Baksa DC Press Conference: বাক্সাত ভোটাৰ তালিকা বিশেষ সংক্ষিপ্ত সংশোধন সন্দৰ্ভত উপায়ুক্তৰ সংবাদমেল

author img

By

Published : Jul 30, 2022, 10:56 PM IST

Press meet of Baksa DC

এইবাৰ ১৮ বছৰত সোমোৱা যুৱক যুৱতীয়েও আগতীয়াকৈ ভোটাৰ তালিকাত নাম অন্তর্ভুক্তিৰ বাবে আগতীয়াকৈ কৰিব পাৰিব আবেদন । ১ আগষ্টৰ পৰা হ’ব আধাৰ লিংক ৷ ভাৰতীয় নাগৰিকে নিজৰ নাম ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ লাভ কৰিব চাৰিটাকৈ সুবিধা ৷

বাক্সা, ৩০ জুলাই : বাক্সা জিলাৰ সদৰ মুছলপুৰস্থিত উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত শনিবাৰে সন্ধিয়া বাক্সা জিলাৰ উপায়ুক্ত মাছান্দা মাগদালিন পাৰ্টিনে ভোটাৰ তালিকা বিশেষ সংক্ষিপ্ত সংশোধন শীৰ্ষক এখন সংবাদমেল সম্বোধন কৰে । উক্ত সংবাদমেলত জিলাৰ উপায়ুক্ত পাৰ্টিনে কয় যে, এতিয়াৰে পৰা প্ৰতিবছৰে ভাৰতীয় নাগৰিকে নিজৰ নাম ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ চাৰিটাকৈ সুবিধা লাভ কৰিব(Voter List Special Short Correction) ।

বাক্সা জিলাৰ উপায়ুক্ত মাছান্দা মাগদালিন পাৰ্টিন

তেওঁ লগতে কয় যে, চলিত বৰ্ষৰ ১আগষ্টৰ পৰা আধাৰ লিংক হ’ব । সেই অনুসৰি form 6 ত Voter Registration, Form 8 ত Correction of Details, Form 7 ত Deletion of NameForm আৰু 6B ৰ জৰিয়তে voter ID ৰ লগত Adhar Card লিংক কৰিব পাৰিব । আনহাতে আধাৰ কাৰ্ড নথকাসকলে-Driving licence, Passport, Bank details documents আদি Alternative হিচাপে দিব পাৰিব আৰু এই সুবিধা online যোগে লাভ কৰিব পাৰিব ।

তদুপৰি ১৭ বছৰ বয়স পাৰহৈ ১৮ বছৰত সোমোৱা যুৱক যুৱতীয়েও আগতীয়াকৈ ভোটাৰ তালিকাত নাম অন্তর্ভুক্তিৰ বাবে আবেদন কৰিব পাৰিব । ১ জানুৱাৰীলৈ আৰু ১৮বছৰ হোৱালৈকে ৰৈ নাথাকিলেও হ'ব । সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া মানবেন্দ্ৰ ভড়ালী আৰু অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ শৰ্মা উপস্থিত থাকে ৷ অংশগ্ৰহণ কৰে।

লগতে পঢ়ক : Minister Bimal Bora: প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ দ্ৰূত ৰূপায়ণৰ বাবে বেংক কৰ্তৃপক্ষৰে আলোচনা মন্ত্ৰী বিমল বড়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.