ETV Bharat / state

11 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : May 10, 2022, 11:00 AM IST

11 বজাৰ শীৰ্ষ 10টা বাতৰি
11 বজাৰ শীৰ্ষ 10টা বাতৰি

11 বজাৰ শীৰ্ষ 10টা বাতৰি

ভাৰত-বাংলা সীমান্তত সক্ৰিয় আন্তঃৰাষ্ট্ৰীয় চোৰাং চক্ৰ : গৃহমন্ত্ৰীৰ উদ্যোগত গঠন হ'ব বিশেষ টাস্ক ফ'ৰ্চ

দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহে তেওঁৰ দুদিনীয়া অসম ভ্ৰমণ(Minister Amit Shah in Assam on two day tour) ৰ প্ৰথম দিনাই ভাৰত-বাংলা সীমান্তৰ মানকাচৰত থকা ব’ৰ্ডাৰ ছিকিউৰিটি ফ’ৰ্চ (BSF) ৰ শিবিৰত উপস্থিত(Amit Shah visits Indo Bangla border) হোৱা কাৰ্য লক্ষণীয় বুলি বিবেচিত হৈছে ৷ গৃহ মন্ত্ৰীৰ সীমান্তত পদাৰ্পণে সীমান্তৰ চোৰাং কাৰবাৰক লৈ কেতবোৰ নতুন আৰু কঠোৰ সিদ্ধান্ত পোহৰলৈ আনিব বুলি চৰ্চিত হৈছে ৷

হাগ্ৰামা মহিলাৰী এজন খিলাড়ী মানুহ, কেজৰিৱাল এজন চাফ-চিকুণ লোক: নৱ শৰণীয়া

বৰপেটাৰোডত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়া(MP Naba Kumar Sarania visits Barpeta road) ৷ সাংসদগৰাকীয়ে কেইবাটাও বিষয়ত কৰে মন্তব্য ৷ তাৰ ভিতৰত আম আদমী পাৰ্টী আৰু পুনৰায় বিটিআৰত হাগ্ৰামা মহিলাৰী(Reaction of MP Naba Kumar Sarania on Hagrama Mohilary) নেতৃত্বাধীন বিপিএফ চৰকাৰে ক্ষমতাৰ গাদীত অধিষ্ঠিত হোৱা সম্পৰ্কে কৰা মন্তব্যসমূহ আছিল অন্যতম ৷

GMCHত হৃদ-বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰ মুকলি কৰিলে অমিত শ্বাহে

দেশত চৰকাৰী আৰু বেচৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 387 খনৰ পৰা 596 খনলৈ বৃদ্ধি হৈছে । অসমতো চিকিৎসা সেৱাৰ যথেষ্ট উন্নয়ন হৈছে । সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নতুনকৈ নিৰ্মাণ কৰা হৃদ-বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰটো উদ্বোধন কৰি এইদৰে মন্তব্য় কৰে গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰে ।

President's Colour Award : কোকৰাঝাৰ আৰক্ষীৰ উদ্যোগত বাইক ৰেলী

অসম আৰক্ষীয়ে লাভ কৰা দেশৰ অন্যতম ৰাষ্ট্ৰপতি কালাৰ সন্মানৰ (President colour award to Assam police) লগত সংগতি ৰাখি কোকৰাঝাৰ সদৰ চহৰত আৰক্ষীয়ে সোমবাৰে এক বিশাল বাইক ৰেলী উলিয়াই (Celebration of winning Presidents Colour Award) ৷

ত্ৰিপুৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে মিজোৰামৰ জোৱানৰ মৃতদেহ

ত্ৰিপুৰাৰ বাহাদুৰপাৰাৰ পৰা উদ্ধাৰ মিজোৰামৰ এজন জোৱানৰ মৃতদেহ ৷ মিজোৰামৰ ভাৰতীয় ৰিজাৰ্ভ আৰক্ষীৰ চতুৰ্থ বেটেলিয়নৰ(Mizoram Indian Reserve Police 4th Battalion) কনিষ্টবল মৃত জোৱানজন ৷ জোৱানজনৰ মৰণোত্তৰ পৰীক্ষাৰ পাছত ত্ৰিপুৰা আৰক্ষীয়ে আইনী প্ৰক্ৰিয়া মৃতদেহটো চমজাই দিয়ে পৰিয়ালৰ লোকক ৷

Cyclone Asani: বংগোপ সাগৰত আৱদ্ধ 11 গৰাকী মাছমৰীয়াক উদ্ধাৰ

বিশাখাপট্টনমৰ পৰা নাৱেৰে ওড়িশালৈ আহি থকা কেইগৰাকীমান মাছমৰীয়া সামুদ্ৰিক ঘূৰ্ণী বতাহৰ ফলত সৃষ্টি হোৱা প্ৰচণ্ড ঢৌৰ বাবে সাগৰৰ মাজতে আৱদ্ধ হৈ পৰে ৷ এই তথ্য লাভ কৰাৰ পাচতে আটাইকেইজন মাছমৰীয়াক সুকলমে উদ্ধাৰ কৰে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে (Fisherman airlifted from mid sea) ৷

Shaheen Bagh eviction : উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে চি পি আই এমৰ আবেদন

দিল্লীৰ শ্বাহীন বাগত চলা উচ্ছেদ অভিযানক প্ৰত্যাহ্বান জনাই চি পি আই এম দলে দাখিল কৰা এখন আবেদন সোমবাৰে খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে (Supreme court rejects plea filed by CPI M) ৷ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ নিৰ্দেশ প্ৰদান কৰিছে দলটোক ৷

প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা মহানগৰীৰ এখন ব্যতিক্ৰমী বিদ্যালয়

গুৱাহাটীৰ এখন ব্যতিক্ৰমী বিদ্যালয় । প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰি বিদ্যালয়খনে প্লাষ্টিকৰ বিৰুদ্ধে চলাই আহিছে এঘৰী যুঁজ (Raising awareness about plastic) ৷ তদুপৰি বিদ্যালয়খনত ডিজিটেল শ্ৰেণীকোঠাত টেবলেটৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক দিয়া হৈছে পাঠদান (Using Tablets in School ) ।

তেজপুৰ বিশ্ববিদ্যালয়ৰ তিলোত্তমা বৰুৱা সোৱঁৰনী বটাঁ প্ৰদান

তেজপুৰ বিশ্ববিদ্যালয়ত বিশেষ কাৰ্যসূচী । তিলোত্তমা বৰুৱা সোঁৱৰণী বঁটা প্ৰদান কৰা হয় তেজপুৰ বিশ্ববিদ্যালত(Tilottama Barua Memorial Award was presented at Tezpur University) । তেজপুৰ জিলা মহিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী হেমলতা বৰুৱাক প্ৰদান কৰা হয় তিলোত্তমা বৰুৱা সোঁৱৰণী বঁটা ।

11 মে’ৰ পৰা বন্ধ হ’ব লখিমপুৰ গুৱাহাটীৰ মাজত চলা ফ্লাইবিগৰ যাত্ৰীবাহী বিমান সেৱা

কাইলৈ অৰ্থাৎ 11 মে’ৰ পৰা বন্ধ কৰি দিয়া হ’ব লখিমপুৰ গুৱাহাটীৰ মাজত চলা ফ্লাইবিগৰ যাত্ৰীবাহী বিমান সেৱা (Flybig Flight withdrew from May 11, 2022) । সুচাৰুৰূপে চলি থকা এই বিমান সেৱা চৰকাৰে কিয় বন্ধ কৰি দিবলৈ লৈছে সেই সন্দৰ্ভত এতিয়া বিভিন্ন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.