‘আজাদী কা অমৃত মহোৎসৱ’ত অংশ লোৱা চাইকেল সমদলকাৰীক সম্বৰ্ধনা

author img

By

Published : Aug 31, 2021, 2:21 PM IST

cyclists are felicitated by ssb

মঙলবাৰে কোকৰাঝাৰত আদৰণি জনোৱা হয় ‘আজাদী কা অমৃত মহোৎসৱ’ত(Azadi Ka Amrit Mahotsav) অংশগ্ৰহণ কৰা চাইকেল সমদলকাৰী দলটোক ৷ ৰাণীঘুলিস্থিত 6 নং সশস্ত্ৰ সীমা বলৰ তৰফৰ পৰা এই আদৰণি জনোৱা হয় দলটোক ৷

কোকৰাঝাৰ, 31 আগষ্ট : ভাৰতবৰ্ষ স্বাধীন হোৱাৰ 75 বছৰ উপলক্ষে অসমত থকা সশস্ত্ৰ সীমা বলে(SSB) আয়োজন কৰা ‘আজাদী কা অমৃত মহোৎসৱ’ৰ(Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি আৰম্ভ কৰা চাইকেল সমদলকাৰী দলটো মঙলবাৰে কোকৰাঝাৰত উপস্থিত হয় ৷ তেজপুৰ আৰু গুৱাহাটীৰ পৰা আৰম্ভ হৈছিল এই চাইকেল ৰেলী ৷

cyclists are felicitated by ssb
চাইকেল সমদলকাৰী দলক সম্বৰ্ধনা

পুৱাৰ ভাগত কোকৰাঝাৰৰ কাৰিগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত হোৱা দলটোক আদৰণি জনোৱা হয় ৷ কোকৰাঝাৰৰ ৰাণীঘুলিস্থিত 6 নং সশস্ত্ৰ সীমা বলৰ তৰফৰ পৰা এই আদৰণি জনোৱা হয় দলটোক ৷ লগতে চাইকেল সমদলত অংশগ্ৰহণ কৰা 36 গৰাকী জোৱানক ফুলৰ থোপাৰে সম্বৰ্ধনা জনোৱা হয় ৷

cyclists are felicitated by ssb
চাইকেল সমদলকাৰী দলক সম্বৰ্ধনা

ইয়াৰ পাচতে তেওঁলোকক লঘু আহাৰ পৰিৱেশন কৰি বিদায় জনোৱা হয় ৷ এছ এছ বিৰ অমৃত মহোৎসৱত অংশগ্ৰহণকাৰীসকলক কোকৰাঝাৰ আৰক্ষীয়েও শুভেচ্ছা আৰু সম্বৰ্ধনা জনায় ৷ 2000 কিল’মিটাৰলৈকে যাত্ৰা কৰিবলগীয়া চাইকেল সমদলকাৰীৰ দলটোৰ যাত্ৰা 2 অক্টোবৰত দিল্লীৰ ৰাজঘাটত অন্ত পৰিব ৷

cyclists are felicitated by ssb
চাইকেল সমদলকাৰী দলক সম্বৰ্ধনা

মঙলবাৰৰ এই যাত্ৰাত সংগ দিয়ে জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুবে আৰু আৰু কোকৰাঝাৰৰ 6 নং এছ এছ বিৰ অধিনায়ক ভি কে তালৱাৰে ৷ উল্লেখ্য যে, বিগত 25 আগষ্টত তেজপুৰৰ পৰা আৰু 28 আগষ্টত গুৱাহাটীৰ পৰা এই যাত্ৰা আৰম্ভ কৰা হৈছিল ৷

লগতে পঢ়ক: মেঘালয়ৰ আগ্ৰাসন : সীমান্তত নিৰ্মাণ কৰিলে পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.