ETV Bharat / state

Presidential Election 2022: অখিল গগৈৰ মতে আজমলৰ দলে NDAৰ প্ৰাৰ্থীক ভোট দিয়াটো খাটাং

author img

By

Published : Jul 17, 2022, 6:46 PM IST

বদৰুদ্দিন আজমল মুছলমানৰ আটাইতকৈ ডাঙৰ শত্ৰু ৷ আজমলৰ কাৰণেই হিন্দু-মুছলমানৰ ৰাজনীতি বেছিকৈ হৈছে ৷ সমাগত ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত (Presidential Election 2022) এআইইউডিএফৰ বিধায়কে এন ডি এৰ প্ৰাৰ্থীকে ভোট দিব ৷ এই মন্তব্য বিধায়ক অখিল গগৈৰ ৷

Presidential Election 2022
অখিল গগৈৰ মতে আজমলৰ দলে NDAৰ প্ৰাৰ্থীক ভোট দিয়াটো খাটাং

গুৱাহাটী, ১৭ জুলাই: ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ পূৰ্বে এআইইউডিএফ প্ৰধান বদৰুদদ্দিন আজমলৰ(AIUDF chief Badruddin Ajmal) বিৰুদ্ধে সৰৱ হৈ পৰিল বিধায়ক অখিল গগৈ (MLA Akhil Gogoi)৷ দেওবাৰে এক সংবাদ মেল সম্বোধন কৰি বিধায়কগৰাকীয়ে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে উত্থাপন কৰিলে বহুকেইটা বিস্ফোৰক মন্তব্য ৷

অখিল গগৈৰ মতে আজমলৰ দলে NDAৰ প্ৰাৰ্থীক ভোট দিয়াটো খাটাং

বিজেপি আৰু এআইইউডিএফ একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি মন্তব্য কৰে অখিল গগৈয়ে । নিজৰাপাৰস্থিত বিধায়কগৰাকীৰ বাসগৃহত সম্বোধন কৰা সংবাদমেলখনত তেওঁ কয় যে বদৰুদ্দিন আজমল মুছলমান জাতিটোৰ আটাইতকৈ ডাঙৰ শত্ৰু । ব্যক্তিগত স্বাৰ্থৰ বাবে মুছলমান জাতিটোক বদৰুদ্দিন আজমলে বিক্ৰী কৰিব বিচাৰে ।

পৃথিৱীত আটাইতকৈ বিশ্বাস কৰিব নোৱাৰা মানুহজনেই বদৰুদ্দিন আজমল বুলি মন্তব্য কৰে অখিল গগৈয়ে । বদৰুদ্দিন আজমল অসমৰ শত্ৰু বুলি মন্তব্য কৰি তেওঁ কয় যে, ৰাষ্ট্ৰপতি নিৰ্বাচনত(Presidential Election 2022) আজমলৰ দলে NDA ক যে ভোট দিব সেইটো খাটাং (AIUDF in presidential election)।

লগতে তেওঁ কয় যে বদৰুদ্দিন আজমলৰ বাবে বিজেপিয়ে হিন্দু-মুছলমানৰ ৰাজনীতি কৰিবলৈ বেছিকৈ সুযোগ পাইছে । বদৰুদ্দিনৰ এ আই ইউ ডি এফ যিদৰে মুছলমান মৌলবাদী দল সেইদৰে বিজেপি হিন্দু মৌলবাদী দল । ৰাজ্যসভাৰ নিৰ্বাচনতো এ আই ইউ ডি এফ বিজেপিক ভোট দিছে বুলি দোহাৰে বিধাকগৰাকীয়ে ।

লগতে পঢ়ক: Oppositions Vice President Candidate: মাৰ্গাৰেট আলভা উপ-ৰাষ্ট্ৰপতি পদৰ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.