ETV Bharat / bharat

Cyclone Asani: বংগোপ সাগৰত আৱদ্ধ 11 গৰাকী মাছমৰীয়াক উদ্ধাৰ

author img

By

Published : May 9, 2022, 10:43 PM IST

বিশাখাপট্টনমৰ পৰা নাৱেৰে ওড়িশালৈ আহি থকা কেইগৰাকীমান মাছমৰীয়া সামুদ্ৰিক ঘূৰ্ণী বতাহৰ ফলত সৃষ্টি হোৱা প্ৰচণ্ড ঢৌৰ বাবে সাগৰৰ মাজতে আৱদ্ধ হৈ পৰে ৷ এই তথ্য লাভ কৰাৰ পাচতে আটাইকেইজন মাছমৰীয়াক সুকলমে উদ্ধাৰ কৰে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে (Fisherman airlifted from mid sea) ৷

Cyclone Asani
Cyclone Asani

নিউজ ডেস্ক, 9 মে’ : আছানী ঘূৰ্ণী বতাহৰ বাবে বংগোপ সাগৰত আৱদ্ধ হৈ থকা প্ৰায় 11 গৰাকী মাছমৰীয়াক উদ্ধাৰ কৰিছে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে (Asani cyclone in Odisha) ৷ বিশাখাপট্টনমৰ পৰা নাৱেৰে ওড়িশাৰ গঞ্জম জিলাৰ চিকিতি অঞ্চললৈ আহি আছিল কেইগৰাকীমান মাছমৰীয়া ৷ কিন্তু সামুদ্ৰিক ঘূৰ্ণী বতাহৰ ফলত সৃষ্টি হোৱা প্ৰচণ্ড ঢৌৰ বাবে সাগৰৰ মাজতে আৱদ্ধ হৈ পৰে মাছমৰীয়া কেইজন (Fisherman stranded in Bay of Bangal)৷

গঞ্জম জিলাৰ উপায়ুক্তৰ পৰা তথ্য লাভ কৰাৰ পাচতে উপকূলৰক্ষী বাহিনী উদ্ধাৰ অভিযানত নামি পৰে ৷ আটাইকেইজন মাছমৰীয়াকে সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয় উপকূলৰক্ষী বাহিনী (Fisherman airlifted from mid sea)৷

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, দক্ষিণ-পূব আৰু ইয়াৰ কাষৰীয়া পশ্চিম-মধ্য বংগোপসাগৰত সৃষ্টি হোৱা প্ৰৱল ঘূৰ্ণীবতাহ 'আছানী'ৰ ফলত মঙলবাৰ পৰা ওড়িশাত অহা প্ৰায় তিনি দিন ধৰি ধাৰাসাৰ বৰষুণ হ'ব (Cyclone Asani in Odisha)। শেহতীয়া তথ্য অনুসৰি বংগোপসাগৰৰ মধ্য-পূৱৰ পুৰী উপকূলৰ পৰা উত্তৰ-পূৱত প্ৰায় 680 কিলোমিটাৰ দূৰত্বত অৱস্থান কৰিছে এই ঘূৰ্ণী বতাহে ।

বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, এই তীব্ৰ ঘূৰ্ণীবতাহে 10 মে’ত উত্তৰ-পশ্চিম দিশে আগবাঢ়ি ওড়িশা আৰু উত্তৰ অন্ধ্ৰ প্ৰদেশ উপকূলৰ উত্তৰ-পশ্চিম বংগোপসাগৰত উপস্থিত প্ৰৱেশ কৰিব ৷ ই পুনৰ ওড়িশা উপকূলৰ উত্তৰ-পশ্চিম বংগোপসাগৰৰ ফালে গতি কৰাৰো সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।

লগতে পঢ়ক : আছানী সন্দৰ্ভত ওড়িশা, পশ্চিমবংগত হাই এলাৰ্ট জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.