ETV Bharat / state

সাংবাদিকতাৰ সংস্কাৰ সাধন কৰিবলৈ মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা !

author img

By

Published : Aug 31, 2021, 12:39 PM IST

Updated : Aug 31, 2021, 2:23 PM IST

বৰ্তমান সময়ত বহু প্ৰতাৰকে নিজকে সাংবাদিক বুলি পৰিচয় দি নিজৰ বিলাসী বাহনৰ সন্মুখত প্ৰেছ ষ্টিকাৰ লগাই ঘূৰি ফুৰা দেখিবলৈ পোৱা যায় ৷ ৰাজনীতিবিদ, ভূ-মাফিয়া, চোৰাং ব্যৱসায়ী আৰু আনকি হত্যাকাৰীসকলেও এই সাংবাদিকসকলৰ সৈতে হাত মিলাই থকা দেখা যায় ৷ সংবাদ ক্ষেত্ৰৰ পৰা এই কালিমা দূৰ কৰি ক্ষেত্ৰখনক শুদ্ধ আৰু নিকা কৰি ৰখাৰ বাবে মাদ্ৰাছ উচ্চ ন্যায়ালয় তামিলনাডু চৰকাৰক এখন প্ৰেছ কাউঞ্চিল গঠন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷

JFA welcomes Madras High Court's directive on fake news/journalists
ভুৱা সাংবাদিকতাক লৈ মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক আদৰণি সাংবাদিক মঞ্চ অসমৰ

গুৱাহাটী, 31 আগষ্ট : শেহতীয়াকৈ মাদ্ৰাছ উচ্চ ন্যায়ালয়ে (Madras High Court) তামিলনাডু চৰকাৰক এখন প্ৰেছ কাউঞ্চিল (press council) গঠন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ এই কাউঞ্চিলে ভুৱা বাতৰি আৰু ভুৱা সাংবাদিকতাৰ নামত দিয়া ভাবুকিক আইনীভাৱে সমাধান কৰাত সহায় কৰিব ৷

ইয়াৰ উপৰিও পৰিচিত সাংবাদিকসকলক যিকোনো অসাংবাদিক কাৰ্যকলাপ যেনে চৰকাৰী বিভাগৰ ঠিকাদৰ আদিৰ দৰে কাম কৰাৰ পৰা বিৰত ৰখাৰ ক্ষেত্ৰতো এই প্ৰস্তাৱিত প্ৰেছ কাউঞ্চিলক দৃষ্টি ৰাখিবলৈ পৰামৰ্শ দিছে মাদ্ৰাছ উচ্চ ন্যায়ালয়ে ৷ উল্লেখ্য যে, তামিলনাডু উচ্চ ন্যায়ালয়ে চেন্নাই চৰকাৰক তিনিমাহৰ ভিতৰত ‘তামিলনাডু প্ৰেছ কাউঞ্চিল’ (Tamil Nadu Press Council) গঠনৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে ৷

মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশনাক প্ৰশংসা কৰিছে Journalists' Forum Assam এ ৷ এই নিৰ্দেশনাত এই কথাও যোগ কৰা হৈছে যে, অৰ্ধ-ন্যায়িক পৰিষদৰ (QUASI JUDICIAL) গঠন উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা হ'ব লাগে। কোৰ্টে কয় যে, বৰ্তমান সময়ত বহু প্ৰতাৰকে নিজকে সাংবাদিক বুলি পৰিচয় দি নিজৰ বিলাসী বাহনৰ সন্মুখত প্ৰেছ ষ্টিকাৰ লগাই ঘূৰি ফুৰা দেখিবলৈ পোৱা যায় ৷

লগতে পঢ়ক : জনা-নজনা : বিমানৰ বাহিৰত সঁচাকৈ ওলমি যাব পাৰি নে ?

সময়ে সময়ে এনে বহু প্ৰৱঞ্চকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰো বহু তথ্য পোৱা গৈছে ৷ ৰাজনীতিবিদ, ভূ-মাফিয়া, চোৰাং ব্যৱসায়ী আৰু আনকি হত্যাকাৰীসকলেও এই সাংবাদিকসকলৰ সৈতে হাত মিলাই থকা দেখা গৈছে ৷ ৰাজ্যিক তথ্য আৰু জনসম্পৰ্ক সঞ্চালকায় এই বিষয়ে অৱগত যদিও এই ভুৱা সাংবাদিক সকলৰ পৰা কোনোধৰণৰ সমস্যা সৃষ্টি নহওক বুলি ভাবিয়েই বিভাগটোৱেও চকু মুদা কুলিৰ ভাও জুৰি আহিছে ৷

ইয়াক অতিশীঘ্ৰে বন্ধ কৰা প্ৰয়োজন যাতে সাংবাদিকতাত মলিনতাৰ সৃষ্টি নহৈ ই সদায় শুদ্ধ আৰু নিকা হৈ থাকে ৷ ওপৰোক্ত স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, জনসাধাৰণৰ স্বাৰ্থত সংবাদ মাধ্যমক পৰিষ্কাৰ কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিব লাগিব বুলিও আদালতৰ পৰ্যৱেক্ষণত যোগ দিয়া হৈছে ।

এই ক্ষেত্ৰত ন্যায়ালয়ে চৰকাৰক যিকোনো আবেদনকাৰী সাংবাদিককে পোনপটীয়াকৈ কোনো ঘৰ বা অনুদান আৱণ্টন কৰিবলৈ মানা কৰিছে; যেতিয়ালৈকে এই আবেদনে গঠন হ’বলগীয়া প্ৰেছ কাউঞ্চিলৰ অনুমোদন লাভ নকৰে ৷ কাউঞ্চিলে কঠোৰ পৰিশ্ৰম আৰু অনুসন্ধানৰ অন্তত এই অনুমোদন প্ৰদান কৰিব ৷ ইয়াৰ উপৰিও কাউঞ্চিলৰ অনুমতি অবিহনে সাংবাদিক সংগঠনে ৰাজ্যিক সন্মিলন বা সভা অনুষ্ঠিত কৰিব নোৱাৰিব ৷

অনুমোদন প্ৰদানৰ পূৰ্বে কাউঞ্চিলে সংগঠনসমূহৰ উপাৰ্জনৰ উৎস আৰু অন্যান্য প্ৰাসংগিত বিৱৰণ গ্ৰহণ কৰিব ৷ ইয়াৰ উপৰিও কোনো সংবাদ গোষ্ঠীয়ে তেওঁলোকৰ কৰ্মচাৰীৰ সংখ্য, দৰমাহৰ ৰচিদ, TDSৰ বিৱৰণ, চৰকাৰক প্ৰদান কৰা কৰৰ প্ৰমাণৰ লগতে বাতৰিকাকতৰ কপি অথবা দৰ্শকৰ সংখ্যাৰ তথ্যও দাঙি ধৰিব লাগিব ৷

লগতে পঢ়ক : স্বামী-স্ত্ৰীৰ মাজত বলপূৰ্বকভাৱে হোৱা যৌন সম্পৰ্ক ধৰ্ষণ নহয়: ছট্টিশগড় উচ্চ ন্যায়ালয়

এইসমূহ তথ্য দিয়াৰ আগতে চৰকাৰক কোনধৰণৰ প্ৰেছ ষ্টিকাৰ, পৰিচয় পত্ৰৰ লগতে অন্যান্য সুবিধাসমূহ প্ৰদান কৰাৰ ক্ষেত্ৰত সংস্কাৰ সাধন কৰিবলৈয়ো নিৰ্দেশ দিয়ে ন্যায়ালয়ে ৷

ভুৱা বাতৰি বা অনুপ্ৰেৰিত আৰু কাৰ্যসূচী-আধাৰিত বাতৰিৰ দ্বাৰা ক্ষুব্ধ সাধাৰণ লোকে ভুৱা সাংবাদিকৰ ওপৰত তেওঁলোকৰ অভিযোগ কল্যাণ পৰিষদলৈ প্ৰেৰণ কৰিব পাৰে, যি এনে ভুৱা সাংবাদিক সকলৰ বিৰুদ্ধে অনুসন্ধান কৰিব আৰু অপৰাধমূলক ব্যৱস্থা গ্ৰহণ কৰিব । কাউঞ্চিলৰ ওচৰত পুনৰ যোগদান বা ক্ষমা বিচৰা বাতৰিৰ বাহকক আদেশ দিয়াৰো ক্ষমতা থাকিব ।

"আমি অসমত সংবাদ মাধ্যমৰ অসৎ আচৰণৰ বহুতো ঘটনা দেখিছো, য'ত তেওঁলোকৰ কিছুমানক আদালতলৈ টানি নিয়া হৈছে । আনকি কিছুমান দালালী সাংবাদিকৰ বিৰুদ্ধেও ৰাজহুৱা প্ৰতিবাদৰ সূত্ৰপাত হৈছে ৷ সাংবাদিক মঞ্চ অসমৰ সভাপতি ৰূপম বৰুৱা আৰু সম্পাদক নৱ ঠাকুৰিয়াই কয়, "সাংবাদিকৰ ভাও লোৱা সকলে কেৱল দীৰ্ঘম্যাদী সময়ত প্ৰকৃত সংবাদমাধ্যমৰ লোকসকলৰ ক্ষতি কৰে আৰু সেয়েহে অসম চৰকাৰে অতি সোনকালে এটা মিডিয়া পৰিষদ আৰম্ভ কৰাৰ কথা চিন্তা কৰা উচিত ।"

লগতে পঢ়ক : উচ্চতম ন্যায়ালয়ৰ ৯ গৰাকী নতুন ন্যায়াধীশৰ আজি শপতগ্ৰহণ

Last Updated :Aug 31, 2021, 2:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.