Poor communication in Lakhimpur: ডিজিটেল ইণ্ডিয়াত ডাংকোলাকৈহে নিব লাগে ৰোগীক

author img

By

Published : Jul 31, 2022, 5:15 PM IST

Poor communication in Lakhimpur

এফালে ডিজিটেল ইণ্ডিয়াৰ শ্ল’গান, আনফালে ৰাজ্যত পৰিস্ফূট হৈছে উন্নয়নৰ ফোপোলা ছবি ৷ উন্নয়নৰ এইবাৰ ফোপোলা ছবি পৰিস্ফূট হৈছে লখিমপুৰত (Poor communication in Lakhimpur)৷ চৰকাৰী উন্নয়নে ঢুকি পোৱা নাই লখিমপুৰৰ ৰংপুৰীয়া গাঁৱক ৷ ফলত ৰোগীক চিকিৎসালয়লৈ নিব লাগে ডাংকোলা কৰিহে ৷

লখিমপুৰ, ৩১ জুলাই : লখিমপুৰত বেমাৰীক নিবলৈ নাহে এম্বুলেন্স । নাহে নহয়, আহিব পৰাকৈ পথৰ কোনো সু-ব্যৱস্থাই নাই লখিমপুৰৰ ৰংপুৰীয়া গাঁৱত । লখিমপুৰ জিলাৰ নাওবৈছা সমষ্টিৰ অন্তৰ্গত ফুলবাৰী গাঁও পঞ্চায়তৰ ৰংপুৰীয়া গাঁৱৰ বিধ্বস্ত পথে এতিয়া জলা-কলা খুৱাইছে গঞা ৰাইজক (Poor communication in Lakhimpur) ৷

ডাংকোলাত নিব লাগে ৰোগীক

বিগত পাঁচটা বছৰৰ পূৰ্বে পাভ আৰু বোকানৈৰ সংযোগী স্থলত মাথাউৰি চিগাৰ লগতে গাঁওখনৰ মাজত থকা দুটাকৈ কালৰ্ভাট চিঙি যায় ৷ ইয়াৰ পাছৰে পৰাই গাঁওখনৰ এটা স্থানৰ পৰা আনটো স্থানলৈ যাতায়াত কৰাত ব্যাহত হৈ পৰে । আনকি জৰুৰী অৱস্থাৰ সময়ত এখন উদ্ধাৰকাৰী বাহনো আহিব নোৱাৰে উক্ত স্থানত ৷

এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অৱগত কৰাৰ স্বত্বেও কোনো সুফল লাভ নকৰিলে অঞ্চলটোৰ ৰাইজে ৷ এই অভিযোগ অঞ্চলটোৰ ৰাইজৰ ৷ উপায়ন্তৰ হৈ স্থানীয় ৰাইজে মিলি চিগি যোৱা কালভাৰ্টৰ ওপৰত লোহাৰ ৰড সদৃশ কেইটুকুৰামান চিৰি পাৰি কোনোমতে অহা-যোৱাৰ ব্যৱস্থা কৰে ৷

উক্ত অঞ্চলটোলৈ যান-বাহন যাব নোৱাৰাৰ বাবে ৰোগীক ডাংকোলা কৰিহে চিকিৎসালয়লৈ নিব লগীয়া হোৱা দৃশ্য এতিয়া অঞ্চলটোত অতি সুলভ । যাৰ পৰিণতিত যমৰ যাতনা ভুগিব লগীয়া হৈছে অঞ্চলবাসীয়ে । এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক কিছু নজৰ দিবলৈ পুনৰবাৰ দাবী উত্থাপন কৰে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক : আধাৰশিলা হ’ল; কিন্তু পথটো নিৰ্মানহে নহ’ল - এয়াই নেকি উন্নতি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.