ETV Bharat / state

তেজপুৰ বিশ্ববিদ্যালয়ৰ তিলোত্তমা বৰুৱা সোৱঁৰনী বটাঁ প্ৰদান

author img

By

Published : May 9, 2022, 9:27 PM IST

তেজপুৰ বিশ্ববিদ্যালয়ত বিশেষ কাৰ্যসূচী । তিলোত্তমা বৰুৱা সোঁৱৰণী বঁটা প্ৰদান কৰা হয় তেজপুৰ বিশ্ববিদ্যালত(Tilottama Barua Memorial Award was presented at Tezpur University) । তেজপুৰ জিলা মহিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী হেমলতা বৰুৱাক প্ৰদান কৰা হয় তিলোত্তমা বৰুৱা সোঁৱৰণী বঁটা ।

tilottama-barua-memorial-award-presented-at-tezpur-university
বটাঁ প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশগ্ৰহন কৰি ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই হেমলতা বৰুৱাক তিলোত্তমা বৰুৱা বটাঁ প্ৰদান কৰে

তেজপুৰ,৯ মে': তিলোত্তমা বৰুৱাৰ ৪০সংখ্যক মৃত্যু দিনৰ লগত সংগতি ৰাখি তেজপুৰ বিশ্ববিদ্যালয়ৰ চন্দ্ৰপ্ৰভা শইকীয়া মহিলা অধ্যয়ন কেন্দ্ৰই বিশ্ববিদ্যালয়খনিৰ শৈক্ষিক প্ৰেক্ষাগৃহত আয়োজন কৰে তিলোত্তমা বৰুৱা স্মাৰক বক্তৃতা অনুষ্ঠান । এই অনুষ্ঠানতে প্ৰথমবাৰৰ বাবে তিলোত্তমা বৰুৱা সোঁৱৰণী বঁটা প্ৰদান কৰা হয়(Tilottama Barua Memorial Award was presented at Tezpur University) ।

tilottama barua memorial award presented at tezpur university
তেজপুৰ বিশ্ববিদ্যালয়ৰ তিলোত্তমা বৰুৱা সোৱঁৰনী বটাঁ প্ৰদান

বটাঁ প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশগ্ৰহন কৰি ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই হেমলতা বৰুৱাক তিলোত্তমা বৰুৱা বটাঁ প্ৰদান কৰে । আনহাতে হেমলতা বৰুৱাৰ হৈ হেমলতা বৰুৱাৰ আত্মীয় দিগন্ত বৰুৱাই বটাঁ গ্ৰহন কৰে । তিলোত্তমা বৰুৱা ট্ৰাষ্টৰ সহযোগত আগবঢ়োৱা বটাঁৰ বাবদ নগদ ধন, মানপত্ৰ, শৰাই আৰু গামোচা প্ৰদান কৰা হয় ।

tilottama barua memorial award presented at tezpur university
অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক প্ৰফুল্লপ্ৰাণ মহন্তই তিলোত্তমা বৰুৱাৰ ওপৰত আলোকপাত কৰি বক্তব্য আগবঢ়ায়

বিশ্ববিদ্যালয়খনিৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য্য অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য্যই আদৰণি ভাষন দিয়া উক্ত অনুষ্ঠানত কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন দপ্তৰৰ মন্ত্ৰী স্মৃতি জুৱিন ইৰানীয়ে ভাৰ্ছুৱেলী অংশগ্ৰহণ কৰে । চন্দ্ৰপ্ৰভা শইকীয়া মহিলা অধ্যয়ন কেন্দ্ৰৰ মুৰব্বী অধ্যাপিকা মাধুৰিমা গোস্বামীৰ বিভিন্ন প্ৰশ্নৰ উত্তৰত ভাৰত চৰকাৰে প্ৰবৰ্তন কৰি নতুন শিক্ষা নীতিত মাতৃ ভাষাৰ ওপৰত গুৰুত্ব দিয়াৰ কথা সদৰি কৰে কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন দপ্তৰৰ মন্ত্ৰী স্মৃতি জুৱিন ইৰানীয়ে ।

tilottama barua memorial award presented at tezpur university
অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক প্ৰফুল্লপ্ৰাণ মহন্তই তিলোত্তমা বৰুৱাৰ ওপৰত আলোকপাত কৰি বক্তব্য আগবঢ়ায়

অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক প্ৰফুল্লপ্ৰাণ মহন্তই তিলোত্তমা বৰুৱাৰ ওপৰত আলোকপাত কৰি বক্তব্য আগবঢ়ায় । অনুষ্ঠানত তিলোত্তমা বৰুৱাৰ জীৱন সম্বলিত কিতাপ আৰু এক স্মৰনিকা সাংসদ তাছাই উন্মোচন কৰে ।

লগতে পঢ়ক: Amit Shah in Assam: গুৱাহাটীত 144 ধাৰা জাৰি

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.