কাজিৰঙাৰ মাজেৰে গধুৰ যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি

author img

By

Published : Aug 31, 2021, 1:58 PM IST

road-closed-via-kaziranga-national-park
যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি ()

বান(Flood) পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ(Kaziranga National Park)ৰ মাজেৰে গধুৰ যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি কলিয়াবৰ আৰক্ষী মহকুমা প্ৰশাসনৰ ৷ কেৱল গধুৰ যান-বাহনকহে পাৰ হ’বলৈ অনুমতি দিছে প্ৰশাসনে ৷ আৰক্ষী-প্ৰশাসনৰ এই নিৰ্দেশক অমান্য একাংশ চালকৰ ৷

কলিয়াবৰ, 31 আগষ্ট : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ(Kaziranga National Park)ৰ মাজেৰে গধুৰ যান-বাহনৰ অহা-যোৱা কৰাত আৰক্ষী-প্ৰশাসনৰ প্ৰতিবন্ধকতা । বান(Flood) পৰিস্থিতিৰ জটিলতা আৰু জীৱকূলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা প্ৰদান কৰিছে কলিয়াবৰ আৰক্ষী মহকুমা প্ৰশাসনে ।

road-closed-via-kaziranga-national-park
যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি

কেৱল যোৰহাট, শিৱসাগৰৰ পৰা অহা-যোৱা কৰা গধুৰ যান-বাহনকহে পাৰ হ’বলৈ অনুমতি প্ৰদান কৰা হৈছে । ডিব্ৰুগড়, তিনিচুকীয়া জিলালৈ যোৱা যান-বাহন উত্তৰ পাৰেদি বগীবিল দলঙৰে যোৱাৰ অনুমতি দিছে প্ৰশাসনে । কলিয়াভোমোৰা দলং পাৰ হৈ অহা দূৰণিবটীয়া গধুৰ যান-বাহনক পুনৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ উভতাই পঠিয়াছে আৰক্ষীয়ে ।

যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি

লগতে পঢ়ক: বানৰ কবলত কাজিৰঙাৰ ৮০ টা বন শিবিৰ

এই নিষেধাজ্ঞা জাৰি কৰাৰ পাচতে ব্যাপক সমস্যাৰ সৃষ্টি হৈছে যান-বাহনৰ চলাচলত । নামনিৰ পৰা উজনিমুৱা গধুৰ বাহনসমূহ কলিয়াভোমোৰা সেঁতু হৈ উত্তৰ পাৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে উজনিলৈ পঠিওৱাৰ ক্ষেত্ৰত তৎপৰ হৈছে কলিয়াবৰৰ আৰক্ষী-প্ৰশাসন ৷

road-closed-via-kaziranga-national-park
যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি

37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে উজনিমুৱা গধুৰ বাহনসমূহ কলিয়াবৰ তিনিআলিৰ পৰা কলিয়াভোমোৰা সেঁতুৰ দিশে যাত্ৰা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ ইয়াৰ সমান্তৰালকৈ আৰম্ভ হৈছে বাহনৰ চালকৰ অতপালি । আৰক্ষীৰ নিৰ্দেশক অমান্য কৰি আৰক্ষীৰ বেৰিকেড ভাঙি পলাবলৈ চেষ্টা চলাইছে একাংশ চালকে ।

চৰকাৰে হঠাতে লোৱা সিদ্ধান্ত মানি লোৱা নাই একাংশ ট্ৰাক চালকে ৷ সোমবাৰে নিশাৰে পৰা জাৰি এই নিৰ্দেশনা কাজিৰঙাৰ বান পৰিস্থিতি শাম নকটালৈকে বাহাল থাকিব বুলি প্ৰশাসনে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: কাজিৰঙাত বান: Time card ব্যৱস্থাৰে জীৱ-জন্তুৰ মৃত্যু নিয়ন্ত্ৰণৰ লক্ষ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.