ETV Bharat / city

GST on food items: সোমবাৰৰ পৰা দাম বাঢ়িব ২১ বিধ খাদ্য সামগ্ৰীৰ

author img

By

Published : Jul 17, 2022, 10:04 PM IST

Updated : Jul 17, 2022, 10:22 PM IST

সোমবাৰৰ পৰা দাম বাঢ়িব ২১ বিধ খাদ্য সামগ্ৰীৰ
সোমবাৰৰ পৰা দাম বাঢ়িব ২১ বিধ খাদ্য সামগ্ৰীৰ

পুনৰ সাধাৰণ লোকৰ মুৰত মাধমাৰ । বহু সামগ্ৰীৰ ওপৰত নতুনকৈ জি এছ টি আৰোপ । পেকেজিং কৰা আৰু লেবেল থকা দৈ, মৌ, মাখন, লাচ্চি, ৱাটাৰ মিল্ক, চিৰা, পিঠাগুৰি, কর্নফ্লেক্স, ছয়াবিন, মটৰ, মাছ, মাংসৰ দাম মহঙা হ’ব ।

গুৱাহাটী,১৭ জুলাইঃ সাধাৰণ লোকৰ মুৰত পুনৰ মাধমাৰ । ১৮ জুলাই অৰ্থাৎ সোমবাৰৰ পৰা বৃদ্ধি পাব ২১বিধ খাদ্য সামগ্ৰীকে ধৰি আন বহুতো সামগ্ৰীৰ দাম (GST imposed on twenty one food items) । প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে বিৰোধী দলসমূহৰ তীব্ৰ বিৰোধিতাৰ পাছতো বহু সামগ্রীত নতুনকৈ জি এছ টি বলবৎ কৰাৰ লগতে আন বহুতো সামগ্ৰীৰ জি এছ টি বৃদ্ধিৰ সিদ্ধান্ত লৈছে ।

কেন্দ্ৰীয় চৰকাৰৰ এনে জনবিৰোধী সিদ্ধান্তৰ বাবেই সোমবাৰৰ পৰা পেকেজিং কৰা তথা লেবেল থকা খাদ্য সমগ্ৰী যেনে দৈ, মৌ, মাখন, লাচ্চি, ৱাটাৰ মিল্ক, চিৰা, পিঠাগুৰি, কর্নফ্লেক্স, চয়াবিন, মটৰ আদিৰ পৰা আৰম্ভ কৰি মাছ, মাংস, পনীৰলৈকে সকলোতে ৫ শতাংশ জি এছ টি দিব লাগিব । আনকি পৰিৱৰ্তনৰ আশা দেখুৱাই কেন্দ্ৰত অধিষ্ঠিত হোৱা বিজেপি চৰকাৰখনে কেঁচা চাহপাতৰ দৰে সামগ্ৰীতো জি এছ টি বলবৎ কৰি লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কক বিপদৰ মুখলৈ ঠেলি দিছে (GST on green tea leaf) । ইয়াৰ ফলত অসমৰ দৰে ৰাজ্যৰ ক্ষুদ্র চাহ খেতিয়কসকল সংকটৰ সন্মুখীন হ'ব ।

কেন্দ্ৰীয় চৰকাৰে থলুৱা ক্ষুদ্র উদ্যোগীয়ে প্রস্তুত কৰা সামগ্ৰীতো জি এছ টি আৰোপ কৰাৰ বাবে লোৱা সিদ্ধান্তৰ ফলত সৰু সৰু ব্যৱসায়ীসকলৰ মূৰত এতিয়া ৰামটাঙোন পৰিব । মন কৰিবলগীয়া কথা যে অহা ১৮ জুলাইৰ পৰা হোটেলত থকা আৰু চিকিৎসালয়ত ভৰ্তি হৈ চিকিৎসা কৰাও ব্যয়বহুল হৈ পৰিব । কিয়নো কেন্দ্ৰীয় চৰকাৰে চিকিৎসালয়ৰ কোঠাৰ মাচুল প্রতিদিনে ৫ হাজাৰ টকাৰ ওপৰত হ'লে ৫ শতাংশ জি এছ টি আৰোপ কৰাৰ সিদ্ধান্ত লৈছে । একেদৰে প্ৰতিদিনে ১,০০০ টকাতকৈ কম মূল্যৰ হোটেলৰ কোঠাত ১২ শতাংশ কৰ দিব লাগিব ।

ইফালে জনতাৰ মূৰত ৰামটাঙোন শোধাই প'ষ্টকাৰ্ড আৰু ইনলেণ্ড লেটাৰ, বুক প’ষ্ট আৰু ১০ গ্ৰামতকৈ কম ওজনৰ খামৰ বাহিৰে আন সকলো ডাকঘৰ সেৱাৰ ওপৰত কৰ আৰোপ কৰিছে । বেংকৰ চে'ক বুকৰ বাবেও গ্রাহকে দিব লাগিব ১৮ শতাংশ জি এছ টি । উল্লেখ্য যে সবকা সাথ সবকা বিকাশৰ কথা কোৱা মোদী চৰকাৰে এটাৰ পাছত আনটো সামগ্ৰীৰ ওপৰত জি এছ টি বলৱৎ কৰাৰ ফলত এতিয়া জি এছ টিৰ পৰা মুক্ত হৈ থকা সামগ্ৰীৰ সংখ্যা হৈছে মাত্র ১৬৮ বিধহে । অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাত পৰা এইকেইবিধ সামগ্রীতো মোদী চৰকাৰে যে অনাগত দিনত জি এছ টি নলগাব তাৰ কোনো নিশ্চিয়তা নাই ।

কিয়নো দাম বৃদ্ধিয়ে জনতাক সর্বস্বান্ত কৰাৰ পাছতো মোদী চৰকাৰে বহু সামগ্ৰীত জি এছ টি আৰোপ কৰাৰ সিদ্ধান্ত লৈছে । ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে যে মোদী চৰকাৰে কৰ সংগ্ৰহৰ ক্ষেত্ৰত কিদৰে গুৰুত্ব আৰোপ কৰিছে । ইফালে চৰকাৰখনৰ এনে সিদ্ধান্তৰ ফলত এতিয়া দেখদেখকৈ সমস্যাৰ সন্মুখীন হ'ব লাগিব সাধাৰণ জনতা । ইতিমধ্যে চাউল, দাইল, খোৱা তেলৰ পৰা আৰম্ভ কৰি শাক-পাচলিলৈকে প্ৰতিবিধ সামগ্ৰীৰে দাম আকাশলংঘী হৈ পৰিছে ।

ক'বলৈ গ'লে বজাৰত জুই জ্বলিছে (High price rise in market) । সাধাৰণ লোকসকলে এতিয়া নিমখৰ সৈতে হ’লেও দুবেলা দুসাঁজ খাবলৈকো চিন্তা কৰিবলগীয়া হৈছে । কিন্তু সাধাৰণ লোকৰ দুখ-কষ্টৰ কথা ভাবিবলৈ সময় নাই শাসনত থকা বৰমূৰীয়াসকলৰ । কাইলৈৰ পৰা সাধাৰণ জনতাই মূল্যবৃদ্ধিৰ আন এক যুঁজৰ সন্মূখীন হ'ব লাগিব ।

লগতে পঢ়ক: Presidential Election 2022: দেওবাৰে পুৱাৰ পৰা নিশালৈকে দিছপুৰত বৰআখৰা

Last Updated :Jul 17, 2022, 10:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.