ষা বাহিনীৰ প্ৰতিগৰাকী জোৱানৰ মাজত দেখা গ’ল ব্যাপক আনন্দ-উল্লাস । কেক কাটি, বিহু মাৰি আনন্দ উল্লাস কৰিলে নয়নমণিৰ সহকৰ্মীসকলে ।

Dileswar Tanti passes away: প্ৰাক্তন মন্ত্ৰী দিলেশ্বৰ তাঁতীৰ দেহাৱসান

প্ৰাক্তন মন্ত্ৰী তথা ডুমডুমা সমষ্টিক ছবাৰকৈ প্ৰতিনিধিত্ব কৰা বৰ্ষীয়ান কংগ্ৰেছ নেতা দিলেশ্বৰ তাঁতীৰ দেহাৱসান (EX Minister Dileswar Tanti passes away) ৷ হিতেশ্বৰ শইকীয়া মন্ত্ৰীসভাৰ শ্ৰম আৰু নিয়োগ বিভাগৰ মন্ত্ৰী আছিল দিলেশ্বৰ তাঁতী ৷

Har Ghar Tiranga: গুজৰাটৰপৰা অসমৰ ডাকঘৰলৈ ৰাষ্ট্ৰীয় পতাকা !

'আজাদী কা অমৃত মহোৎসৱ'(Azadi Ka Amrit Mahotsav)ৰ লগত সঙ্গতি ৰাখি দেশত 'ঘৰে-ঘৰে ত্ৰিৰংগা’ অভিযান অসমতো তীব্ৰতৰ হৈছে (Har Ghar Tiranga Programme in Assam) । জিলাই জিলাই দেখা গৈছে মহিলাসকলৰ মাজত ব্যাপক উৎসাহ । ইয়াৰ মাজতে পোহৰলৈ আন এক খবৰ । অসমত পতাকাৰ অভাৱ দূৰ কৰিবলৈ বহিঃৰাজ্যৰ পৰা আমদানি কৰা হৈছে ৰাষ্ট্ৰীয় পতাকা ।

Aie River erosion: ভয়ংকৰ ৰূপ লৈছে আই নৈৰ গৰাখহনীয়াই

বঙাইগাঁও জিলাৰ মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাশবাৰী বালাৰপেটবাসী ৰাইজৰ সমস্যাই কুলাই পাচিয়ে নধৰা হৈছে । সম্প্ৰতি আই নৈৰ গৰাখহনীয়া (Aie River erosion in Bongaigaon) আৰু বানে ন ন সমস্যাৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷

Stabbing in Guwahati: কাজিয়াৰ মাজতে চেম্পিয়নে ছুৰীৰে হানিলে বন্ধু দীপকক

মহানগৰীত পুনৰ ছুৰীকাঘাতৰ ঘটনা (Stabbed incident in Guwahati)। মহানগৰীৰ লতাশিল আৰক্ষী থানাৰ অন্তৰ্গত গুৱাহাটী ক্লাৱত সংঘটিৰ হৈছে ছুৰীকাঘাতৰ ঘটনা । ড্ৰাগছ আসক্ত দুই বন্ধুৰ মাজত কাজিয়াৰ সূত্ৰপাত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.