ETV Bharat / state

ভাৰত-বাংলা সীমান্তত সক্ৰিয় আন্তঃৰাষ্ট্ৰীয় চোৰাং চক্ৰ : গৃহমন্ত্ৰীৰ উদ্যোগত গঠন হ'ব বিশেষ টাস্ক ফ'ৰ্চ

author img

By

Published : May 10, 2022, 10:43 AM IST

amit-shahs-visit-in-indo-bangla-border-is-crucial
গৃহমন্ত্ৰীৰ উদ্যোগত গঠন হ'ব বিশেষ টাস্ক ফ'ৰ্চ

দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহে তেওঁৰ দুদিনীয়া অসম ভ্ৰমণ(Minister Amit Shah in Assam on two day tour) ৰ প্ৰথম দিনাই ভাৰত-বাংলা সীমান্তৰ মানকাচৰত থকা ব’ৰ্ডাৰ ছিকিউৰিটি ফ’ৰ্চ (BSF) ৰ শিবিৰত উপস্থিত(Amit Shah visits Indo Bangla border) হোৱা কাৰ্য লক্ষণীয় বুলি বিবেচিত হৈছে ৷ গৃহ মন্ত্ৰীৰ সীমান্তত পদাৰ্পণে সীমান্তৰ চোৰাং কাৰবাৰক লৈ কেতবোৰ নতুন আৰু কঠোৰ সিদ্ধান্ত পোহৰলৈ আনিব বুলি চৰ্চিত হৈছে ৷

গুৱাহাটী, 10 মে’ : অসমকে মুখ্য কৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য আৰু পশ্চিমবংগত থকা ভাৰত -বাংলা আন্তঃৰাষ্ট্ৰীয় সীমাৰে ক্ৰমাৎ বৃদ্ধি পোৱা বিভিন্ন পৰ্যায়ৰ চোৰাং বেহাক লৈ চিন্তিত কেন্দ্ৰীয় চৰকাৰ ৷ এই সীমান্তত লেহুকা হৈ পৰা বি এছ এফৰ তালাচী আৰু বহু সময়ত সুৰক্ষা বাহিনীৰ জোৱানৰ একাংশ নিজে চোৰাং বেহাত জড়িত হৈ থকা বুলি চলি থকা চৰ্চাই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক চিন্তিত কৰি আহিছে ৷ তাৰ মাজতে সোমবাৰে দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহে নিজেই মানকাচৰত উপস্থিত হৈ সীমান্ত পৰিদৰ্শন(Amit Shah visits Indo Bangla border) কৰা কাৰ্য লক্ষণীয় বুলি বিবেচিত হৈছে ৷

ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমাৰ মুঠ ৪,০৯৬ কিল’মিটাৰ অঞ্চলৰ উত্তৰ-পূৱৰ ৰাজ্য কেইখনে এক বিশেষ অঞ্চল সামৰি আছে ৷ ভাৰত-বাংলা সীমাৰ অসমৰ ২৬২ কিল’মিটাৰ, ত্ৰিপুৰাৰ ৮৫৬ কিল’মিটাৰ, মিজোৰামৰ ৩১৮ কিল’মিটাৰ আৰু মেঘালয়ৰ ৪৪৩ কিল’মিটাৰ অঞ্চল ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু ব্যৱসায়-বাণিজ্যৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈ আহিছে ৷ অতি লক্ষণীয়ভাৱে দুই ৰাষ্ট্ৰৰ এই সীমাৰে বিগত দীৰ্ঘকাল ধৰি কিছুসংখ্যক আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ীক চক্ৰই অতি সক্ৰিয়ভাৱে চোৰাং বেহা চলাই আহিছে ৷

আপাততঃ ভাৰত-বাংলা সীমান্তৰ এই বেহা তেনেই সাধাৰণ ঘটনালৈ পৰিণত হৈছে যদিও এই পৰিৱেশৰ লক্ষণীয় সম্প্ৰসাৰণে ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি কেন্দ্ৰীয় গৃহ বিভাগ ইতিমধ্যে পতিয়ন গৈছে ৷ তেনে প্ৰেক্ষাপটত ভাৰত-বাংলা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ দ্বি-পাক্ষিক বাণিজ্যক অধিক আনুষ্ঠানিকতা প্ৰদান কৰি চোৰাং ব্যৱসায়ীৰ অভিযানক প্ৰতিহত কৰাৰ বাবে এক বিশেষ টাস্ক ফ'ৰ্চ গঠন কৰাৰ সিদ্ধান্ত(Decision to set up special task force) লোৱা হৈছে বুলি গৃহ মন্ত্ৰালয়ৰ এক শীৰ্ষ সূত্ৰই জানিবলৈ দিছে ৷ এই ব্যৱস্থা গ্ৰহণৰ প্ৰাক মূহুৰ্তত গৃহ মন্ত্ৰী অমিত শ্বাহে নিজেই সোমবাৰে মানকাচৰ সীমান্তত উপস্থিত হ’লগৈ ৷

মন কৰিবলগীয়া যে, শেহতীয়া সময়চোৱাত ভাৰত-বাংলাদেশ সীমান্তৰ ডেজিগনেটেড ইন্টিগ্রেটেড চেকপোষ্ট হিচাপে থকা মানকাচৰ-ৰৌমাৰী পোষ্টৰ যোগেদি বৃহৎ পৰিমাণৰ চোৰাং সামগ্ৰী, ড্ৰাগছ, পশুধন, দুষ্প্ৰাপ্য বন্য প্ৰাণী আৰু আন বনজ সম্পদ পাৰ হৈ অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ বাংলাদেশৰ ৰৌমাৰীৰ সমান্তৰালকৈ থকা এই চেকপোষ্টৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ আন ডেজিগনেটেড চেকপোষ্ট ক্ৰমে কৰিমগঞ্জৰ বিয়ানীবাজাৰ সূতাৰকান্দি-ছিওলা পোষ্ট, ষ্টিমাৰ আৰু ফেৰী লেণ্ড পোষ্ট- জকিগঞ্জ, মেঘালয়ৰে বাঘমাৰা-বিজয়পুৰ, বৰছৰা-বৰছৰা পোষ্ট, পশ্চিম গাৰো হিলছ- মহেন্দ্ৰ গঞ্জ, তুৰাত নালিটাবাৰী- টামাবিল পোষ্টৰ মাজেৰে আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়িক চক্ৰসমূহে বিভিন্ন ছিণ্ডিকেটৰ যোগেদি চোৰাং সামগ্ৰীৰ সৰবৰাহ অব্যাহত ৰাখিছে বুলি সন্দেহ কৰা হৈছে ৷

অতি লক্ষণীয়ভাৱে এই অঞ্চল সমূহৰ পৰা আন্তৰ্জাতিক চোৰাং চক্ৰসমূহে বিদেশী ৰাষ্ট্ৰৰ লগত সম্পৰ্ক ৰক্ষা কৰি আহিছে ৷ যি ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ চকুত পৰিছে ৷ উল্লেখযোগ্য যে, এনে চোৰাং কাৰবাৰ পৰৱৰ্তী সময়ত ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি ভাবুকি হৈ পৰাৰ আশংকা কৰিয়ে কেন্দ্ৰীয় আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য চৰকাৰসমূহে তাক প্ৰতিহত কৰিবলৈ কেইবাটাও চৰকাৰী সংস্থাৰ প্ৰতিনিধিক একত্ৰিত কৰি এক টাস্ক ফ'ৰ্চ গঠন কৰাৰ পদক্ষেপ লৈছে বুলি জানিব পৰা গৈছে ৷

এই সংস্থাত গৃহ মন্ত্ৰালয়ৰ কেইবাটাও সংস্থাৰ সহযোগী তাৰ উপৰিও বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়, জল পৰিবহন, পথ পৰিবহন, ৰে’ল আদি বিভাগৰ প্ৰতিনিধিত্ব থাকিব ৷ সূত্ৰটোৰ মতে, সোমবাৰে সীমান্ত পৰিদৰ্শন কৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই বিশেষ টাস্ক ফ'ৰ্চৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে নে নাই, সেয়া নিশ্চিত নহয় যদিও এই সন্দৰ্ভত এক আলোচনাত তেওঁ মিলিত হ'ব ৷

লগতে চাওক: GMCHত হৃদ-বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰ মুকলি কৰিলে অমিত শ্বাহে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.