ETV Bharat / bharat

শপতগ্ৰহণ কৰিলে উচ্চতম ন্যায়ালয়ৰ 9 গৰাকী নতুন ন্যায়াধীশে

author img

By

Published : Aug 31, 2021, 12:20 PM IST

উচ্চতম ন্যায়ালয়ৰ ইতিহাসত এইবেলি পোন প্ৰথমবাৰৰ বাবে 9 গৰাকীকৈ ন্যায়াধীশে এবাৰতে শপত গ্ৰহণ কৰে ৷ শপতগ্ৰহণ অনুষ্ঠানটি মুখ্য ন্যায়াধীশৰ আদালত কক্ষত সম্পন্ন কৰা হয় ৷

New Supreme court judges take oath of office
শপতগ্ৰহণ কৰিলে উচ্চতম ন্যায়ালয়ৰ 9 গৰাকী নতুন ন্যায়াধীশে

নেশ্যনেল ডেস্ক, 31 আগষ্ট : উচ্চতম ন্যায়ালয়ৰ 9 গৰাকীকৈ ন্যায়াধীশক শপত বাক্য পাঠ কৰালে মুখ্য ন্যায়াধীশ এন ভি ৰমনাই ৷ এই ন্যায়াধীশসকলৰ ভিতৰত তিনিগৰাকী মহিলা ন্যায়াধীশো আছে ৷ উচ্চতম ন্যায়ালয়ৰ ইতিহাসত এইবেলি পোনপ্ৰথমবাৰৰ বাবে 9 গৰাকীকৈ ন্যায়াধীশে এবাৰতে শপত গ্ৰহণ কৰে ৷

পৰম্পৰা অনুসৰি, নতুন ন্যায়াধীশসকলৰ শপত গ্ৰহণ কাৰ্যসূচী মুখ্য ন্যায়াধীশৰ আদালত কক্ষত সম্পন্ন কৰা হয় ৷ কিন্তু এইবেলি ক’ভিড প্ৰট’কলৰ বাবে এই অনুষ্ঠানটো উচ্চতম ন্যায়ালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় ৷ এই নতুন ন্যায়াধীশকেইজনে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত উচ্চতম ন্যায়ালয়ৰ মুঠ ন্যায়াধীশৰ সংখ্যা ৩৩ গৰাকীলৈ বৃদ্ধি হ'ব ।

শপতগ্ৰহণ কৰিলে উচ্চতম ন্যায়ালয়ৰ 9 গৰাকী নতুন ন্যায়াধীশে

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰা ন্যায়াধীশ কেইগৰাকী হ’ল- কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ অভয় শ্ৰীনিবাস ওকা(Abhay Shreeniwas Oka), গুজৰাট উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ বিক্ৰম নাথ(Vikram Nath), ছিকিম উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ জীতেন্দ্ৰ কুমাৰ মহেশ্বৰী(Jitendra Kumar Maheshwari), তেলেংগানা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হিমা কোহলী(Hima Kohli) আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি ভি নাগাৰাথনা(B V Nagarathna), কেৰালা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ চি টি ৰবিকুমাৰ(C T Ravikumar), মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এম এম সুন্দ্ৰেশ(M M Sundresh), গুজৰাট উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বেলা এম ত্ৰিবেদী(Bela M Trivedi) আৰু জ্যেষ্ঠ অধিবক্তা তথা প্ৰাক্তন অতিৰিক্ত ছলিচিটৰ জেনেৰেল পি এছ নৰসিংহ(P S Narasimha) ৷

ইয়াৰ ভিতৰত ন্যায়াধীশ বি ভি নাগাৰাথনাই ২০২৭ চনৰ ছেপ্তেম্বৰ মাহত উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : উচ্চতম ন্যায়ালয়ৰ ৯ গৰাকী নতুন ন্যায়াধীশৰ আজি শপতগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.