অসম-মেঘালয় সীমান্তত দুৰ্বৃত্তৰ গুলীত নিহত যুৱক

author img

By

Published : Aug 31, 2021, 2:40 PM IST

Updated : Aug 31, 2021, 3:07 PM IST

goalpara firing

গোৱালপাৰাত শেহতীয়াকৈ আৰক্ষীৰ দুটাকৈ এনকাউণ্টাৰৰ পাছত পুনৰ চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা । ৰবৰ বাগানত কাম কৰি থকা অৱস্থাতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে এজন যুৱকক । আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

গোৱালপাৰা, ৩১ আগষ্ট : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তত পুনৰ উত্তেজনা । দুৰ্বৃত্তৰ গুলীচালনাত নিহত এগৰাকী যুৱক । দুৰ্বৃত্তৰ গুলীত নিহত হয় তাপস ৰাভা নামৰ স্থানীয় যুৱকজন ।

অসম-মেঘালয় সীমান্তত দুৰ্বৃত্তৰ গুলীত নিহত যুৱক

গোৱালপাৰা আৰক্ষীৰ দুটাকৈ এনকাউন্টাৰৰ ঘটনাই ৰহস্যৰ সৃষ্টি কৰাৰ মাজতে পুনৰ জিলাখনত গুলীচালনাৰ ঘটনা সংঘটিত হোৱাত শংকিত হৈ পৰিছে ৰাইজ । আন দিনাৰ দৰে পুৱিত নিশা প্ৰায় ৩ মান বজাতে তাপস ৰাভা নামৰ যুৱকজনে নিজৰ ৰবৰ বাগানত ৰবৰ কাটিবলৈ ওলাই গৈছিল । নিজৰ ৰবৰ বাগানত ৰবৰ কাটি থকা অৱস্থাতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে তাপস ৰাভাক ।

গুলীবিদ্ধ অৱস্থাত তাপস ৰাভাক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যোৱা অৱস্থাত কামৰূপ জিলাৰ বকোত শেষ নিশ্বাস ত্যাগ কৰে তাপসে ।

তাপস ৰাভাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰা হৈছে । কিন্তু তাপসক কোনে গুলীয়ালে ? ৰহস্যৰ আৱৰ্তত আছে সমগ্ৰ ঘটনাটো । ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : চামগুৰিত আৰক্ষীৰ জালত দুই দুৰ্ধৰ্ষ ডকাইত

Last Updated :Aug 31, 2021, 3:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.