ETV Bharat / state

Akhil Gogoi attack CM: গাদী যোৱাৰ ভয়ত বান সমস্যাৰ আচল কথা কেন্দ্ৰক নকয় মুখ্যমন্ত্ৰীয়ে : অখিল গগৈ

author img

By

Published : Jul 17, 2022, 10:32 PM IST

‘‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমৰ মানুহক জুমলাবাজী কৰি টুপী পিন্ধালে । গাদী যোৱাৰ ভয়ত কেন্দ্ৰীয় চৰকাৰক অসমৰ বান সমস্যাৰ প্ৰকৃত কাৰণসমূহ দাঙি ধৰিব নোৱাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে’’ ৷ মুখ্যমন্ত্ৰীক কটু সমালোচনা বিধায়ক অখিল গগৈৰ (Akhil Gogoi criticized Assam CM) ৷

Akhil Gogoi criticized Assam CM
গাদী যোৱাৰ ভয়ত বান সমস্যাৰ প্ৰকৃত কাৰণসমূহ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাঙি নধৰে মুখ্যমন্ত্ৰীয়ে : অখিল গগৈ

গুৱাহাটী, ১৭ জুলাই : ‘‘অসমৰ মুখ্যমন্ত্ৰী এজন আত্মসম্পৰ্ণকাৰী মানুহ ৷ গাদী যোৱাৰ ভয়ত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত অসমৰ বান সমস্যাৰ প্ৰকৃত কাৰণসমূহ দাঙি ধৰিব নোৱাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে’’ । দেওবাৰে গুৱাহাটীত এক সংবাদমেল আয়োজন কৰি মুখ্যমন্ত্ৰীক কটু সমালোচনা কৰে বিধায়ক অখিল গগৈয়ে (Akhil Gogoi criticized Assam CM) ৷

গাদী যোৱাৰ ভয়ত বান সমস্যাৰ প্ৰকৃত কাৰণসমূহ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাঙি নধৰে মুখ্যমন্ত্ৰীয়ে : অখিল গগৈ

লগতে বিধায়কগৰাকীয়ে কয় যে বৰ্তমান অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাবে ঘোষণা কৰাত কিছু বাধা আছে ৷ এই বাধা আঁতৰ কৰাৰ একমাত্ৰ পথটো হৈছে Disaster Management Act সংশোধন কৰা ৷ যদিহে চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন সংশোধন কৰি নাগৰিকত্ব সংশোধনী আইনলৈ পৰিৱৰ্তন কৰিব পাৰে, তেন্তে Disaster Management Act খনো সংশোধন কিব পাৰে চৰকাৰে ৷ সেয়ে এই বিধেয়কখন সংশোধন কৰি অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে (Declaration of Assam flood as National problem) । এই মন্তব্য শিৱসাগৰৰ বিধায়কগৰাকীৰ (Akhil Gogoi Press Conference in Guwahati)৷

লগতে পঢ়ক : Cotton University: কটনৰ সভাপতি-সম্পাদকে বিজেপিত যোগদান কৰা কাৰ্যক নিন্দা অখিল গগৈৰ

লগতে তেওঁ কয় যে, বানত আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা চাৰিখন ৰাজ্যৰ ভিতৰত অসম চতুৰ্থ স্থানত আছে । কিন্তু অন্ধ্ৰপ্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰে NDRF ৰ পৰা হাজাৰ হাজাৰ কোটি টকা লাভ কৰাৰ পিছতো অসমে আজিলৈকে লাভ কৰিছে মাত্ৰ ২০১০-১১ চনত ১৭৯.৩৭ কোটি টকাহে । অসমতকৈ পিছত অৰ্থাৎ পঞ্চম স্থানত থকা ৰাজস্থানেও লাভ কৰিছে ৪৫২১.১ কোটি টকা । এইক্ষেত্ৰত কেন্দ্ৰই অসমক মাহী আইৰ দৃষ্টিৰে যে চাই সেই কথা প্ৰমাণিত হৈছে ৷

তেওঁ আৰু কয়, ২০২১-২২ চনত অসমে NDRF ৰ পৰা বিচাৰিছিল ১০‍১৮.১৯ কোটি টকা । কিন্তু হাই লেভেল কমিটীয়ে অনুমোদন দিলে মাত্ৰ ৫১.৫৩ টকা । লক্ষ্যণীয়ভাৱে কেন্দ্ৰই আজিলৈকে ইয়াৰ এক টকাও মোকলাই নিদিলে । আনহাতে, ২০১৭ চনত অসমলৈ আহি বানৰ সময়ত মোডীয়ে ২,৩৫০ কোটি টকাৰ পেকেজ ঘোষণা কৰিছিল ।

কিন্তু আজিলৈকে এটা টকাও নিদিলে । কেৱল অসমৰ মানুহক হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোডীয়ে জুমলাবাজী কৰি টুপী পিন্ধালে । হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা দুই নম্বৰী মিছা কথা ক'ব পৰা মুখ্যমন্ত্ৰী দ্বিতীয়জন অসমত জন্মই হোৱা নাই বুলি মুখ্যমন্ত্ৰীক কটু সমালোচনা কৰে বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক : Akhil Gogoi Press Conference: শিৱসাগৰৰ আহোম যুগৰ ঐতিহাসিক সমলসমূহ সংৰক্ষণক লৈ উদ্বিগ্ন অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.