ETV Bharat / state

GMCHত হৃদ-বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰ মুকলি কৰিলে অমিত শ্বাহে

author img

By

Published : May 9, 2022, 10:21 PM IST

দেশত চৰকাৰী আৰু বেচৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 387 খনৰ পৰা 596 খনলৈ বৃদ্ধি হৈছে । অসমতো চিকিৎসা সেৱাৰ যথেষ্ট উন্নয়ন হৈছে । সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নতুনকৈ নিৰ্মাণ কৰা হৃদ-বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰটো উদ্বোধন কৰি এইদৰে মন্তব্য় কৰে গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰে ।

program-of-amit-shah-at-gmch
GMCHত হৃদ-বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰ মুকলি কৰিলে অমিত শ্বাহে

গুৱাহাটী, 9 মে’: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নতুনকৈ নিৰ্মাণ কৰা হৃদ-বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰটো সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰে (Amit Shah at GMCH inaugural ceremony) । উল্লেখ্য যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীনত পৰিচালিত হ'ব হৃদ-বক্ষ আৰু স্নায়ুবিজ্ঞান এই কেন্দ্ৰটো ।

GMCHত হৃদ-বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰ মুকলি কৰিলে অমিত শ্বাহে

২৭২.৯৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে প্ৰকল্পটো । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদৰ ৩,৮৫,৩৮৫ বৰ্গফুট এলেকা সামৰি কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে । কেন্দ্ৰটোত অত্যাধুনিক সঁজুলিৰ সৈতে ৩০০খন বিচনাৰ সুবিধা উপলব্ধ থাকিব (Three hundred bed new center of GMCH) ।

কেন্দ্ৰটোত হৃদ-বক্ষ বিভাগ, হৃদ-বক্ষৰ অস্ত্ৰোপচাৰ, স্নায়ু বিভাগ আৰু স্নায়ুৰ অস্ত্ৰোপচাৰৰ ব্যৱস্থা থাকিব । কেন্দ্ৰটোত উপলব্ধ থাকিব হৃদযন্ত্ৰ আৰু স্নায়ু সম্বন্ধীয় জৰুৰীকালীন সেৱা, অত্যাধুনিক পৰীক্ষাগাৰো । কেন্দ্ৰটোত সম্পূৰ্ণ অনলাইন পদ্ধতিৰে নাম পঞ্জীয়নৰ সুবিধা পাব ৰোগীয়ে । ১০ মে'ৰ পৰা কেন্দ্ৰটো সৰ্বসাধাৰণৰ বাবে মুকলি হ'ব ।

উদ্বোধনী অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে বিজেপি চৰকাৰে দেশৰ সাধাৰণ মানুহৰ স্বাস্থ্য সেৱাৰ বাবে যথেষ্ট কাম কৰিছে । দেশত স্বাস্থ্য সেৱাৰ অভুতপূৰ্ব পৰিৱৰ্তন হৈছে । বিজেপি চৰকাৰৰ শাসনত দেশৰ জনগনে বিনামূলীয়া স্বাস্থ্য সেৱাৰ নতুন আঁচনি আৰু চিকিৎসা সেৱাৰে যথেষ্ট উপকৃত হৈছে ।

তেওঁ কয় যে চিকিৎসা সেৱাত কেন্দ্ৰৰ বিজেপি চৰকাৰে বাজেটত ধন বৃদ্ধি কৰিছে (BJP increased fund allocation to health sector) । যোৱা কেন্দ্ৰীয় বাজেটত চিকিৎসা সেৱাৰ বাবে 94 হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছিল । এইবাৰ কেন্দ্ৰীয় বাজেটত চিকিৎসা সেৱাৰ বাবে 2 লাখ 24 হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে ।

দেশত চৰকাৰী আৰু বেচৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 387 খনৰ পৰা 596 খনলৈ বৃদ্ধি হৈছে । অসমতো চিকিৎসা সেৱাৰ যথেষ্ট উন্নয়ন হৈছে । নতুন নতুন চিকিৎসা মহাবিদ্যালয়, কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে হাস্পতাল নিৰ্মাণ হৈছে ।

ক'ভিডৰ জটিল সময়ত অসমে ক'ভিডৰ লগত মোকাবিলা কৰাৰ ক্ষেত্ৰত সফল হৈছিল বুলি তেওঁ মন্তব্য কৰে । কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিজেপি চৰকাৰে অসমৰ চিকিৎসা সেৱাৰ উন্নয়ন কৰাৰ লগতে বানমুক্ত অসম আৰু নিবনুৱামুক্ত অসম গঢ়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ । অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই কয় যে বিজেপিৰ শাসনত ৰাজ্যৰ চিকিৎসা খণ্ডৰ যথেষ্ট উন্নতি হৈছে ।

অহা পাঁচ বছৰত ৰাজ্যত 25খন জিলাত 25খন চিকিৎসা মহাবিদ্যালয় হাস্পতাল গঢ়ি তোলা হ'ব । চিকিৎসা সেৱাৰ ক্ষেত্ৰত অসমক দেশৰ ভিতৰত এখন আদৰ্শ ৰাজ্য হিচাপে গঢ়ি তোলা হ'ব । অনুষ্ঠানৰ আৰম্ভণিতে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আদৰণি ভাষণ দিয়ে ।

লগতে পঢ়ক : ৪ বছৰীয়া সন্তানক ঘৰতে এৰি থৈ আলফালৈ পিতৃ-মাতৃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.