ৰাজ্যত অব্যাহত বানৰ বিভীষিকা: ২৪ ঘণ্টাত আঠজনৰ প্ৰাণহানি

author img

By

Published : Jun 28, 2022, 2:23 PM IST

eight-people-died-in-floods-in-last-24-hours

ৰাজ্য়ত অব্যাহত আছে বানৰ তাণ্ডৱলীলা (Flood in Assam) ৷ বিগত ২৪ ঘণ্টাত প্ৰলয়ংকাৰী বানপানীৰ ফলত প্ৰাণ গ’ল আঠজন লোকৰ । ইয়াৰে সৰ্বাধিক ৫ জন কাছাৰ জিলাৰ আৰু একোজনকৈ কামৰূপ মহানগৰ, নগাঁও আৰু মৰিগাঁও জিলাৰ (Eight people died in floods in Last 24 hours) ।

গুৱাহাটী, ২৮ জুনঃ ৰাজ্য চৌদিশে এতিয়া কেৱল বানৰ ধ্বংসলীলা (Flood in Assam 2022)। বানপানীৰ ফলত ঠায়ে ঠায়ে বৃদ্ধি মৃত্যু হোৱা লোকৰ সংখ্যা (Many People died in Flood)৷ বিগত ২৪ ঘণ্টাত প্ৰলয়ংকাৰী বানে প্ৰাণ ল'লে আঠজন লোকৰ (Eight people died in floods in Last 24 hours)। ইয়াৰে সৰ্বাধিক ৫ জন কাছাৰ জিলাৰ আৰু একোজনকৈ কামৰূপ মহানগৰ, নগাঁও আৰু মৰিগাঁও জিলাৰ ।

চৰকাৰী তথ্য মতে, চলিত বানত ৰাজ্যৰ ৭৫ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ উপৰি প্ৰভাৱিত হৈছে ৩৪ খন জিলা। এতিয়াও ৰাজ্যৰ ২২ খন জিলা বানৰ কবলত থকাৰ লগতে ২১.৫৩ লাখ লোক বানত ককবকাই আছে ।

বৰ্ত্তমান সময়ত ৰাজ্যৰ ২২ খন জিলাৰ ৬১ টা ৰাজহ চক্ৰৰ ২,২৫৪ খন গাঁও জলমগ্ন হৈ আছে । ৰাজ্যৰ বজালি, বাক্সা, বৰপেটা, কাছাৰ, চিৰাং, দৰং, ধেমাজি, ডিমা-হাচাও, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, কামৰূপ, কামৰূপ মহানগৰ, কৰিমগঞ্জ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শোণিতপুৰ, তামুলপুৰ আৰু ওদালগুৰি জিলা আজিও বানৰ কবলত আছে।

ইফালে বানৰ কবলত পৰা ২১.৫৩ লাখ লোকৰ ভিতৰত ১.৯১ লাখ লোকে ৫৩৮ টা সাহায্য শিবিৰত আশ্ৰয় লৈ আছে । আনফালে শিবিৰত থকা লোকসকলৰ উপৰিও বানাক্ৰান্ত ৰাইজে পৰ্যাপ্ত সাহায্য নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে বানাক্ৰান্ত ৰাইজে। বহু শিবিৰত এটুপি খোৱা পানীৰ বাবে বানাক্ৰান্ত ৰাইজে হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ।

আনহাতে ,বিভিন্ন এলেকাত বান সাহায্য দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপন কৰিছে বানাক্ৰান্ত ৰাইজে । বানত সৰ্বস্বান্ত হোৱা লোকসকলৰ মাজত এতিয়া কেৱল মাত্ৰ নিৰাশা আৰু হতাশা।

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিলা উপায়ুক্তসকলক হাত খুলি সাহায্য প্ৰদানৰ নিৰ্দেশ দিছে যদিও ঠায়ে ঠায়ে বানাক্ৰান্ত লোকে ভোকে-লঘোণে থাকি বানৰ সৈতে সহবাস কৰি উজাগৰি নিশা কটাবলগীয়া হৈছে। লক্ষণীয় বিষয় যে বহু ঠাইত বান সাহায্য চুৰি হোৱাৰ ঘটনাও সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

চৰকাৰী তথ্য অনুসৰি ৬ এপ্ৰিলৰ পৰা বান আৰু ভূমিস্খলনত এতিয়ালৈকে ১৩৪ জন লোকে প্ৰাণ হেৰুৱাইছে (134 people died in floods and landslides)। ইয়াৰে ১১৭ জন বানত আৰু ১৭ জন ভূমিস্খলনত নিহত হৈছে ।

উল্লেখ্য যে, বান আৰু ভূমিস্খলনত ৰাজ্যখনৰ বিস্তৰ ক্ষতি সাধন হৈছে। বহু ঠাইত বাট-পথ আৰু দলং বানত ধ্বংস হোৱাৰ ফলত ব্যাহত হৈ পৰিছে যোগাযোগ ব্যৱস্থা। এতিয়াও ৰাজ্যৰ ৭৪.৬৬ হেক্টৰ কৃষিভূমি বানৰ কবলত আছে । আনহাতে এন ডি আৰ এফ আৰু এছ ডি আৰ এফকে ধৰি সেনা-আৰক্ষীৰ উদ্ধাৰ অভিযান অব্যাহত আছে ।

লগতে পঢ়ক: Assam Flood 2022: দ্বিতীয়টো বানত 20 সহস্ৰাধিক হেক্টৰ কৃষিভূমি বিনষ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.