ETV Bharat / state

Presidential Election 2022: দেওবাৰে পুৱাৰ পৰা নিশালৈকে দিছপুৰত বৰআখৰা

author img

By

Published : Jul 17, 2022, 8:16 PM IST

Presidential Election 2022
শনিবাৰে পুৱাৰ পৰা নিশালৈকে দিছপুৰত বৰআখৰা

ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদানৰ বাবে দিছপুৰত বাৰে বাৰে প্ৰশিক্ষণ দিয়া হৈছে বিধায়কক ৷ কোনো কাৰণতে ভোটদানৰ সময়ত বিধায়কে যাতে ভুল নকৰে তাৰ প্ৰতি চোকা নজৰ ৰখা হৈছে ৷ দিনে-নিশাই প্ৰশিক্ষণ দিয়া হৈছে বিধায়কক (Mock voting at Dispur)৷

নিউজ ডেস্ক, 17 জুলাই: কাইলৈ দেশৰ 16 সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচন (Presidential Election 2022)৷ 18 জুলাইৰ পুৱাৰে পৰা অনুষ্ঠিত হ’বলগীয়া ভোটদানৰ বাবে প্ৰতিখন ৰাজ্যৰ বিধায়ক আৰু সাংসদসকলক ইতিমধ্যে সাজু কৰি তোলা হৈছে ৷ ভোটদানৰ সময়ত যাতে কোনো ভোট নাকচ নহয় তাৰ বাবে দলসমূহে প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰিছে ৷

অসমতো দেখা গৈছে অনুৰূপ পৰিৱেশ ৷ 17 জুলাইৰ দিনটোত বিজেপিৰ লগতে মিত্ৰদলসমূহৰ বিধায়কসকলক দিয়া হ’ল দুবাৰকৈ প্ৰশিক্ষণ (President Election Mock voting at Dispur) ৷ পুৱাৰ ভাগত অসম বিধানসভাৰ সচিবালয়ৰ চেন্ট্ৰেল হলত আৰু সন্ধিয়া বিধানসভাৰ গোপীনাথ বৰদলৈ ভৱনত বিজেপি, অগপ আৰু ইউপিপিএলৰ সদস্যসকলক দিয়া হয় ভোটদানৰ প্ৰশিক্ষণ ৷ সন্ধিয়াৰ প্ৰশিক্ষণ শিৱিৰত উপস্থিত থাকে খোদ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও ৷

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিধায়কসকলক বাৰেবাৰে ভোটদানৰ প্ৰশিক্ষণ দিবলগীয়া হোৱাৰ সম্পৰ্কত অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাক ইটিভি ভাৰতৰ ফালৰ পৰা কৰা হৈছিল প্ৰশ্ন ৷ প্ৰশ্নোত্তৰত মন্ত্ৰীগৰাকীয়ে কয়- অভ্যাসৰ নৰ, কৰ্ণপথে কৰে শৰ ৷ অৰ্থাৎ ভোটদানৰ সময়ত কোনো এজন বিধায়কে যাতে ভুল নকৰে তাৰ প্ৰতি ৰখা হৈছে চোকা নজৰ ৷ ফলত বাৰে বাৰে প্ৰদান কৰা হৈছে প্ৰশিক্ষণ ৷

লগতে পঢ়ক: Presidential Election 2022: অখিল গগৈৰ মতে আজমলৰ দলে NDAৰ প্ৰাৰ্থীক ভোট দিয়াটো খাটাং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.