ETV Bharat / state

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jul 18, 2022, 9:01 AM IST

TOP 10 AT 9 AM
9 বজাৰ শীৰ্ষ 10 টা বাতৰি

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

Presidential Polls 2022: সন্মুখ সমৰত দ্ৰৌপদী মুৰ্মু আৰু যশোৱন্ত সিনহা

আজি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মহাযুঁজ ৷ এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু আৰু বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী জ্যেষ্ঠ ৰাজনীতিবিদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিনহাৰ মাজত ভোটযুদ্ধ ৷

Rehabilitation of Brus : অহা আগষ্ট মাহৰ ভিতৰত ব্ৰু শৰণাৰ্থীসকলক পুনৰ সংস্থাপনৰ সমাপ্তৰ নিৰ্দেশনা

কেইবাদশক ধৰি শৰণাৰ্থী শিবিৰত থকা ত্ৰিপুৰাৰ ব্ৰু জনগোষ্ঠীয় লোকসকলৰ পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়া অহা আগষ্ট মাহৰ ভিতৰতেই সমাপ্ত কৰিবলৈ নিৰ্দেশনা ত্ৰিপুৰা চৰকাৰৰ (Rehabilitation of Brus in Tripura)৷ কেইবাদশক ধৰি শৰণাৰ্থী শিবিৰত থকা ত্ৰিপুৰাৰ ব্ৰু জনগোষ্ঠীৰ লোকসকলক ইতিমধ্যে স্থায়ী বাসস্থানলৈ স্থানান্তৰ কৰিছে ত্ৰিপুৰা চৰকাৰে ।

Demand for cancellation of NPS : নতুন পেঞ্চন নীতি বাতিলৰ দাবীত বাইহাটাত মুকলি সভা

চৰকাৰী চাকৰি কৰা কোনো ব্যক্তি থাকিব নোৱাৰে কোনো ৰাজনৈতিক দলত । 1969 চনৰ চাৰ্ভিছ ৰোল কডাক্ট মতে অন্যান্য লাভাংশ পোৱা ব্যৱস্থাতো থাকিব নোৱাৰে কোনো চৰকাৰী কৰ্মচাৰী ।

Presidential election 2022: 100 শতাংশ ভোটদান নহ’ব অসমত

সোমবাৰে অসম বিধানসভা সচিবালয়ত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটদান (Presidential election 2022) ৷ কিন্তু ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে অসমৰ পৰা সম্পূৰ্ণ ভোটদান নহয় ৷ কিয়নো অসম নাই তিনি বিধায়ক ৷

Presidential Election 2022: দেওবাৰে পুৱাৰ পৰা নিশালৈকে দিছপুৰত বৰআখৰা

ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদানৰ বাবে দিছপুৰত বাৰে বাৰে প্ৰশিক্ষণ দিয়া হৈছে বিধায়কক ৷ কোনো কাৰণতে ভোটদানৰ সময়ত বিধায়কে যাতে ভুল নকৰে তাৰ প্ৰতি চোকা নজৰ ৰখা হৈছে ৷ দিনে-নিশাই প্ৰশিক্ষণ দিয়া হৈছে বিধায়কক (Mock voting at Dispur)৷

Youth drowned while taking bath: চিয়াঙত গা ধুবলৈ গৈ সন্ধানহীন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুই ছাত্ৰ

অৰুণাচলত সন্ধানহীন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুজন ছাত্ৰ (Two Dibrugarh University students missing in Arunachal Pradesh) ৷ অৰুণাচলৰ পাচিঘাটৰ ৰানাঘাটত বন্ধুৰ সৈতে গা ধুবলৈ গৈ উটি যায় যুৱক দুজন ৷

Drugs seized in Tinsukia: বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ চাৰি ড্ৰাগছ সৰবৰাহকাৰী

তিনিচুকীয়া আৰক্ষীৰ ড্ৰাগছ বিৰোধী সফল অভিযান (Anti drugs operation)৷ বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছে চাৰি ড্ৰাগছ সৰবৰাহকাৰীক (Drugs Paddler arrested with large quantity of drugs)৷ ধৃত চাৰি সৰবৰাহকাৰীৰ পৰা জব্দ ১.২৩ কেজি নিষিদ্ধ ড্ৰাগছ ৷

GST on food items: সোমবাৰৰ পৰা দাম বাঢ়িব ২১ বিধ খাদ্য সামগ্ৰীৰ

পুনৰ সাধাৰণ লোকৰ মুৰত মাধমাৰ । বহু সামগ্ৰীৰ ওপৰত নতুনকৈ জি এছ টি আৰোপ । পেকেজিং কৰা আৰু লেবেল থকা দৈ, মৌ, মাখন, লাচ্চি, ৱাটাৰ মিল্ক, চিৰা, পিঠাগুৰি, কর্নফ্লেক্স, ছয়াবিন, মটৰ, মাছ, মাংসৰ দাম মহঙা হ’ব ।

Akhil Gogoi attack CM: গাদী যোৱাৰ ভয়ত বান সমস্যাৰ আচল কথা কেন্দ্ৰক নকয় মুখ্যমন্ত্ৰীয়ে : অখিল গগৈ

‘‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমৰ মানুহক জুমলাবাজী কৰি টুপী পিন্ধালে । গাদী যোৱাৰ ভয়ত কেন্দ্ৰীয় চৰকাৰক অসমৰ বান সমস্যাৰ প্ৰকৃত কাৰণসমূহ দাঙি ধৰিব নোৱাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে’’ ৷ মুখ্যমন্ত্ৰীক কটু সমালোচনা বিধায়ক অখিল গগৈৰ (Akhil Gogoi criticized Assam CM) ৷

Guwahati Molestation Case: ৰাজপথত যুৱতীক যৌন নিৰ্যাতনৰ চেষ্টা কৰি আৰক্ষীৰ জালত মেহবুব

এগৰাকী যুৱতীক যৌন নিৰ্যাতনৰ চেষ্টা চলোৱাৰ অভিযোগত নুনমাটি আৰক্ষীৰ(Noonmati Police Station) জালত পৰিছে এটা লম্পট । ভুক্তভোগী যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নলবাৰী মুকলমুবা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে মেহবুব আহমেদ (২৬)নামৰ লম্পটটোক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.