ETV Bharat / state

3 বজাৰ দহটা শীৰ্ষ খবৰ

author img

By

Published : Aug 31, 2021, 3:04 PM IST

news@3
3 বজাৰ দহটা শীৰ্ষ খবৰ

3 বজাৰ দহটা শীৰ্ষ খবৰ

1. বাঢ়নী পানীয়ে প্ৰাণ কাঢ়িলে তিনিটাকৈ বন ঘৰচীয়া ঘোঁৰাৰ

ভদীয়া বানে কালৰূপ ধাৰণ কৰিছে উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত । বানত এতিয়া জনসাধাৰণেই নহয় সংকটত পৰিছে জীৱকূলো । ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত সংহাৰী ৰূপ ধাৰণ কৰিছে ভদীয়া বানে ।

2. অসম-মেঘালয় সীমান্তত দুৰ্বৃত্তৰ গুলীত নিহত যুৱক

গোৱালপাৰাত শেহতীয়াকৈ আৰক্ষীৰ দুটাকৈ এনকাউণ্টাৰৰ পাছত পুনৰ চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা । ৰবৰ বাগানত কাম কৰি থকা অৱস্থাতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে এজন যুৱকক । আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

3. ক'ভিড 19 : দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

ভাৰতত ক’ভিড পৰিস্থিতি কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছে যদিও ক'ভিড মহামাৰীৰ ভয়াৱহতা এতিয়াও শেষ হোৱা নাই ।

4. বাৰ্থ ডে' পাৰ্টি কৰি ৰঙাঘৰৰ আলহী হ’ল যুৱক

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে অভিযান ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ব্যক্তিগত তথা ৰাজহুৱা পাৰ্টিতো ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

5. মেঘালয়ৰ আগ্ৰাসন : সীমান্তত নিৰ্মাণ কৰিলে পথ

মেঘালয়ক লাগে অসমৰ প্ৰাকৃতিক সম্পদ, সুন্দৰ স্থান । টাৰ্গেট চিৰসেউজ লাম্পী, সুশোভিত জলপ্ৰপাত হঁহুৱা ৷ বকোৰ মনোমোহা জলপ্ৰপাত হঁহুৱালৈ যোৱা পথৰ কাম কৰিছে গোপনে । যেন নামানে কোনো সাংবিধানিক সীমা ।

6. কাজিৰঙাৰ মাজেৰে গধুৰ যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি

বান(Flood) পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ(Kaziranga National Park)ৰ মাজেৰে গধুৰ যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি কলিয়াবৰ আৰক্ষী মহকুমা প্ৰশাসনৰ ৷ কেৱল গধুৰ যান-বাহনকহে পাৰ হ’বলৈ অনুমতি দিছে প্ৰশাসনে ৷ আৰক্ষী-প্ৰশাসনৰ এই নিৰ্দেশক অমান্য একাংশ চালকৰ ৷

7. সাংবাদিকতাৰ সংস্কাৰ সাধন কৰিবলৈ মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা !

বৰ্তমান সময়ত বহু প্ৰতাৰকে নিজকে সাংবাদিক বুলি পৰিচয় দি নিজৰ বিলাসী বাহনৰ সন্মুখত প্ৰেছ ষ্টিকাৰ লগাই ঘূৰি ফুৰা দেখিবলৈ পোৱা যায় ৷ ৰাজনীতিবিদ, ভূ-মাফিয়া, চোৰাং ব্যৱসায়ী আৰু আনকি হত্যাকাৰীসকলেও এই সাংবাদিকসকলৰ সৈতে হাত মিলাই থকা দেখা যায় ৷

8. মিত্ৰতা ভংগৰ পৰিণতি : জনীয়াত দুই শতাধিক কংগ্ৰেছ কৰ্মীৰ AIUDF ত যোগদান

সোমবাৰে জনীয়া সমষ্টিত পঞ্চায়ত প্ৰতিনিধিসহ প্ৰায় দুই শতাধিক কংগ্ৰেছ(Congress) কৰ্মীৰ এআইইউডিএফ(AIUDF) ত যোগদান ৷ কংগ্ৰেছ-এআইইউডিএফৰ মাজৰ মহাজোঁট বন্ধনৰ অন্ত পৰাৰ লগে লগে সমষ্টিটোৰ অধিকাংশ কংগ্ৰেছ(Congress) কৰ্মীয়ে এআইইউডিএফত যোগদান কৰে ৷

9. ‘আজাদী কা অমৃত মহোৎসৱ’ত অংশ লোৱা চাইকেল সমদলকাৰীক সম্বৰ্ধনা

মঙলবাৰে কোকৰাঝাৰত আদৰণি জনোৱা হয় ‘আজাদী কা অমৃত মহোৎসৱ’ত(Azadi Ka Amrit Mahotsav) অংশগ্ৰহণ কৰা চাইকেল সমদলকাৰী দলটোক ৷ ৰাণীঘুলিস্থিত 6 নং সশস্ত্ৰ সীমা বলৰ তৰফৰ পৰা এই আদৰণি জনোৱা হয় দলটোক ৷

10. শপতগ্ৰহণ কৰিলে উচ্চতম ন্যায়ালয়ৰ 9 গৰাকী নতুন ন্যায়াধীশে

উচ্চতম ন্যায়ালয়ৰ ইতিহাসত এইবেলি পোন প্ৰথমবাৰৰ বাবে 9 গৰাকীকৈ ন্যায়াধীশে এবাৰতে শপত গ্ৰহণ কৰে ৷ শপতগ্ৰহণ অনুষ্ঠানটি মুখ্য ন্যায়াধীশৰ আদালত কক্ষত সম্পন্ন কৰা হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.