ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jul 31, 2022, 7:04 PM IST

7 বজাৰ শীৰ্ষ 10 টা বাতৰি
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

Assam CM in Jharkhand Politics: ঝাৰখণ্ডৰ ৰাজনীতিত কেনেকৈ সাঙোৰ খালে হিমন্ত বিশ্ব শৰ্মাৰ নাম?

চৰকাৰ ভঙা-পতাৰ খেলত পুনৰ সাঙোৰ খাই পৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নাম(Assam CM Himanta Biswa Sarma) ৷ ঝাৰখণ্ডৰ ঝাৰখণ্ড মুক্তি মৰ্চা(JMM) আৰু কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰ উফৰোৱাৰ ষড়যন্ত্ৰত মুখ্যমন্ত্ৰীগৰাকী ব্যস্ত হৈ পৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ বিসম্বাদী বিধায়কক 10 কোটি টকাৰ লগতে মন্ত্ৰিত্ব প্ৰদানৰ প্ৰলোভন দিয়া বুলিও হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ আনিছে ঝাৰখণ্ডৰ বিধায়কে ৷

North East Player win gold at CWG 2022 : মীৰাবাঈৰ পাছত উত্তৰ পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়ালে জেৰেমি লালৰিনুংগাই

উত্তৰ-পূৱৰ বাবে গৌৰৱৰ খবৰ । চলিত কমনৱেলথ গেমছত মণিপুৰৰ মীৰাবাঈ চানুৰ পাছত এইবাৰ ভাৰতৰ বাবে দ্বিতীয়টো সোণৰ পদক অৰ্জন কৰিলে ভাৰোত্তোলক জেৰেমি লালৰিনুঙ্গাই (Mizoram Player Jeremy Lalrinnunga win gold at CWG 2022)। কমনৱেলথ গেমছৰ পদৰ তালিকাত ভাৰত মুঠ ৫ টা পদকৰ সৈতে ষষ্ঠ স্থানত আছে ।

IPS Sujoy Lal Thaosen: অসম সন্তান সুজয় লাল থাউচেনক ITBPৰ সঞ্চালক প্ৰধানৰ দায়িত্ব

ITBPৰ সঞ্চালক প্ৰধান পদত অধিস্থিত হ’ল অসম সন্তান ড৹ সুজয় লাল থাউচেন (IPS Sujoy Lal Thaosen)৷ সশস্ত্ৰ সীমা বল (SSB)ৰ সঞ্চালক প্ৰধানৰ দায়িত্বত থকা ড৹ সুজয় লাল থাউচেনক অতিৰিক্তভাৱে প্ৰদান কৰা হৈছে এই দায়িত্ব ৷

Workers died in Arunachal: ঠিকাদাৰৰ নিৰ্যাতনৰ বলি হৈ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ

অৰুণাচলত মৃত্যু দুলীয়াজানৰ দুজন শ্ৰমিকৰ ৷ দুলীয়াজানৰ নাওহলীয়াৰ জুটুলিবাৰী চাহ বাগিচাৰ পৰা এমাহ পূৰ্বে প্ৰায় ১৫ গৰাকী শ্ৰমিকক অৰুণাচলত কৰ্মসংস্থাপনৰ বাবে নিছিল ঠিকাদাৰে । অৰুণাচলত ঠিকাদাৰে ভয়-ভাবুকিৰে শ্ৰমিকসকলক দিনে-নিশাই কৰ্মত নিয়োজিত কৰাৰ অভিযোগ শ্ৰমিক পৰিয়ালৰ ৷ ঠিকাদাৰৰ অকথ্য নিৰ্যাতনৰ বাবেই শ্ৰমিক দুগৰাকীৰ মৃত্যুৰ অভিযোগ পৰিয়ালৰ ।

Road accident in Rangia: ৰঙিয়াত নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰিল বাহন

ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে সংঘটিত হয় এটি ভয়াৱহ পথ দুৰ্ঘটনা(Road accident in Rangia) । উল্লেখ্য যে, উদিয়ানাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰি পৰিল AS 01 DA 0537 নম্বৰৰ এখন দ্ৰুতবেগী বলেৰ' বাহন । যাৰ ফলত বন্ধ হৈ পৰিল নলবাৰী অভিমুখী ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ ।

Revision of electoral rolls: ভোটাৰ তালিকাৰ সংশোধনী সন্দৰ্ভত জোনাই মহকুমাধিপতিৰ সংবাদমেল

এতিয়া দেশজুৰি চলিছে ভোটাৰ তালিকা সংশোধনীৰ কাম(Revision of electoral rolls) । ভোটাৰ তালিকাৰ আগন্তুক বিশেষ সংক্ষিপ্ত সংশোধনী বিষয়ক লৈ জোনাই মহকুমাধিপতিৰ সংবাদমেল(Jonai SDO Press Conference) ৷ ভোটাৰ তালিকাত নামভৰ্তি বা শুধৰণিৰ বাবে এতিয়াৰে পৰা ভোটাৰক চাৰিবাৰ দিয়া হ’ব সুযোগ ৷

Poor communication in Lakhimpur: ডিজিটেল ইণ্ডিয়াত ডাংকোলাকৈহে নিব লাগে ৰোগীক

এফালে ডিজিটেল ইণ্ডিয়াৰ শ্ল’গান, আনফালে ৰাজ্যত পৰিস্ফূট হৈছে উন্নয়নৰ ফোপোলা ছবি ৷ উন্নয়নৰ এইবাৰ ফোপোলা ছবি পৰিস্ফূট হৈছে লখিমপুৰত (Poor communication in Lakhimpur)৷ চৰকাৰী উন্নয়নে ঢুকি পোৱা নাই লখিমপুৰৰ ৰংপুৰীয়া গাঁৱক ৷ ফলত ৰোগীক চিকিৎসালয়লৈ নিব লাগে ডাংকোলা কৰিহে ৷

Tree falls in Jonai: জোনাইত গছ বাগৰিল, ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ

জোনাইত গছ বাগৰি পৰাৰ ফলত বন্ধ হৈ পৰিল ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ যাতায়ত ব্যাহত ৷ কেইবাখনো সৰু বৰ দোকানৰ ক্ষতিসাধন(Traffic was disrupted due to falling tree) ৷

NIA and ATS in Surat: চুৰাটত এনআইএই-এটিএছৰ অভিযানত ধৃত এক

চুৰাটত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা(NIA)আৰু সন্ত্ৰাসবাদ বিৰোধী স্কোৱাডে(ATS)দেওবাৰে পুৱাতেই এজন অভিয়ুক্তক গ্ৰেপ্তাৰৰ বাবে অভিযান চলায় । অভিযানকাৰী দলটোৱে দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত থকাৰ পাছত আইছিছৰ সৈতে জড়িত থকাৰ আভিযোগত এজন যুবকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Seasonal Affective Disorder : বতৰে মানুহৰ শৰীৰত কেনেদৰে প্ৰভাৱ পেলায় ?

সঘনাই বতৰ পৰিৱৰ্তনৰ ফলত মানুহৰ শৰীৰত ঋতুগত প্ৰভাৱিত সমস্যাই দেখা দিব পাৰে (Seasonal Affective Disorder)। ইয়াৰ লক্ষণবোৰৰ ভিতৰত আছে ভাগৰ, হতাশা, নিৰাশা আৰু সমাজৰ পৰা আঁতৰি থাকিবলৈ মন যোৱা । কিন্তু এই ঋতুগত প্ৰভাৱিত সমস্যাৰ পৰা কেনেদৰে ৰেহাই পাব আপুনি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.