ETV Bharat / city

Workers died in Arunachal: ঠিকাদাৰৰ নিৰ্যাতনৰ বলি হৈ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ

author img

By

Published : Jul 31, 2022, 6:43 PM IST

অৰুণাচলত মৃত্যু দুলীয়াজানৰ দুজন শ্ৰমিকৰ ৷ দুলীয়াজানৰ নাওহলীয়াৰ জুটুলিবাৰী চাহ বাগিচাৰ পৰা এমাহ পূৰ্বে প্ৰায় ১৫ গৰাকী শ্ৰমিকক অৰুণাচলত কৰ্মসংস্থাপনৰ বাবে নিছিল ঠিকাদাৰে । অৰুণাচলত ঠিকাদাৰে ভয়-ভাবুকিৰে শ্ৰমিকসকলক দিনে-নিশাই কৰ্মত নিয়োজিত কৰাৰ অভিযোগ শ্ৰমিক পৰিয়ালৰ ৷ ঠিকাদাৰৰ অকথ্য নিৰ্যাতনৰ বাবেই শ্ৰমিক দুগৰাকীৰ মৃত্যুৰ অভিযোগ পৰিয়ালৰ ।

Workers died in Arunachal
ঠিকাদাৰৰ নিৰ্যাতনৰ বলি হৈ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ

মৰাণ, 31 জুলাই : অৰুণাচলত কৰ্মৰত অৱস্থাত দুলীয়াজানৰ দুগৰাকী শ্ৰমিকৰ মৃত্যু হোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । নিহত শ্ৰমিক দুগৰাকী দুলীয়াজানৰ নাওহলীয়া জুটুলিবাৰী চাহ বাগিচাৰ(Jutulibari Tea Estate in Duliajan) অশোক চাৰেচিয়া আৰু গোপী গড় বুলি জানিব পৰা গৈছে । পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, এমাহ পূৰ্বে দুলীয়াজানৰ নাওহলীয়াৰ জুটুলিবাৰী চাহ বাগিচাৰ পৰা প্ৰায় ১৫ গৰাকী শ্ৰমিকক অৰুণাচল প্ৰদেশত কৰ্মসংস্থাপনৰ বাবে ঠিকাদাৰে প্ৰলোভনেৰে নিছিল ।

নিহতৰ আত্মীয়/আৰক্ষী বিষয়া

অৰুণাচল প্ৰদেশত ঠিকাদাৰে ভয়-ভাবুকিৰে শ্ৰমিকসকলক দিনে-নিশাই কৰ্মত নিয়োজিত কৰি আহিছিল বুলি পৰিয়ালৰ লোকে সংবাদ মাধ্যমক জানিবলৈ দিয়ে । ইফালে জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ কলৰিয়াং জিলাৰ চেৰা তালু অঞ্চলত কাম কৰি থকা অৱস্থাত শনিবাৰে অশোক চাৰেচিয়া আৰু গোপী গড় নামৰ শ্ৰমিক দুগৰাকী গুৰুতৰভাৱে অসুস্থ হয় । পিছত দুয়োগৰাকী শ্ৰমিকক অৰুণাচলৰ চেৰা তালু জিলা চিকিৎসালয়লৈ চিকিৎসাৰ বাবে অনা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।

দুলীয়াজানৰ নাওহলীয়া আৰক্ষী চকীত দুয়োগৰাকী শ্ৰমিকৰ মৃতদেহ অহাৰ পিচতেই বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পৰে । পৰিয়ালৰ লোকে অভিযোগ কৰা মতে ঠিকাদাৰৰ অকথ্য নিৰ্যাতনৰ বলি হৈ শ্ৰমিক দুগৰাকীৰ মৃত্যু হৈছে । আৰক্ষীয়ে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে অৰুণাচল প্ৰদেশত আৱদ্ধ হৈ থকা অন্য শ্ৰমিকসকলৰ উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে নামৰূপৰ উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে ।

লগতে পঢ়ক : Assam girl kidnapped in Haridwar : হৰিদ্বাৰৰ পৰা অসমৰ যুৱতীক অপহৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.