ETV Bharat / state

Presidential election 2022: 100 শতাংশ ভোটদান নহ’ব অসমত

author img

By

Published : Jul 17, 2022, 8:24 PM IST

Presidential election 2022
ৰাষ্ট্ৰপতি নিৰ্বাচনত 100 শতাংশ ভোটদান নহ’ব অসমত

সোমবাৰে অসম বিধানসভা সচিবালয়ত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটদান (Presidential election 2022) ৷ কিন্তু ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে অসমৰ পৰা সম্পূৰ্ণ ভোটদান নহয় ৷ কিয়নো অসম নাই তিনি বিধায়ক ৷

নিউজ ডেস্ক, 17 জুলাই : সোমবাৰে অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনত অসমত নহ'ব 100 শতাংশ ভোটদান ৷ কিয়নো বৰ্তমান অসমত নাই তিনিজনকৈ বিধায়ক ৷ শাসকীয় দল বিজেপিৰ লগতে মিত্ৰদল অগপ আৰু ইউ পি পি এলে এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক ভোটদানৰ বাবে সাজু হৈছে (NDA presidential candidate Draupadi Murmu)। সেইদৰে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশোৱন্ত সিনহাক ভোট দিয়াৰ বাবে সাজু হৈছে বিৰোধী দলসমূহ (Oppositions candidate Yashwant Sinha)।

অসমক প্ৰতিনিধিত্ব কৰা 126 গৰাকী বিধায়কৰ উপৰি লোকসভাৰ 14 গৰাকী আৰু ৰাজ্যসভাৰ 7 গৰাকী সাংসদকে ধৰি ৰাষ্ট্ৰপতি নিৰ্বাচনত অসমৰ মুঠ ভোটাৰৰ সংখ্যা 147 গৰাকী । অৱশ্যে এইবাৰ অসমৰ পৰা সম্পূৰ্ণ 100% ভোটদান নহয় ৷ কিয়নো অসম বিধান সভাৰ 126 গৰাকী বিধায়কৰ ভিতৰত 123 গৰাকী বিধায়কহে বৰ্তমান আছে অসমত ৷

তথ্য অনুসৰি, নাওবৈচা সমষ্টিৰ কংগ্ৰেছ বিধায়ক ভৰত চন্দ্ৰ নৰহে অসম বিধানসভাৰ পৰিৱৰ্তে ভোটদান কৰিব দিল্লীৰ সংসদ ভৱনত ৷ বিধায়কগৰাকীৰ এক আবেদনৰ ভিত্তিতে নিৰ্বাচন আয়োগে সংসদ ভৱনত ভোটদানৰ বাবে অনুমতি প্ৰদান কৰিছে । দিল্লীত চিকিৎসাধীন অৱস্থাত থকাৰ বাবেই সংসদ ভৱনতে ভোটদানৰ বাবে অনুমতি দিয়া হৈছে বিধায়ক নৰহক ৷

ইফালে মক্কাৰ হজত অংশ ল’বলৈ যোৱা অসমৰ AIUDF ৰ দুগৰাকী বিধায়ক আছেগৈ চৌদি আৰৱত ৷ তেওঁলোক হ’ল কাটলিচেৰাৰ বিধায়ক সুজামুদ্দিন লস্কৰ আৰু আলগাপুৰ সমষ্টিৰ বিধায়ক নিজামুদ্দিন চৌধুৰী ৷ সেয়ে অসম বিধানসভাৰ 126 গৰাকী বিধায়কৰ উল্লেখিত এই তিনিগৰাকী বিধায়কে সোমবাৰে 16 সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান সাব্যস্ত কৰিবলৈ উপস্থিত থাকিব নোৱাৰিব অসমত ৷

উল্লেখ্য যে, 2016 চনৰ নিৰ্বাচনত AIUDFৰ 16গৰাকী বিধায়ক জয়ী হৈছিল ৷ কিন্তু পৰৱৰ্তী সময়ত AIUDF ৰ বিধায়ক ফণী তালুকদাৰে AIUDF ত্যাগ কৰি যোগদান কৰে BJP ত ৷ যাৰ ফলত 16 গৰাকীৰ বিপৰীতে বৰ্তমান AIUDF ৰ বিধায়কৰ সংখ্যা হৈছেগৈ 15গৰাকী ৷

কিন্তু এই 15 গৰাকী বিধায়কৰ দুগৰাকী বিধায়ক আছেগৈ চৌদি আৰৱত ৷ অৰ্থাৎ সোমবাৰে অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰপতি নিৰ্বাচনত AIUDF ৰ 13 গৰাকী বিধায়কেহে ভোটাধিকৰ সাব্যস্ত কৰিব ৷

লগতে পঢ়ক : Presidential election: ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে সাজু বিধানসভাৰ কক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.