ETV Bharat / state

Revision of electoral rolls: ভোটাৰ তালিকাৰ সংশোধনী সন্দৰ্ভত জোনাই মহকুমাধিপতিৰ সংবাদমেল

author img

By

Published : Jul 31, 2022, 5:57 PM IST

এতিয়া দেশজুৰি চলিছে ভোটাৰ তালিকা সংশোধনীৰ কাম(Revision of electoral rolls) । ভোটাৰ তালিকাৰ আগন্তুক বিশেষ সংক্ষিপ্ত সংশোধনী বিষয়ক লৈ জোনাই মহকুমাধিপতিৰ সংবাদমেল(Jonai SDO Press Conference) ৷ ভোটাৰ তালিকাত নামভৰ্তি বা শুধৰণিৰ বাবে এতিয়াৰে পৰা ভোটাৰক চাৰিবাৰ দিয়া হ’ব সুযোগ ৷

Jonai SDO Press Conference
জোনাইত আৰম্ভ হৈছে ভোটাৰ তালিকাৰ সংশোধনী কাম

জোনাই, ৩১ জুলাই: ২০২৪ চনত লোকসভা নিৰ্বাচন । তাৰ পূৰ্বে এতিয়া দেশজুৰি চলিছে ভোটাৰ তালিকা সংশোধনী কাম । নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্ত, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন, সংশোধনী আদি বিভিন্ন সংশোধনী কাম আৰম্ভ হৈছে ৷ তাৰে অংশ হিচাপে জোনাই মহকুমাধিপতিৰ কাৰ্যালয়ত ভোটাৰ তালিকাৰ আগন্তুক বিশেষ সংক্ষিপ্ত সংশোধনী বিষয়ক লৈ মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বিবেদীয়ে দেওবাৰে এক সংবাদমেল আয়োজন কৰে(Jonai SDO press meet on Revision of electoral rolls) ৷

জোনাই মহকুমাধিপতি প্ৰদ্বীপ কুমাৰ দ্বিবেদী

সংবাদমেলত জোনাইৰ মহকুমাধিপতি গৰাকীয়ে কয় যে, ভোটাৰ তালিকাত নামভৰ্তি বা শুধৰণিৰ বাবে এতিয়াৰে পৰা ১ জানুৱাৰীলৈ অপেক্ষা কৰিব নালাগে(Revision of electoral rolls) । বছৰত চাৰিবাৰ এই সুযোগ দিয়া হ’ব ভোটাৰক(Voter List Special Short Correction) । ১ জানুৱাৰী, ১ এপ্ৰিল, ১ জুলাই আৰু ১ অক্টোবৰত কৰিব পাৰিব ভোটাৰ তালিকাত নামভৰ্তি বা শুধৰণি ৷ আনহাতে আগষ্ট মাহৰ পৰা ভোটাৰ কাৰ্ড আধাৰ কাৰ্ডৰে লিংক কৰাৰ কাম আৰম্ভ হ’ব বুলি সংবাদমেলযোগে জানিবলৈ দিয়ে জোনাই মহকুমাধিপতিগৰাকীয়ে ৷

জোনাই মহকুমাধিপতিগৰাকীয়ে লগতে জানিব দিয়া অনুসৰি, চলিত বৰ্ষৰ ১ অক্টোবৰ তথা আগন্তুক বৰ্ষৰ ১ জানুৱাৰীত ১৮ বছৰ সম্পূৰ্ণ হোৱা তৰুণ ভোটাৰসকলৰ নাম অন্তৰ্ভূক্ত কৰা, ভোট কেন্দ্ৰ পুনৰ নিৰ্ধাৰণ, বিগত বছৰত মৃত্যু হোৱা ব্যক্তি বা বসবাসৰ ঠিকনা সলনি সূত্ৰে তালিকাৰ পৰা নাম কৰ্তন, ভুল হৈ থকা নাম বা ফটো সলনি কৰা, ইচ্ছাকৃতভাৱে আধাৰ নম্বৰ সংলগ্ন কৰা আদি কাম কৰা হ'ব ।

লগতে পঢ়ক : Baksa DC Press Conference: বাক্সাত ভোটাৰ তালিকা বিশেষ সংক্ষিপ্ত সংশোধন সন্দৰ্ভত উপায়ুক্তৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.