ETV Bharat / state

11 মে’ৰ পৰা বন্ধ হ’ব লখিমপুৰ গুৱাহাটীৰ মাজত চলা ফ্লাইবিগৰ যাত্ৰীবাহী বিমান সেৱা

author img

By

Published : May 10, 2022, 10:55 AM IST

কাইলৈ অৰ্থাৎ 11 মে’ৰ পৰা বন্ধ কৰি দিয়া হ’ব লখিমপুৰ গুৱাহাটীৰ মাজত চলা ফ্লাইবিগৰ যাত্ৰীবাহী বিমান সেৱা (Flybig Flight withdrew from May 11, 2022) । সুচাৰুৰূপে চলি থকা এই বিমান সেৱা চৰকাৰে কিয় বন্ধ কৰি দিবলৈ লৈছে সেই সন্দৰ্ভত এতিয়া বিভিন্ন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

Flybig passenger airline
বন্ধ হ’ব লখিমপুৰ গুৱাহাটীৰ মাজত চলা ফ্লাইবিগৰ যাত্ৰীবাহী বিমান সেৱা

লখিমপুৰ, 10 মে’ : বিজেপি চৰকাৰৰ বৰ্ষপূৰ্তি উপলক্ষে ৰাজ্যৰ চৌদিশে এতিয়া সৃষ্টি হৈছে এক আনন্দময় পৰিৱেশ ৷ এনে সময়তে কিন্তু লখিমপুৰবাসীৰ বাবে আহিছে এক দুঃসংবাদ । কিয়নো লখিমপুৰৰ পৰা ৰাজধানী মহানগৰ গুৱাহাটীক আকাশী পথে সংযোগ কৰা একমাত্ৰ বিমানখনৰ সেৱা বন্ধ হৈ পৰিব পাৰে ।

লখিমপুৰৰ এই দুঃসংবাদটোৱে এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । তথ্য অনুসৰি, বন্ধ হৈ পৰিব লখিমপুৰ গুৱাহাটীৰ মাজত চলা ফ্লাইবিগৰ যাত্ৰীবাহী বিমান সেৱা । কাইলৈ অৰ্থাৎ 11 মে’ৰ পৰা বন্ধ কৰি দিয়া হ’ব এই বিমান সেৱা (Flybig Flight withdrew from May 11, 2022) ।

Flybig passenger airline
11 মে’ৰ পৰা বন্ধ হ’ব লখিমপুৰ গুৱাহাটীৰ মাজত চলা ফ্লাইবিগৰ যাত্ৰীবাহী বিমান সেৱা

উল্লেখ্যযোগ্য যে, ফ্লাইবিগৰ 72 খন আসন বিশিষ্ট বিমানখন নিতৌ সন্ধিয়া গুৱাহাটীৰ পৰা লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰলৈ আহে আৰু কিছু সময়ৰ পাচতে পুনৰ বিমানখন ৰাজধানী মহানগৰীলৈ বুলি উৰা মাৰে (Flight Service from Lakhimpur to Guwahati) । উড়ান আঁচনি(UDAN scheme)ৰ অধীনত বিগত নৱেম্বৰ মাহত আৰম্ভ কৰা হৈছিল এই বিমান সেৱা ।

লগতে পঢ়ক : আজিৰে পৰা নিয়মীয়াকৈ আৰম্ভ আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচল

এঘন্টাৰো কম সময়ৰ ভিতৰতে লখিমপুৰৰ যাত্ৰীয়ে ৰাজধানী মহানগৰীত ভৰি থব পাৰিছিল । নিতৌ বিমানখনত পৰ্যাপ্ত যাত্ৰীয়ে যাতায়ত কৰিছিল । পিছে কোনো কাৰণ নোহোৱাকৈ হঠাৎ লীলাবাৰী বিমান বন্দৰ কতৃপক্ষক 11 মে’ৰ পৰা বিমানখনৰ সেৱা বন্ধ কৰা হ’ব বুলি জাননী জাৰি কৰা হৈছে । এইলৈ এতিয়া বিভিন্ন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

বন্ধ হ’ব লখিমপুৰ গুৱাহাটীৰ মাজত চলা ফ্লাইবিগৰ যাত্ৰীবাহী বিমান সেৱা

আনকি লখিমপুৰৰ বিভিন্ন দল-সংগঠনেও অতি জৰুৰী এই বিমান সেৱা বন্ধ নকৰিবলৈ চৰকাৰক আহ্বান জনাইছে । ইফালে এই বিমান সেৱা আৰম্ভ কৰাৰ সময়ত ঢাক-ঢোল বজাই প্ৰচাৰ কৰিছিল চৰকাৰৰ প্ৰতিনিধিসকলে । প্ৰথমটো উৰণতে লখিমপুৰৰ সাংসদ, বিধায়ককে ধৰি কেইবাগৰাকীও জনপ্ৰতিনিধি এই বিমানখনৰ যাত্ৰী হৈছিল ।

লগতে পঢ়ক : লীলাবাৰী বিমান বন্দৰত মুকলি হ’ব উত্তৰ-পূৱৰ প্ৰথমটো পাইলট প্ৰশিক্ষণ কেন্দ্র

কিন্তু এতিয়া বিমানখনৰ সেৱা বন্ধ কৰিবলৈ লোৱাৰ সময়ত কিয় নিমাতে আছে সেইসকল জন প্ৰতিনিধি ? এই প্ৰশ্ন অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অনুপম শইকীয়াৰ ৷ উল্লেখ্য যে, লীলাবাৰী বিমান বন্দৰৰ পৰা এলায়েন্স এয়াৰৰ এখন বিমান কলিকতাৰ মাজত নিতৌ পুৱা চলাচল কৰি আছে । বিমানখনে পৰ্যাপ্ত পৰিমাণৰ যাত্ৰী অনা নিয়া কৰি আছে ।

সেইদৰে এলায়েন্স এয়াৰৰ আন এখন বিমানে সপ্তাহৰ সোম আৰু শুকুৰবাৰে পৰ্যাপ্ত যাত্ৰী লৈ লীলাবাৰী, পাছিঘাট আৰু ডিব্ৰুগড়ৰ মাজত চলাচল কৰি আছে । গুৱাহাটী সংযোগী ফ্লাইবিগৰ বিমানখনসহ এই তিনিখন বিমানে পৰ্যাপ্ত যাত্ৰী লৈ চলি থকাৰ সময়তে অতি গুৰুত্বপূর্ণ গুৱাহাটী সংযোগী বিমানখনৰ সেৱা বন্ধ কৰি দিবলৈ লোৱাত ৰাইজৰ মনত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : Flight Service from Pasighat : পাছিঘাটৰ পৰা ডিব্ৰুগড়, লীলাবাৰী, গুৱাহাটীলৈ আৰম্ভ হ’ল বিমান সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.