ETV Bharat / state

কৃত্ৰিম বানত বুৰিল ডিব্ৰুগড়ৰ 22 টা ৱাৰ্ড

author img

By

Published : Jul 1, 2022, 5:17 PM IST

Artificial flood in Dibrugarh
কৃত্ৰিম বানত বুৰিল ডিব্ৰুগড় চহৰ 22 টা ৱাৰ্ড

হঠাৎ ডিব্ৰুগড় চহৰখন পৰিণত হ’ল ডিব্ৰুগড় সাগৰলৈ (Artificial flood in Dibrugarh) ৷ কৃত্ৰিম বানত বুৰ গ’ল ডিব্ৰুগড় চহৰখনৰ পৌৰসভাৰ অন্তৰ্গত 22 টা ৱাৰ্ড ৷ পানীত হাঁহ নচৰা অৱস্থা এতিয়া ডিব্ৰুগড়বাসীৰ ৷

ডিব্ৰুগড়, 1 জুলাই : এফালে ৰাজ্যত মুষলধাৰ বৰষুণ, আনফালে ৰাজ্যৰ ভিন্ন প্ৰান্তত বানৰ তাণ্ডৱ (Flood in Assam) ৷ বৰষুণৰ পৰিমাণ কিছু শাম কাটিলেও এতিয়াও বন্যাৰ্তৰ মাজত হাহাকাৰ পৰিস্থিতি ৷ ইয়াৰ মাজতে হঠাৎ একেটা ৰাতিৰ ভিতৰতে ডিব্ৰুগড় চহৰখন ডিব্ৰুগড় সাগৰলৈ পৰিণত হৈছে ৷

চহৰখনৰ পৌৰসভাৰ অন্তৰ্গত 22 টা ৱাৰ্ডত সৃষ্টি হৈছে ভয়াবহ কৃত্ৰিম বানৰ (Artificial flood in Dibrugarh) । কৃত্ৰিম বানৰ ফলত এতিয়া নিজৰ বাসস্থান এৰি নাগৰিকে নিৰাপদ স্থানলৈ গতি কৰিছে । 2015 আৰু 2019 চনৰ পিছতেই ডিব্ৰুগড়ত তৃতীয়বাৰৰ বাবে এনে কৃত্ৰিম বানপানী সৃষ্টি হৈছে ঐতিহাসিক চহৰখনত ।কৃত্ৰিম বানে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অচলাৱস্থা সৃষ্টি কৰিছে ।

কৃত্ৰিম বানত বুৰ গ’ল ডিব্ৰুগড়

108 সেৱাকে ধৰি জৰুৰী বাহনসমূহ আৱদ্ধ হৈ পৰিছে । চহৰখনৰ বঙাইগাঁও, কনভয় ৰোড, থানা চাৰিআলি, খলিহামাৰি, বৈৰাগীমঠ, পুলিচ ৰিজাৰ্ভ গ্ৰেহেমবজাৰ, ডিব্ৰুজান, চৌকিডিংগী, নতুন নিৰ্মালী গাঁও, লাচিত নগৰ, ফুলবাগান আদি স্থানসমূহত ভয়াবহ বানে চহৰখনৰ বাসিন্দাসকলৰ জীৱন যাত্ৰা বিপদাপন্ন হৈ পৰিছে ।

ইতিমধ্যে যিকোনো পৰিস্থিতৰ মুখামুখি হ’বলৈ সাজু হৈ আছে SDRF বাহিনীও । আনহাতে, এই মূহুৰ্তলৈকে চৰকাৰৰ পৰা কোনোধৰণৰ সহায়-সহযোগ নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : ৰাজ্যত অব্যাহত বানৰ বিভীষিকা: ২৪ ঘণ্টাত আঠজনৰ প্ৰাণহানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.