ETV Bharat / state

Assam Flood : পাঁচবছৰত বানত ক্ষতি হ'ল অসমৰ ১৩,২২৭ কোটি টকাৰ সা-সম্পত্তি

author img

By

Published : Jul 1, 2022, 7:38 PM IST

ৰাজ্যৰ অৰ্থনীতিত সাংঘাতিক প্ৰভাৱ পেলোৱা বান সমস্যা সমাধানৰ বাবে চৰকাৰে আজিলৈকে গ্ৰহণ কৰা নাই কোনোধৰণৰ পদক্ষেপ । প্ৰতিবছৰে হোৱা বানৰ বাবে ৰাজ্যখনৰ উন্নয়ন বহু পিছুৱাই গৈছে। বিগত পাঁচ বছৰৰ ভিতৰত সকলোতকৈ প্ৰলয়ংকৰী বান হৈছিল ২০১৭ চনত । সেই বছৰটোত বানত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ আছিল ৪১৬৪.৮১০ কোটি টকা আৰু ১৬০ জন লোকৰ মৃত্যু হৈছিল । এইবাৰৰ বানত আৰু অধিক বিস্তৰ ক্ষতি সাধন হৈছে ।

Assam flood
Assam flood

গুৱাহাটী, ১ জুলাই : অসমৰ বাবে অভিশাপ স্বৰূপ হৈ পৰা বানপানী অসমৰ উন্নয়নৰ মূল প্রতিবন্ধক (Floods are main barrier to assam's development) । প্ৰতিবছৰে হোৱা বানত ৰাজ্যখনৰ হাজাৰ হাজাৰ কোটি টকা ক্ষতি হয় । একপ্ৰকাৰ বানৰ ফলত কঁকাল ভাঙি পৰে ৰাজ্যবাসীৰ । ৰাজ্যৰ অৰ্থনীতিত সাংঘাতিক প্ৰভাৱ (Flood affected in Assam economy) পেলোৱা এই বান সমস্যা সমাধানৰ বাবে চৰকাৰে কিন্তু আজিলৈকে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ।

আবাল-বৃদ্ধ-বণিতা সকলো বানত আক্ৰান্ত
আবাল-বৃদ্ধ-বণিতা সকলো বানত আক্ৰান্ত

ৰাজ্যৰ বিভিন্ন দল-সংগঠনে দীৰ্ঘদিনৰ পৰাই বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে (Declaration of Assam flood as National problem) ঘোষণা কৰি ইয়াৰ বিজ্ঞানসন্মতভাৱে স্থায়ী সমাধানৰ বাবে দাবী জনাই আহিছে যদিও কেন্দ্ৰীয় চৰকাৰে এই দাবীক অলপো গুৰুত্বই দিয়া নাই (Central Government) । যাৰ ফলত প্ৰতিবছৰে হোৱা বানৰ বাবে ৰাজ্যখনৰ উন্নয়ন বহু পিছুৱাই গৈছে ।

ঘৰৰ ভিতৰত একঁকাল পানী
ঘৰৰ ভিতৰত একঁকাল পানী

খোদ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰিয়েই বিগত পাঁচ বছৰতেই বানত অসমৰ ১৩,২২৬.৬৯ কোটি টকাৰ সা-সম্পত্তি ক্ষতি হৈছে (Assam lost 13,226.69 crore property in last five years)। উক্ত ক্ষতিৰ ভিতৰত গৃহ, কৃষি আৰু চৰকাৰী সম্পত্তিৰ ক্ষতিৰ হিচাপহে ধৰা হৈছে । পশুধনকে ধৰি আন আন সা-সম্পত্তিসমূহৰ ক্ষয়-ক্ষতি অন্তৰ্ভুক্ত কৰা হোৱা নাই ।

বানৰ কবলত বিস্তীৰ্ণ অঞ্চল
বানৰ কবলত বিস্তীৰ্ণ অঞ্চল

এইসমূহ ক্ষয়-ক্ষতি যোগ দিলে বানত হোৱা ক্ষতিৰ পৰিমাণ আৰু বহু গুণে বৃদ্ধি পাব । উল্লেখ্য যে বিগত পাঁচ বছৰৰ ভিতৰত সকলোতকৈ প্ৰলয়ংকৰী বান হৈছিল ২০১৭ চনত । সেই বছৰটোত বানত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ আছিল ৪,১৬৪.৮১০ কোটি টকা । উক্ত বছৰৰ বানত ১৬০জন লোকৰ মৃত্যু হোৱাৰ লগতে ২,৭৬৩টা পশুধনৰ মৃত্যু হৈছিল আৰু ১,১১,০৭০ টা বাসগৃহৰ ক্ষতি হৈছিল । আনহাতে, ২০১৮ চনত বানত ৫৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১২২টা পশুধনৰ মৃত্যু আৰু ১,০২,৭৩৭টা গৃহৰ ক্ষতি হৈছিল ।

বান ছিগিছে মথাউৰি, পথ
বান ছিগিছে মথাউৰি, পথ

ক্ষয়-ক্ষতিৰ পৰিমাণ আছিল ২,৪৮০.৯৮০ কোটি টকা । সেইদৰে ২০১৯ চনত বানে ৩,১২১.৯৮০ কোটি টকাৰ ক্ষতি কৰিছিল । উক্ত বছৰৰ বানত ১০৩জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৮১টা পশুৰ মৃত্যু আৰু ১,১৭,৮৩১টা বাসগৃহৰ ক্ষতি হৈছিল । ইফালে ২০২০ চনত বানত ১৫০জন লোকৰ মৃত্যু হোৱাৰ লগতে ৭০২টা পশুৰ মৃত্যু আৰু ৮,১২২টা বাসগৃহৰ ক্ষতি হৈছিল । সেই বছৰ মুঠ ক্ষতিৰ পৰিমাণ আছিল ২,৪৪০.৭৩০ কোটি টকা । অৱশ্যে ২০২১ চনত ৰাজ্যত বানৰ ক্ষয়-ক্ষতিৰ পৰিমাণ পূৰ্বতকৈ কম আছিল ।

পশুধনৰ ক্ষতিও যথেষ্ট
পশুধনৰ ক্ষতিও যথেষ্ট

বিগত বৰ্ষত ৰাজ্যখনত হোৱা ক্ষতিৰ পৰিমাণ আছিল ১,০১৮ কোটি টকা । মন কৰিবলগীয়া কথা যে চলিত বৰ্ষত হোৱা প্ৰথমটো বানে ৰাজ্যৰ ডিমা হাছাও জিলাত বিস্তৰ ক্ষতি কৰিছে (Dima Hasao most affected in flood) । জিলাখনত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ প্ৰায় ডেৰ হাজাৰ কোটি টকাৰো অধিক হ'ব ।

শেহতীয়াকৈ লোক নির্মাণ বিভাগে চলোৱা এক জৰীপ অনুসৰি প্ৰথমটো বানত ৰাজ্যখনৰ কেইবাখনো জিলাৰ প্ৰায় ২,০৩৮ কিলোমিটাৰ পথৰ ক্ষতি হৈছে । ইয়াৰে ভিতৰত ১,৩৫৫ কিলোমিটাৰ পথ হৈছে গড়কাপ্টানী পথ । আনহাতে, ক্ষতি হোৱা পথৰ ভিতৰত ডিমা হাছাও জিলাৰে সৰ্বাধিক প্রায় ৮০০ কিলোমিটাৰ পথ আছে ।

বানত ক্ষতিগ্ৰস্ত ঘৰ-দুৱাৰ
বানত ক্ষতিগ্ৰস্ত ঘৰ-দুৱাৰ

ৰাজ্যৰ ক্ষতি হোৱা পথসমূহ মেৰামতি কৰাৰ বাবদ ব্যয় হ’ব প্রায় ১,২১৩ কোটি টকা । ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে যে ৰাজ্যত বানে কিদৰে ধ্বংসলীলা চলাইছে । ইফালে শেহতীয়াকৈ দ্বিতীয়বাৰৰ বাবে হোৱা বানত ৰাজ্যখনৰ কিমান ক্ষতি হৈছে সেয়া পৰৱৰ্তী সময়তহে পোহৰলৈ আহিব যদিও ক্ষতিৰ পৰিমাণ বহু বেছি হ'ব সেয়া নিশ্চিত ।

লগতে পঢ়ক : কৃত্ৰিম বানত বুৰিল ডিব্ৰুগড়ৰ 22 টা ৱাৰ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.