ETV Bharat / state

Tree falls in Jonai: জোনাইত গছ বাগৰিল, ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ

author img

By

Published : Jul 31, 2022, 5:52 PM IST

জোনাইত গছ বাগৰি পৰাৰ ফলত বন্ধ হৈ পৰিল ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ যাতায়ত ব্যাহত ৷ কেইবাখনো সৰু বৰ দোকানৰ ক্ষতিসাধন(Traffic was disrupted due to falling tree) ৷

shops-were-damaged-and-traffic-was-disrupted-due-to-falling-tree
জোনাইত গছ বাগৰি পৰাৰ ফলত বন্ধ হৈ পৰিল ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথ

জোনাই, 31 জুলাই : দেওবাৰে জোনাই মহকুমাৰ অন্তৰ্গত নেপালী বস্তিৰ দুৰ্গা মন্দিৰৰ সমীপত থকা এজোপা বৃহৎ আকাৰৰ আহত গছ বাগৰি পৰাৰ(Tree falls in Jonai) ফলত মন্দিৰৰ সমীপত থকা কেইবাখনো সৰু বৰ দোকান ভাঙি চুৰমাৰ হয়(Traffic was disrupted due to falling tree) ৷

জোনাইত গছ বাগৰি পৰাৰ ফলত বন্ধ হৈ পৰিল ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথ

আনহাতে, এই গছজোপা বাগৰি পৰাত ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা কেইবাটাও বিদুৎ পৰিবাহী খুটা ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰে ৷ যাৰ ফলত ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰে যাতায়ত ব্যাহত হৈ পৰে ৷ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োফালে বহু যান-বাহন আৱদ্ধ হৈ পৰে ৷

বিগত কিছু দিনৰ ধৰি জোনাইত হৈ থকা মূষলধাৰ বৰষুণৰ ফলত এই প্ৰকাণ্ড গছজোপা বাগৰি পৰা বুলি ৰাইজে জানিবলৈ দিছে ৷ উক্ত অঞ্চলত যথেষ্ট পৰিমাণৰ ৰাইজৰ সমাগম আছিল যদিও সৌভাগ্যক্ৰমে গছজোপা বাগৰি পৰাৰ ফলত কোনো লোক আঘাতপ্ৰাপ্ত নহয় ৷ বৰ্তমানে জোনাই আৰক্ষী আৰু জোনাই বিদুৎ উপসংমণ্ডলৰ কৰ্মচাৰী উপস্থিত হৈ উক্ত পথচোৱা মুকলি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : লাহৰীঘাটত অন কেমেৰা খহি পৰিল এটা গৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.