ETV Bharat / sukhibhava

Seasonal Affective Disorder : বতৰে মানুহৰ শৰীৰত কেনেদৰে প্ৰভাৱ পেলায় ?

author img

By

Published : Jul 31, 2022, 5:16 PM IST

সঘনাই বতৰ পৰিৱৰ্তনৰ ফলত মানুহৰ শৰীৰত ঋতুগত প্ৰভাৱিত সমস্যাই দেখা দিব পাৰে (Seasonal Affective Disorder)। ইয়াৰ লক্ষণবোৰৰ ভিতৰত আছে ভাগৰ, হতাশা, নিৰাশা আৰু সমাজৰ পৰা আঁতৰি থাকিবলৈ মন যোৱা । কিন্তু এই ঋতুগত প্ৰভাৱিত সমস্যাৰ পৰা কেনেদৰে ৰেহাই পাব আপুনি ?

Seasonal Affective Disorder
বতৰে মানুহৰ শৰীৰত কেনেদৰে প্ৰভাৱ পেলায়

সঘনাই হোৱা বতৰৰ পৰিৱৰ্তন আৰু দীঘলীয়া সময়ৰ বাবে সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ অহাৰ অভাৱৰ ফলত আমাৰ মনত দুখ বা নেতিবাচক অনুভূতিৰ বিকাশ হ'ব পাৰে । এই সমস্যাটোৱে বাৰিষা ঋতুতো মানুহক প্ৰভাৱিত কৰে । প্ৰকৃততে, এয়া হৈছে এক প্ৰকাৰৰ উদ্বেগ যাক ঋতুগত প্ৰভাৱিত সমস্যা (SAD) শ্ৰেণীৰ অধীনৰ বুলি ধৰা হয় । ইয়াক সাধাৰণতে 'মৌচুমী ব্লুজ'(Monsoon Blues) বুলিও কোৱা হয় ।

গ্ৰীষ্মকালৰ পাছত, বহুলোকে বাৰিষাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থাকে । ৰোমাঞ্চ হওঁক বা অৱসৰ হওঁক, সকলোবোৰ সাধাৰণতে বাৰিষাৰ সৈতে সম্পৰ্কিত । আনকি হিন্দী চলচ্চিত্ৰতো, বৰষুণ ৰোমাঞ্চৰ সৈতে জড়িত । অৱশ্যে, যেতিয়া নিৰন্তৰ বৰষুণ হয় আৰু আকাশখন ডাৱৰে আৱৰি থাকে, মানুহে অশান্তি আৰু চাপ অনুভৱ কৰিবলৈ আৰম্ভ কৰে ।

ঋতুগত প্ৰভাৱিত সমস্যা (Seasonal Affective Disorder) আনকি শীতকালতো হ'ব পাৰে (Seasonal Affective Disorder can happen even in Winters)।

বিশেষজ্ঞসকলে বিশ্বাস কৰে যে বতৰে কেৱল আমাৰ আচৰণেই নহয় আমাৰ স্বাস্থ্যকো প্ৰভাৱিত কৰে (Weather affects our health)। সূৰ্যৰ পোহৰ বা সূৰ্যৰ ৰশ্মি আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ । কিন্তু বাৰিষা বা শীতকালত, যদি এজন ব্যক্তি দীঘলীয়া সময়ৰ বাবে পোনপটীয়া সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ নাহে, তেওঁলোকৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য যথেষ্ট প্ৰভাৱিত হ'ব পাৰে । ঋতুগত প্ৰভাৱিত সমস্যাও সেই প্ৰভাৱবোৰৰ ভিতৰত অন্যতম ।

মনোৰোগ বিশেষজ্ঞসকলৰ মতে, যেতিয়া দীঘলীয়া সময়ৰ বাবে সূৰ্যৰ পোহৰ নাথাকে, বহুলোক বাৰিষা আৰু শীতকালীন ব্লুজত (Monsoon and Winter Blues) ভুগিব পাৰে । এই দুয়োটা ক্ষেত্ৰতে, এজন ব্যক্তিয়ে হতাশা অনুভৱ কৰা আৰম্ভ কৰে, তেওঁলোকৰ মনোভাৱ অতি সোনকালে সলনি হয় আৰু কেতিয়াবা তেওঁলোকে কোনো কাৰণ নোহোৱাকৈ দুখ অনুভৱ কৰিবলৈ আৰম্ভ কৰে । লগতে, এই অৱস্থাৰ ভুক্তভোগীসকলৰ ক্ষেত্ৰত অন্যান্য প্ৰকাৰৰ মানসিক সমস্যাই দেখা দিয়া আৰম্ভ কৰে, যি তেওঁলোকৰ আচৰণ, তেওঁলোকৰ দৈনন্দিন কাৰ্যকলাপ, আনকি তেওঁলোকৰ ব্যক্তিগত আৰু সামাজিক জীৱনকো প্ৰভাৱিত কৰে ।

সমস্যাৰ কাৰণসমূহ

নেশ্যনেল ইনষ্টিটিউট অৱ মেন্টেল হেল্থ (NIMH)ৰ মতে, ই হৈছে এক মানসিক ৰোগ যাক সাধাৰণতে ঋতুটোৰ বিষন্ন সময়ত মানুহে সন্মুখীন হয় । এতিয়ালৈকে এই বিষয়ত পোহৰলৈ অহা গৱেষণাৰ ফলাফলবোৰত মুখ্যতঃ 'হাইপোথেলামাছৰ সমস্যা'(Problems in the Hypothalamus), 'চেৰোটনিন নিউৰনৰ হ্ৰাস'(Decrease in Serotonin Neurons) আৰু 'আমাৰ শৰীৰৰ চাৰ্কাডিয়ান ৰিদমত বিভ্ৰান্তি'(Disturbances in the Circadian Rhythm of our Body) এই ৰোগৰ বাবে দায়ী বুলি উল্লেখ কৰা হৈছে । এই তিনিওটা পৰিস্থিতি সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ নোযোৱাৰ বাবে হ'ব পাৰে ।

প্ৰকৃততে, শৰীৰে সূৰ্যৰ পোহৰৰ পৰা ভিটামিন ডি লাভ কৰে (Our body gets vitamin D from sunlight), যাৰ অভাৱে শৰীৰৰ বিভিন্ন কাৰ্যকলাপত প্ৰভাৱিত কৰিব পাৰে । ইয়াৰ অভাৱৰ বাবে মগজুত চেৰোটনিন নামৰ নিউৰোট্ৰেন্সমিটাৰৰ কাৰ্যত প্ৰভাৱ পৰে । এই নিউৰোট্ৰেন্সমিটাৰটোক মেজাজ স্থিৰকৰ্তা (Mood stabilizer) বুলিও কোৱা হয় (Neurotransmitter is also called a mood stabilizer)। এই নিউৰোট্ৰেন্সমিটাৰ সূৰ্যৰ পোহৰত অধিক সক্ৰিয় হয় ।

এনে পৰিস্থিতিত, যেতিয়া মানুহে দীঘলীয়া সময়ৰ বাবে সূৰ্যৰ পোহৰ নাপায়, বৰষুণ বা শীতকালত, মগজুত চেৰোটনিনৰ স্তৰ প্ৰভাৱিত হ'ব পাৰে । একে সময়তে, বতৰে শৰীৰৰ চাৰ্কাডিয়ান ছন্দ অৰ্থাৎ বায়'লজিকেল ক্ল'কত প্ৰভাৱিত কৰে । বিশেষকৈ সূৰ্যৰ পোহৰৰ অভাৱৰ বাবে শোৱা, সাৰ পোৱা বা আহাৰ আদিৰ দৰে বহুতো অভ্যাসত প্ৰভাৱ পৰে ।

লক্ষণবোৰ কি ?

NIMHৰ মতে, ঋতুগত প্ৰভাৱিত সমস্যা বিভিন্ন আৰ্হিৰ লোকক প্ৰভাৱিত কৰে (Seasonal Affective Disorder affects people in different patterns), যেনে 'মৌচুমী আৰ্হি'(Monsoon Pattern) আৰু 'শীতকালীন আৰ্হি'(Winter Pattern)। যিহেতু এই সমস্যাৰ মূল হৈছে হতাশা সেয়ে ইয়াৰ লক্ষণবোৰো সাধাৰণতে সকলো ধৰণৰ হতাশাৰ লক্ষণৰ সৈতে একে । অৱশ্যে, বিভিন্ন লোকৰ ক্ষেত্ৰত বিভিন্ন লক্ষণ দেখা যায় ।

এই মনোৰোগৰ কিছুমান সচৰাচৰ লক্ষণ তলত দিয়া ধৰণৰ :

  • দুখিত বা অকলশৰীয়া অনুভৱ কৰা ।
  • ভোক আৰু ওজনৰ বৃদ্ধি অথবা হ্ৰাস হোৱা ।
  • নিদ্ৰাহীনতা বা অত্যাধিক টোপনি ।
  • কোনো কাম কৰিবলৈ ইচ্ছা নোযোৱা ।
  • দুৰ্বল অনুভৱ কৰা ।
  • মনোযোগ দিবলৈ ইচ্ছা নোযোৱা ।
  • সকলো সময়তে কান্দিবলৈ মন যোৱা ।
  • আশাহীন, দোষী বা আত্মসন্মান কম অনুভৱ কৰা ।
  • শাৰীৰিক সম্পৰ্কত অনিশ্চয়তাৰ অনুভূতি ।
  • সামাজিক জীৱনৰ পৰা দূৰত্ব ।
  • অতি উদ্বিগ্ন, খিংখিঙীয়া বা খঙাল অনুভৱ কৰা ।
  • মনত আত্মহত্যা বা মৃত্যুৰ চিন্তা অহা ।

ইয়াক কেনেদৰে চম্ভালিব :

উত্তৰাখণ্ডৰ মনোবিজ্ঞানী ড০ ৰেণুকা শৰ্মাই কয় যে ঋতুগত প্ৰভাৱিত সমস্যা যিয়েই নহওঁক কিয়, সুখী হ'বলৈ চেষ্টা কৰা আৰু এই ক্ষেত্ৰত নিজকে ব্যস্ত কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ । ইয়াৰ বাহিৰেও, আন কিছুমান পৰামৰ্শ আছে যাৰ পৰা এই সমস্যাৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰিব পাৰে । ইয়াৰে কিছুমান তলত উল্লেখ কৰা হ'ল :

  • পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সময় কটাওক ।
  • স্বাস্থ্যকৰ জীৱনশৈলীৰ সৈতে থাকিবলৈ চেষ্টা কৰক ।
  • সঠিক সময়ত সঠিক পৰিমাণৰ স্বাস্থ্যকৰ খাদ্য খাব ।
  • আপোনাৰ ৰুটিনত শাৰীৰিক ব্যায়াম অন্তৰ্ভুক্ত কৰক ।
  • আপোনাৰ প্ৰিয় সংগীত শুনিব বা আপোনাৰ চখ পূৰণ কৰিবলৈ চেষ্টা কৰক ।
  • আন্ধাৰ আৰু কম পোহৰৰ কোঠা বা ঠাইত নাথাকিব ।

লগতে পঢ়ক :Substance Abuse : কিশোৰসকলৰ মাজত নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ সচৰাচৰ হয় নেকি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.