ETV Bharat / state

হাগ্ৰামা মহিলাৰী এজন খিলাড়ী মানুহ, কেজৰিৱাল এজন চাফ-চিকুণ লোক: নৱ শৰণীয়া

author img

By

Published : May 10, 2022, 9:59 AM IST

বৰপেটাৰোডত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়া(MP Naba Kumar Sarania visits Barpeta road) ৷ সাংসদগৰাকীয়ে কেইবাটাও বিষয়ত কৰে মন্তব্য ৷ তাৰ ভিতৰত আম আদমী পাৰ্টী আৰু পুনৰায় বিটিআৰত হাগ্ৰামা মহিলাৰী(Reaction of MP Naba Kumar Sarania on Hagrama Mohilary) নেতৃত্বাধীন বিপিএফ চৰকাৰে ক্ষমতাৰ গাদীত অধিষ্ঠিত হোৱা সম্পৰ্কে কৰা মন্তব্যসমূহ আছিল অন্যতম ৷

reaction-of-mp-naba-sarania-on-hagrama-mahilary-and-arvind-kejriwal
সাংসদ নৱ শৰণীয়া

বৰপেটাৰোড, 10 মে’ : মঙলবাৰে বৰপেটাৰোডত উপস্থিত(MP Naba Kumar Sarania visits Barpeta road) হৈছিল কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়া ৷ সাংসদগৰাকীয়ে কেইবাটাও বিষয়ত বিভিন্ন মন্তব্য কৰে ৷ তাৰ ভিতৰত আম আদমী পাৰ্টী আৰু পুনৰায় বিটিআৰত হাগ্ৰামা মহিলাৰী(Reaction of MP Naba Kumar Sarania on Hagrama Mohilary) নেতৃত্বাধীন বিপিএফ চৰকাৰে ক্ষমতাৰ গাদীত অধিষ্ঠিত হোৱা সম্পৰ্কে কৰা মন্তব্যসমূহ আছিল অন্যতম ৷

সাংসদ শৰণীয়াই সংবাদ মাধ্যমৰ আগত সদৰি কৰা অনুসৰি, পৰৱৰ্তী দুই-এদিনৰ ভিতৰতে বিপিএফৰ এটা দলে ৰাজ্যপালক সাক্ষাৎ কৰি বিটিআৰত চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰিব ৷ আজিৰ তাৰিখত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ সৈতে প্ৰায় 27 গৰাকী পাৰিষদ থকাৰ কথাও কয় শৰণীয়াই ৷ বাকী থকা পাৰিষদসকলেও দুই নাওত দুই ভৰি দি আছে ৷ হাগ্ৰামাই বিটিচি গঠন কৰিলে বাকী থকা পাৰিষদসকলেও তেওঁক সমৰ্থন জনাব বুলি বিস্ফোৰক মন্তব্য কৰে সাংসদ নৱ শৰণীয়াই ৷

এক কথাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সুৰতে সুৰ মিলাই সাংসদগৰাকীয়ে চৰকাৰ একে থাকিলেও চীফ গৰাকী সলনি হ’ব বুলি পৰোক্ষভাৱে ইংগিত প্ৰদান কৰে ৷ বিগত ৰাজ্যসভাৰ নিৰ্বাচনত হাগ্ৰামা মহিলাৰীয়ে বিনাচৰ্তে বিজেপিক সমৰ্থন দিয়া বুলি বহুতে ভাবিছিল যদিও, এয়া প্ৰকৃততে হোৱা নাছিল ৷ কাৰণ সেই সময়ত হাগ্ৰামা মহিলাৰীৰ ওচৰত আন কোনো বিকল্প নাছিল ৷

আনহাতে, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো(BTR Chief Pramod Bodo) ৰ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে নৱ শৰণীয়াই ৷ তেওঁ কয় যে, প্ৰমোদ বড়োক লৈ বহুতেই বহু আশা-আকাংক্ষা কৰিছিল যদিও সেয়া আজিলৈকে ফলৱতী নোহোৱাৰ বাবেই সম্প্ৰতি বহুলোকে হাগ্ৰামা মহিলাৰীক সমৰ্থন আগবঢ়াইছে ৷ যদিহে এইবাৰ মহিলাৰী বিফল হয়, তেন্তে পিছলৈ উভতি চাই লাভ নহ’ব বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে ৷

তদুপৰি তেওঁ বিটিচি-ত এগৰাকী পাৰিষদ থকাৰ কথা উল্লেখ কৰি কয় যে, সম্প্ৰতি জিএছপিয়ে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰি আছে ৷ যদিহে 2015 চনৰ পৰা হাগ্ৰামা মহিলাৰীয়ে অবড়ো সুৰক্ষা সমিতিৰ সৈতে মিলিজুলি কাম কৰিলে হয়, তেন্তে হাগ্ৰামা মহিলাৰীয়ে আজিৰ এই পৰ্যায়ৰ সন্মুখীন হ’ব নালাগিলেহেঁতেন ৷ হাগ্ৰামাই পূৰ্বে কৰা ভুলবোৰ যদি পুনৰ নকৰে, তেন্তে সফলতা লাভ কৰিব বুলিও কয় কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই ৷

আম আদমী পাৰ্টি সন্দৰ্ভত সাংসদগৰাকীৰ মন্তব্য

আনহাতে, সাংসদ গৰাকীয়ে আম আদমী পাৰ্টিৰ সন্দৰ্ভতো মন্তব্য প্ৰকাশ(Reaction of MP Naba Kumar Sarania on Arvind Kejriwal) কৰে ৷ তেওঁ কয় যে, দলটোক অসমৰ জনতাই বহুত ভালপায় ৷ অৰবিন্দ কেজৰিৱাল এগৰাকী চাফ-চিকুণ লোক, কিন্তু এতিয়া তেওঁৰ চাফ-চিকুণতাত দাগ লাগিছে ৷ প্ৰকৃততে ৰাজনীতিত ক’লা-বগা ধৰিব পৰাটো টান ৷ ৰাজনীতিত জড়িত লোকসকলক "নিখুঁত অভিনেতা" বুলিও সাধাৰণ লোকে আখ্যা দিয়ে বুলি কয় সাংসদগৰাকীয়ে ৷ তাৰোপৰি সাংসদ গৰাকীয়ে কয় যে, ৰাজনীতি বেলেগ বস্তু, দল খুলিলেই যে সফল হ’ব সেইটো নহয় ৷ আচলতে নতুন দলটোৱে আসন কিমান পাব, সেইটোহে ডাঙৰ কথা ৷

উল্লেখ্য যে, কংগ্ৰেছে বিগত প্ৰায় 65 বছৰে দেশৰ শাসনৰ বাঘজৰী নিজৰ হাতত ৰাখিছিল ৷ কিন্তু উক্ত শাসনক হিটলাৰৰ শাসনৰ সৈতে তুলনা কৰে সাংসদ শৰণীয়াই ৷ ক্ষমতাৰ ৰাজনীতি কাৰো পাৰ্মানেণ্ট নহয় বুলি উল্লেখ কৰি সাংসদ নৱ শৰণীয়াই কয় আজি কাৰোবাৰ ভাল দিন হৈছে, কাইলৈ বেয়াও হৈ যাব পাৰে ৷

2024 চনত যদি কেন্দ্ৰত বিজেপিয়ে চৰকাৰ গঠন কৰে, তেন্তে কংগ্ৰেছে 65 বছৰ শাসন কৰাৰ ৰেকৰ্ড বিজেপিয়ে যে ভংগ কৰিব সেইটো নিশ্চিত বুলিও মন্তব্য কৰে সাংসদ নৱ শৰণীয়াই ৷

লগতে চাওক: GMCHত হৃদ-বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰ মুকলি কৰিলে অমিত শ্বাহে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.