NIA and ATS in Surat: চুৰাটত এনআইএই-এটিএছৰ অভিযানত ধৃত এক

NIA and ATS in Surat: চুৰাটত এনআইএই-এটিএছৰ অভিযানত ধৃত এক
চুৰাটত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা(NIA)আৰু সন্ত্ৰাসবাদ বিৰোধী স্কোৱাডে(ATS)দেওবাৰে পুৱাতেই এজন অভিয়ুক্তক গ্ৰেপ্তাৰৰ বাবে অভিযান চলায় । অভিযানকাৰী দলটোৱে দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত থকাৰ পাছত আইছিছৰ সৈতে জড়িত থকাৰ আভিযোগত এজন যুবকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
নেচনেল ডেস্ক, ৩১ জুলাই:চুৰাটত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা(NIA)আৰু সন্ত্ৰাসবাদ বিৰোধী স্কোৱাডে(ATS)দেওবাৰে পুৱাতেই এজন অভিয়ুক্তক গ্ৰেপ্তাৰৰ বাবে অভিযান চলায় । দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত থকাৰ পাছত আইছিছৰ সৈতে জড়িত থকাৰ আভিযোগত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা(NIA)আৰু সন্ত্ৰাসবাদ বিৰোধী স্কোৱাডে(ATS)এজন যুবকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
চুৰাটৰ ভগতালাব চহৰখনত এটিএছ আৰু এন আই এই ২৫ বছৰীয়া অভিযুক্ত জলিল মোল্লাক আজি পুৱা ৫ বজাত নিজৰ জিম্মাত লৈছে(ATS and NIA operation at Bhagatalab in Surat)।ইতিমধ্য়ে তেওঁক সোধাপোছাৰ বাবে গোপীপুৰা অঞ্চলৰ এছ অ'জি কাৰ্যালয়লৈ নিয়া হৈছে বুলি সৃত্ৰই সদৰি কৰিছে ।চুৰাট আৰক্ষীয়েও এই অভিযানত সহযোগ কৰা বুলি আৰক্ষী সৃত্ৰত প্ৰকাশ । অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে চুৰাট আৰক্ষীয়ে কোনো আনুষ্ঠানিকভাবে তথ্য় প্ৰকাশ কৰা নাই । ইপিনে,এই সন্দৰ্ভত আন সন্দেহজনক লোকসকলকো সোধাপোছা কৰা হৈছে ।
উল্লেখ্য় যে 2021 চনত ভটকল গাঁৱৰ লোকৰ আইছিছৰ ঘাটিৰ সৈতে সম্পৰ্ক আছিল । এই সন্দৰ্ভত ইয়াৰ সৈতে জড়িত লোকসকলক সোধাপোছা কৰাত চুৰাটৰ লালগেট অঞ্চলৰ জলিল মোল্লাৰ নামো সাঙোৰ খাই পৰিছিল । দীৰ্ঘদিন ধৰি এটিএছ আৰু এন আই এই অভিযুক্ত লোকজনৰ সন্ধান চলাই আছিল ।
লগতে পঢ়ক:ED raid at Mumbai : সঞ্জয় ৰাউটৰ বাসগৃহত EDৰ অভিযান
