IPS Sujoy Lal Thaosen: অসম সন্তান সুজয় লাল থাউচেনক ITBPৰ সঞ্চালক প্ৰধানৰ দায়িত্ব

author img

By

Published : Jul 31, 2022, 4:45 PM IST

Updated : Jul 31, 2022, 5:01 PM IST

IPS Sujoy Lal Thaosen

ITBPৰ সঞ্চালক প্ৰধান পদত অধিস্থিত হ’ল অসম সন্তান ড৹ সুজয় লাল থাউচেন (IPS Sujoy Lal Thaosen)৷ সশস্ত্ৰ সীমা বল (SSB)ৰ সঞ্চালক প্ৰধানৰ দায়িত্বত থকা ড৹ সুজয় লাল থাউচেনক অতিৰিক্তভাৱে প্ৰদান কৰা হৈছে এই দায়িত্ব ৷

নিউজ ডেস্ক, 31 জুলাই: ITBPৰ সঞ্চালক প্ৰধান পদত অধিস্থিত হ’ল অসম সন্তান ড৹ সুজয় লাল থাউচেন (IPS Sujoy Lal Thaosen)৷ IPS সঞ্জয় আৰোৰাক ইণ্ডো তিব্বত সীমান্ত আৰক্ষী (ITBP)ৰ সঞ্চালক প্ৰধান পদৰ পৰা দিল্লী আৰক্ষীৰ আয়ুক্ত পদলৈ বদলি কৰাৰ পাছতে অসম সন্তানগৰাকীক এই দায়িত্ব প্ৰদান কৰা হয় ৷

উল্লেখ্য যে, IPS সুজয় লাল থাউচেন সম্প্ৰতি সশস্ত্ৰ সীমা বলৰ সঞ্চালক প্ৰধানৰ দায়িত্বতো আছে (SSB DG Sujoy Lal Thaosen)৷ সঞ্জয় আৰোৰাৰ বদলিৰ পাছত অতিৰিক্তভাৱে ইণ্ডো তিব্বত সীমান্ত আৰক্ষীৰ সঞ্চালক প্ৰধান পদৰ দায়িত্ব প্ৰদান কৰা হৈছে ড৹ সুজয় লাল থাউচেনক(ITBP DG Sujoy Lal Thaosen) ৷

উল্লেখ্য যে, মধ্য প্ৰদেশ কেডাৰৰ ১৯৮৮ বেটচৰ আই পিএ ছ বিষয়া ড৹ থাওছেনে দেশৰ দুই গুৰুত্বপূৰ্ণ নিৰাপত্তা বাহিনীৰ শীৰ্ষ দায়িত্ব লাভত স্বাভাৱিকতেই তেওঁৰ জন্মস্থান হাফলঙৰ লগতে সমগ্ৰ অসমবাসী গৌৰৱান্বিত হৈছে ৷

লগতে পঢ়ক: CWG 2022 : ভাৰতলৈ ৰূপৰ পদক আনিলে মণিপুৰৰ বিন্দিয়াৰাণী দেৱীয়ে

Last Updated :Jul 31, 2022, 5:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.