স্বামী-স্ত্ৰীৰ মাজত বলপূৰ্বকভাৱে হোৱা যৌন সম্পৰ্ক ধৰ্ষণ নহয়: ছট্টিশগড় উচ্চ ন্যায়ালয়

author img

By

Published : Aug 27, 2021, 10:07 AM IST

Chhattisgarh HC said Sexual intercourse between man and wife is not rape even if by force

'পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে অথবা বলপূৰ্বকভাৱে স্বামীয়ে পত্নীৰ সৈতে যৌন সম্পৰ্ক কৰিলেও সেয়া ধৰ্ষণ নহয়' । বৃহস্পতিবাৰে এই ৰায়দান কৰিলে ছট্টিশগড় উচ্চ ন্যায়ালয়ে(Chhattisgarh high court) । ন্যায়াধীশ এন কে চন্দ্ৰবংশীৰ বিচাৰপীঠে এই ৰায়দান কৰে ।

নেশ্যনেল ডেস্ক, ২৭ আগষ্ট: বিগত দিন কেইটাত 'ধৰ্ষণ'ক লৈ দেশৰ কেইবাখনো ৰাজ্যৰ ন্য়ায়ালয়ে দিয়া ৰায়ক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ দেশতে । বম্বে উচ্চ ন্যায়ালয়ৰ 'Skin to skin contact'ৰ বিতৰ্কৰ অন্ত নৌহওতেই এইবাৰ ছট্টিশগড় উচ্চ ন্যায়ালয়ে 'ধৰ্ষণ' সন্দৰ্ভত আগবঢ়ালে আন এক ব্যাখ্যা ।

বিবাহৰ পিছত ধৰ্ষণৰ অভিযোগত অভিযুক্ত এজন লোকক নিৰ্দোষী সাব্যস্ত কৰি বৃহস্পতিবাৰে ন্য়ায়ালয়ে ৰায় দিয়ে যে, ‘আইনী প্ৰক্ৰিয়াৰ মাজেৰে বিবাহপাশত আৱদ্ধ হোৱা পতি-পত্নীৰ মাজত বলপূৰ্বকভাৱে যৌন সম্পৰ্ক হ'লেও তাক ধৰ্ষণ নহয় বুলি ক'ব নোৱাৰি । যদি পত্নীৰ বয়স ১৮ বছৰতকৈ অধিক হয়, তেন্তে পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে স্বামীয়ে যৌন সম্পৰ্ক কৰিব কৰিলেও সেয়া ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি ।’

ন্যায়াধীশ এন কে চন্দ্ৰবংশীৰ একক বিচাৰপীঠে এই ৰায় দিয়ে । দৰাচলতে, এগৰাকী মহিলাই যৌতুকৰ বাবে নিৰ্যাতন চলোৱা অভিযোগ তুলি তেওঁৰ স্বামী আৰু শহুৰেকৰ বিৰুদ্ধে ছট্টিশগড়ৰ বেমেটাৰা জিলাৰ বেমেটাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ।

ভাৰতীয় দণ্ডবিধিৰ ৪৯৮(A), ৩৩৭, ৩৭৬, ৩৪ নং ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল । মহিলাগৰাকীয়ে স্বামীৰ বিৰুদ্ধে মহিলাৰ প্ৰতি নিষ্ঠুৰতা প্ৰদৰ্শন কৰাৰ অভিযোগ উত্থাপন কৰিছে । ইয়াৰ পাছতে স্বামীয়ে এই অভিযোগক প্ৰত্যাহ্বান জনাই ছট্টিশগড় উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় ।

ন্যায়াধীশ এন কে চন্দ্ৰবংশীৰ বিচাৰপীঠে বৃহস্পতিবাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰে । ছট্টিশগড় উচ্চ ন্যায়ালয়ৰ অধিবক্তা ৱাই চি শৰ্মাই কয় যে, ভাৰতীয় দণ্ডবিধিৰ ৩৭৫ নং ধাৰা অনুসৰি, এজন স্বামীয়ে তেওঁৰ পত্নীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাতো ধৰ্ষণ নহয় ।

অৱশ্যে পত্নী কিশোৰী হ'ব নোৱাৰিব । ভাৰতত বৈবাহিক ধৰ্ষণ বুলি কোনো অপৰাধক গণ্য কৰা নহয় বুলিও অধিবক্তা শৰ্মাই মন্তব্য কৰে । ন্য়ায়ালয়ৰ ৰায়ক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কিয়নো, বিবাহৰ পিছতো বহু মহিলাই স্বামীৰ বিৰুদ্ধে বলপূৰ্বক ধৰ্ষণৰ অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক:মহাপুৰুষ শ্ৰী শ্ৰী মাধাৱদেৱৰ 425 সংখ্যক তিৰোভাৱ তিথি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.